পি এম ইণ্ডিয়া

প্ৰধানমন্ত্ৰীৰ বিষয়ে জানক

know_the_pm

২০১৪ৰ ২৬ মে’ত নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ লগে লগে তেওঁ স্বাধীন ভাৰতত জন্মগ্ৰহণ কৰা প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হয়। গতিশীল, উচৰ্গিত আৰু দৃঢ়প্ৰতিজ্ঞ মনৰ অধিকাৰী নৰেন্দ্ৰ মোদীয়ে কোটি কোটি ভাৰতীয়ৰ মাজত আশাৰ ৰেঙণি কঢ়িয়াই আনিছে।

২০১৪ চনৰ মে’ মাহত কাৰ্যভাৰ গ্ৰহণ কৰিয়েই মোদীয়ে সর্বভাৰতীয় আৰু সামগ্ৰিক উন্নয়নৰ যাত্রা আৰম্ভ কৰিছিল, য’ত প্রতিজন ভাৰতীয়ই তেওঁলোকৰ প্রত্যাশা আৰু আকাংক্ষাক উপলদ্ধি কৰিব পাৰিছে। তেওঁ ‘অন্ত্যোদয়া’ নীতিৰ প্ৰতি গভীৰভাৱে অনুপ্ৰাণিত আৰু সমাজৰ নিম্ন ব্যক্তিজনক সেৱা আগবঢ়াব বিচাৰে।

উদ্ভাৱনী ধাৰণা আৰু প্ৰচেষ্টাৰ জৰিয়তে চৰকাৰে নিশ্চিত কৰিছে যে প্ৰগতিৰ চক্ৰ দ্ৰুতগতিত অগ্ৰসৰ হৈছে আৰু উন্নয়নৰ ফল দেশৰ নাগৰিকসকলে ভোগ কৰিছে। প্ৰশাসন ব্যৱস্থা মুক্ত, সহজ আৰু স্বচ্চ হৈ পৰিছে।

Iপ্রথমবাৰলৈ প্ৰধানমন্ত্ৰী ধন জন যোজনাৰ জৰিয়তে দেশৰ আর্থিক ব্যৱস্থাত প্রতিজন নাগৰিকক জড়িত কৰাত এক দৃষ্টান্তমুলক পদক্ষেপ হিচাপে চিহ্নিত হৈছে। তেওঁৰ ‘মেক ইন ইণ্ডিয়া’ৰ আহ্বানে ব্যৱসায় সহজ কৰি তোলাত গুৰুত্ব লাভ কৰাৰ লগতে বিনিয়োগকাৰী আৰু উদ্যোক্তাসকলৰ মাজত ব্যাপক সমাদৰ লাভ কৰে। ‘শ্ৰমেৱ জয়তে’ প্ৰচেষ্টাৰ অধীনত শ্ৰমৰ সংস্কাৰ আৰু শ্রমিকৰ মর্যাদাৰ জৰিয়তে ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ শ্ৰমিকসকলক সবল কৰাৰ লগতে আমাৰ যুৱকসকলৰ দক্ষতা বিকাশত উৎসাহ যোগাইছে।

প্ৰথমবাৰলৈ ভাৰত চৰকাৰে ভাৰতীয় লোকসকলৰ বাবে তিনিখন সামাজিক নিৰাপত্তা আঁচনি শুভাৰম্ভ কৰাৰ লগতে জ্যেষ্ঠসকলক পেন্সন প্ৰদান আৰু দুখীয়া লোকসকলক বীমা সুবিধাৰে সামৰি লোৱা হৈছে। ২০১৫ চনৰ জুলাইত প্ৰধানমন্ত্ৰীয়ে ডিডিটেল ভাৰত গঢ় দিয়াৰ লক্ষ্যৰে ডিডিটেল ইণ্ডিয়া মিচনৰ শুভাৰম্ভ কৰে, য’ত জনসাধাৰণৰ জীৱনৰ গুণগত মানৰ পৰিৱৰ্তনত প্ৰযুক্তিয়ে মুখ্য ভূমিকা পালন কৰে।

l2014100257537

২০১৪ চনৰ ২ অক্টোবৰত মহাত্মা গান্ধীৰ জন্ম বাৰ্ষিকী উপলক্ষে প্ৰধানমন্ত্ৰীয়ে “স্বচ্চ ভাৰত অভিযান” শীৰ্ষক স্বচ্চতাৰ এক দেশজোৰা গন আন্দোলনৰ শুভাৰম্ভ কৰে। এই আন্দোলনৰ পৰিসৰ আৰু প্ৰভাৱ ঐতিহাসিক।

