PMINDIA

News Updates

The content is auto sourced from PIB

আইচিএছআইৰ সোণালী জয়ন্তীৰ উদ্বোধনী অনুষ্ঠান উপলক্ষে কোম্পেনী ছেক্ৰেটেৰীসকলক সম্বোধন প্ৰধানমন্ত্ৰীৰ

আইচিএছআইৰ সোণালী জয়ন্তীৰ উদ্বোধনী অনুষ্ঠান উপলক্ষে কোম্পেনী ছেক্ৰেটেৰীসকলক সম্বোধন প্ৰধানমন্ত্ৰীৰ

আইচিএছআইৰ সোণালী জয়ন্তীৰ উদ্বোধনী অনুষ্ঠান উপলক্ষে কোম্পেনী ছেক্ৰেটেৰীসকলক সম্বোধন প্ৰধানমন্ত্ৰীৰ

আইচিএছআইৰ সোণালী জয়ন্তীৰ উদ্বোধনী অনুষ্ঠান উপলক্ষে কোম্পেনী ছেক্ৰেটেৰীসকলক সম্বোধন প্ৰধানমন্ত্ৰীৰ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ইনষ্টিটিউট অৱ কোম্পেনী ছেক্ৰেটেৰীজ-চমুকৈ আইচিএছআইৰ সোণালী জয়ন্তী বৰ্ষৰ উদ্বোধনী অনুষ্ঠান উপলক্ষে কোম্পেনী ছেক্ৰেটেৰীসকলক উদ্দেশ্যি ভাষণ আগবঢ়ায়।

এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে আইচিএছআইৰ সৈতে জড়িত সকলোকে অভিনন্দন জ্ঞাপন কৰে। তেওঁ কয় যে এই সকল লোকৰ মাজত থাকি সুখী অনুভৱ কৰিছে, যিসকলে কোম্পেনীক নিশ্চিতভাৱে আইন মানি চলা আৰু তেওঁলোকৰ একাউণ্ট ভালদৰে বজাই ৰখাৰ দায়িত্ব পালন কৰিছে। তেওঁ কয় যে এইসকল লোকৰ কাম-কাজে দেশত কৰ্প’ৰেট সংস্কৃতি প্ৰতিষ্ঠা কৰাত সহায় কৰিছে। দেশৰ কৰ্প’ৰেট প্ৰশাসনত তেওঁলোকৰ পৰামৰ্শই যথেষ্ট প্ৰভাৱ পেলাইছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে আমাৰ দেশত এনে একাংশ লোক আছে, যি আমাৰ সামাজিক আন্তঃগাঁথনিক দুৰ্বল কৰাৰ আৰু ৰাষ্ট্ৰৰ মৰ্যাদা লাঘৱ কৰাৰ চেষ্টা কৰে। তেওঁ কয় যে চৰকাৰে এই কলুষিত উপাদান পৰিষ্কাৰ কৰাৰ কাম কৰি আছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰৰ প্ৰচেষ্টাৰ ফলস্বৰূপে আজি দেশৰ অৰ্থনীতি নগদবিহীন বাবে কাম কৰিছে। বিমুদ্ৰাকৰণৰ পূৰ্বে দেশৰ মুঠ ঘৰুৱা উৎপাদন ১২ শতাংশৰ পৰা ৯ শতাশলৈ নিম্নগামী হৈছিল। প্ৰধানমন্ত্ৰীয়ে হতাশাজনক খবৰ বিয়পোৱা লোকসকলক সাৱধান কৰি দিয়ে। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে বিগত সময়ত দেশৰ অৰ্থনীতিৰ বিকাশৰ হাৰ ৫.৭ শতাংশলৈ নিম্নগামী হৈছে। এই নিম্নগামীতাই মূল্যবৃদ্ধি, চলিত একাউণ্টৰ ঘাটি আৰু ৰাজহ ঘাটি বৃদ্ধি পাইছে।

প্ৰধানমন্ত্ৰীয়ে কয় যে যিসময়ত বিশ্বৰ উন্নয়নশীল ৫ খন দেশৰ অৰ্থনীতিৰ অধোনতি হৈছিল তেনেসময়তে ভাৰতে ক্ৰমান্বয়ে উন্নতি লাভ কৰি আহিছে।

চলিত বৰ্ষৰ প্ৰথমাৰ্ধত অৰ্থনীতিৰ নিম্নগামীতাৰ কথা স্বীকাৰ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে এই গতি পুনৰুদ্ধাৰৰ বাবে প্ৰতিশ্ৰুতিৱদ্ধ। তেওঁ কয় যে এই সিদ্ধান্তৰ লগত জড়িত কেতবোৰ গুৰুত্বপূৰ্ণ সংস্কাৰ ইতিমধ্যে কৰা হৈছে আৰু এই প্ৰক্ৰিয়া অব্যাহত থাকিব। প্ৰধানমন্ত্ৰীয়ে দেশৰ বিত্তীয় সুস্থিৰতা বজাই ৰখাৰ বাবে চৰকাৰে ব্যৱস্থা লোৱাৰ আশ্বাস দিয়াৰ লগতে অনাগত সময়ত উন্নয়নৰ নতুন দিগন্তৰ সূচনা হ’ব বুলি কয়। তেওঁ কয় যে দেশত সততাক অগ্ৰাধিকাৰ দিয়া হ’ব আৰু সৎ লোকৰ স্বাৰ্থ সুৰক্ষিত কৰা হ’ব।

প্ৰধানমন্ত্ৰীয়ে কয় যে বিগত তিনি বছৰত কেইবাটাও প্ৰধান খণ্ডত বিনিয়োগ আৰু উৎপাদন বৃদ্ধিৰ প্ৰসংগত উল্লেখ কৰে। এই সময়ছোৱাত ২১ টা খণ্ডৰ ৮৭টা সংস্কাৰ কৰা হৈছে। তেওঁ বিনিয়োগ খণ্ডৰ ব্যাপক বৃদ্ধিৰ কথাও উল্লেখ কৰে।

প্ৰধানমন্ত্ৰীয়ে কয় যে চৰকাৰে নীতি আৰু পৰিকল্পনাৰে দুখীয়া, মধ্যবিত্ত লোকসকলৰ মজুত কৰা ধন নিশ্চিত কৰা হৈছে, যাতে তেওঁলোকে আৰু অধিক ভালকৈ জীৱন নিৰ্বাহ কৰিব পাৰে।

প্রধানমন্ত্রীয়ে কয় যে তেওঁ জনসাধাৰণ আৰু ৰাষ্ট্ৰৰ সবলীকৰণৰ দিশত কাম কৰিছে। ইয়াৰ বাবে তেওঁ কেতিয়াবা সমালোচনাৰো সম্মুখীন হৈছে, তথাপি তেওঁৰ উপস্থিতিত দেশৰ ভৱিষ্যত কেতিয়াও বন্ধকত নথয় বুলি কয়।

***

Presentation shown at the inauguration of the golden jubilee year of ICSI

 AKT/NT/HS/DB