নৰেন্দ্ৰ মোদীৰ বৈদেশিক নীতিৰ প্ৰচেষ্টাই বিশ্বৰ সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ ভাৰতৰ প্ৰকৃত সক্ষমতা আৰু ভূমিকাক বৈশ্বিক পৰ্যায়ত উপলব্ধি কৰোৱালে। চাৰ্ক দেশসমূহৰ মুৰব্বীসকলৰ উপস্থিতিত তেওঁ প্ৰধানমন্ত্ৰীৰ দায়িত্বত অধিষ্ঠিত হয়। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত তেওঁৰ ভাষণে বিশ্বজুৰি প্ৰসংশা লাভ কৰে। সূদীৰ্ঘ ১৭ বছৰৰ পাছত নেপাল, ২৮ বছৰৰ পাছত অষ্ট্ৰেলিয়া, ৩১ বছৰৰ পাছত ফিজি আৰু ৩৪ বছৰৰ পাছত ছেইচিলিছত দ্বিপাক্ষিক ভ্ৰমণ তথা বৈঠকত মিলিত হোৱা নৰেন্দ্ৰ মোদী হৈছে ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী। দায়িত্বগ্ৰহণ কৰিয়েই নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘ, ব্ৰিকছ, ছাৰ্ক আৰু জি-২০ সন্মিলনত অংশ লয়, য’ত বৈশ্বিক অৰ্থনীতি আৰু ৰাজনৈতিক দিশত ভাৰতৰ মধ্যস্থতা আৰু মতামতক ব্যাপক হাৰত প্ৰসংশা লাভ কৰিবলৈ সক্ষম হয়। তেওঁৰ জাপান ভ্ৰমণে ভাৰত-জাপান সম্পৰ্কত এক নতুন অধ্যায়ৰ সূচনা কৰে। মংগোলীয়া ভ্ৰমণ কৰা তেওঁ ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হোৱাৰ লগতে চীন আৰু দক্ষিণ কোৰিয়া ভ্ৰমণ কৰি সেই দেশসমূহে ভাৰতত বিনিয়োগ কৰাত সফলতা লাভ কৰে। তেওঁৰ ফ্ৰান্স আৰু জাৰ্মানী ভ্ৰমণকালত ইউৰোপৰ সৈতে ধাৰাবাহিক বৈঠকত মিলিত হোৱা পৰিলক্ষিত হয়।

শ্ৰী নৰেন্দ্ৰ মোদীয়ে আৰৱ বিশ্বৰ সৈতে শক্তিশালী সম্পৰ্ক গঢ় দিয়াত যথেষ্ট গুৰুত্ব আৰোপ কৰে। ২০১৫ চনত তেওঁ আছিল সূদীৰ্ঘ ৩৪ বছৰৰ পাছত ইউনাইটেড আৰৱ এমিৰেটছ ভ্ৰমণ কৰা প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী, যিগৰাকীয়ে ভূমধ্য সাগৰীয় দেশসমূহৰ সৈতে ভাৰতৰ অৰ্থনৈতিক সহযোগিতাক সামৰি লোৱাত অভূতপূৰ্ব পদক্ষেপ লয়। ২০১৫ চনৰ জুলাইত শ্ৰী মোদীয়ে পাঁচখন চেণ্ট্ৰেল এছিয়াৰ দেশ ভ্ৰমণ কৰাটো এক মাইলৰ খুঁটি হিচাপে বিবেচিত হ’ল। শক্তি, বাণিজ্য, সংস্কৃতি অৰ্থনেতিক ক্ষেত্ৰত ভাৰত আৰু এই ৰাষ্ট্ৰসমূহৰ মাজত কেইবাখনো গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰিত হয়। ২০১৫ৰ অক্টোবৰত নতুন দিল্লীত এখনি ঐতিহাসিক ভাৰত-আফ্ৰিকা সন্মিলন অনুষ্ঠিত হয়, য’ত আফ্ৰিকাৰ ৫৪খন দেশে অংশগ্ৰহণ কৰে। ৪১খন আফ্ৰিকান দেশৰ নেতাই এই সন্মিলনৰ শোভাৱৰ্ধন কৰাৰ লগতে ভাৰত-আফ্ৰিকাৰ মাজৰ সম্পৰ্ক গভীৰ কৰাৰ দিশত ব্যাপক আলোচনাত মিলিত হয়। প্ৰধানমন্ত্ৰীয়ে নিজেও আফ্ৰিকান দেশসমূহ ভ্ৰমণ কৰি দ্বিপাক্ষিক বৈঠকত মিলিত হয়।

২০১৫ চনৰ নৱেম্বৰত প্ৰধানমন্ত্ৰীয়ে পেৰিছত অনুষ্ঠিত COP21 সন্মিলনত ভাগ লয়, য’ত তেওঁ বিশ্বৰ অন্যান্য দেশৰ নেতৃবৰ্গৰ সৈতে জলবায়ু পৰিৱৰ্তনৰ সন্দৰ্ভত আলোচনা কৰে আৰু শ্ৰী মোদী আৰু ফ্ৰান্সৰ ৰাষ্ট্ৰপতি হ’লাণ্ডে সৌৰ শক্তি আহৰণৰ উদ্দেশ্যে আন্তঃৰাষ্ট্ৰীয় সৌৰ মৈত্ৰী গঠন কৰে।

২০১৬ৰ এপ্ৰিলত প্ৰধানমন্ত্ৰীয়ে আণৱিক নিৰাপত্তা সন্মিলনত ভাগ লয়, য’ত তেওঁ বিশ্ব পৰ্যায়ত আণৱিক নিৰাপত্তাৰ গুৰুত্ব সম্পৰ্কে শক্তিশালী বাৰ্তা প্ৰেৰণ কৰে। তেওঁ ছৌদি আৰৱ ভ্ৰমণ কৰে আৰু তাত তেওঁক ছৌদি আৰৱৰ সৰ্বোচ্চ অসামৰিক সন্মান ছৌদি আৰৱ ছছ অৱ কিং আব্দুলাজিজেৰে সন্মানীত কৰা হয়।

অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী টনী এবট, চীনৰ ৰাষ্ট্ৰপতি জি জিনপিং, শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মৈত্ৰীপালা ছিৰিসেনা, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন আৰু জাৰ্মানীৰ চেঞ্চেলৰ এঞ্জেলা মাৰ্কেলকে ধৰি বিশ্বৰ আগশাৰীৰ নেতাৰ ভাৰত ভ্ৰমণে ভাৰতৰ সৈতে বিশ্বৰ আন দেশসমূহৰ সহযোগিতাৰ উন্নতিত অভূতপূৰ্ব সঁহাৰি লাভ কৰিবলৈ সক্ষম হয়। ভাৰত-মাৰ্কিন সম্পৰ্কৰ ইতিহাসত প্ৰথমবাৰলৈ ২০১৫ৰ গণৰাজ্য দিৱসত মাৰ্কিন ৰাষ্ট্ৰপতি বাৰাক অ’বামাই মুখ্য অতিথি হিচাপে উপস্থিত থাকে। ২০১৫ৰ আগষ্টত ভাৰতত এফআইপিআইচি সন্মিলন অনুষ্ঠিত কৰে, য’ত প্ৰশান্ত মহাসাগৰীয় উপকূলৱৰ্তী কেইবাখনো দেশৰ নেতা উপস্থিত থাকে। সন্মিলনত প্ৰশান্ত মহাসাগৰীয় উপকূলৱৰ্তী দেশৰ সৈতে ভাৰতৰ সম্পৰ্কৰ মুখ্য দিশবোৰৰ সন্দৰ্ভত আলোচনা হয়।

এটা দিন ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ হিচাপে পালন কৰাৰ বাবে নৰেন্দ্ৰ মোদীয়ে জনোৱা আহ্বানৰ প্ৰতি ৰাষ্ট্ৰসংঘত ব্যাপক সঁহাৰি লাভ কৰে। প্ৰথমবাৰলৈ বিশ্বৰ প্ৰায় ১৭৭খন দেশে এই প্ৰস্তাৱ সমৰ্থন কৰে আৰু ৰাষ্ট্ৰসংঘই ২১ জুনৰ দিনটো বিশ্বত ‘আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস’ হিচাপে ঘোষণা কৰে।’

১৯৫০ চনৰ ১৭ ছেপ্তেম্বৰত গুজৰাটৰ এখন সৰু চহৰত ডাঙৰ দীঘল হোৱা মোদীৰ পৰিয়ালৰ নাছিল কোনো সাঁচতীয়া ধন। প্ৰাৰম্ভিক অৱস্থাত কটোৱা কষ্টকৰ জীৱনে কেৱল কঠোৰ পৰিশ্ৰমৰ মুল্যকে শিকোৱা নাই, বৰঞ্চ সাধাৰণ লোকে জীৱনত ভোগ কৰা কষ্টবোৰ জানিব পাৰে। এইবোৰে তেওঁক যুৱ অৱস্থাৰ পৰাই জনসাধাৰণ আৰু ৰাষ্ট্ৰৰ হকে সেৱা আগবঢ়াবলৈ প্ৰেৰণা যোগায়। প্ৰাৰম্ভিক অৱস্থাত তেওঁ ৰাষ্ট্ৰ নিৰ্মাণৰ নামত উচৰ্গিত ৰাষ্ট্ৰীয় সংস্থা ৰাষ্ট্ৰীয় স্বয়ংস্বেৱক সংঘ (RSS) আৰু পাছলৈ ভাৰতীয় জনতা পাৰ্টীৰ হৈ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক ৰাজনীতিত কাম কৰে। শ্ৰী মোদীয়ে গুজৰাট বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰিছে।

২০০১ চনত তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত আৰু একেৰাহে চাৰিবাৰকৈ মুখ্যমন্ত্ৰী হিচাপে সেৱা আগবঢ়ায় অভিলেখ ৰচনা কৰে। বিধ্বংসী ভূমিকম্পৰ পাছত গুজৰাটক তেওঁ এক বিকাশ ইঞ্জিন হিচাপে গঢ়ি তোলে আৰু যাৰদ্বাৰা ভাৰতৰ উন্নয়নত প্ৰভূত বৰঙণি আগবঢ়াইছে।

নৰেন্দ্ৰ মোদী হৈছে এগৰাকী ‘জন নেতা’, যিগৰাকীয়ে দেশবাসীৰ সমস্যা সমাধানৰ লগতে তেওঁলোকৰ সৰ্বতোপ্ৰকাৰৰ উন্নতি কৰাৰ নামত নিজকে উচৰ্গিত কৰিছে। দেশবাসীৰ মাজত তেওঁলোকৰ সুখৰ সময় বিনিময় আৰু দুখ নিৰ্মুল কৰাতকৈ আন কোনো সন্তুষ্টি তেওঁ অনুভৱ নকৰে। তেওঁৰ শক্তিশালী “গণ সংযোগ” ব্যৱস্থাৰ জৰিয়তে বিভিন্ন ক্ষেত্ৰত অনলাইনৰ জৰিয়তে সকলোৰে সৈতে সবলভাৱে যোগসূত্ৰ ৰক্ষা কৰি আহিছে। তেওঁ ভাৰতৰ সবাতোকৈ প্ৰযুক্তিপ্ৰেমী নেতা হিচাপে জনাজাত, যিগৰাকীয়ে বিভিন্নজনৰ সৈতে জড়িত হ’বলৈ আৰু তেওঁলোকৰ জীৱনত পৰিৱৰ্তন আনিবলৈ ৱেবৰ ব্যৱহাৰ কৰে। ফেচবুক, টুইটাৰ, গুগোল+, ইনষ্টগ্ৰাম, ছাউণ্ড ক্লাউড, লিংকডইন, ৱেইবো আৰু অন্যান্য বিভিন্ন ধৰণৰ ছ’চিয়েল নেটৱৰ্কিং ছাইটবোৰত তেওঁ অধিক সক্ৰিয়।

ৰাজনীতিৰ উপৰি নৰেন্দ্ৰ মোদীয়ে লিখিবলৈ ভাল পায়। কবিতাকে ধৰি তেওঁ কেইবাখনো গ্ৰন্থ লিখিছে। প্ৰধানমন্ত্ৰীয়ে দিনটো যোগাভ্যাসেৰে আৰম্ভ কৰে, যাৰবাবে অতি ব্যস্ত ৰুটিনৰ মাজতো তেওঁৰ শৰীৰ আন মন সুস্থ তথা প্ৰশান্তিময় হৈ থাকে।

এওঁ এনে এগৰাকী ব্যক্তি, যি সাহস, কৰুণা আৰু দৃঢ় বিশ্বাসৰ প্ৰতীক, এখন উজ্জীৱিত ভাৰত তথা বিশ্বৰ সন্মুখত দেশক প্ৰোজ্জল ৰূপত গঢ় দিয়াৰ বিশ্বাসেৰে দেশবাসীয়ে জনাদেশ দিয়ে।

http://www.narendramodi.in/categories/timeline
http://www.narendramodi.in/humble-beginnings-the-early-years
http://www.narendramodi.in/the-activist
http://www.narendramodi.in/organiser-par-excellence-man-with-the-midas-touch