PMINDIA

News Updates

The content is auto sourced from PIB

বাৰণসীত প্ৰধানমন্ত্ৰী

বাৰণসীত প্ৰধানমন্ত্ৰী

• দেশবাসীৰ নামত উচৰ্গা দীনদয়াল হস্তকলা সংকুল

• বাৰাণসী আৰু বদোদৰাৰ মাজত মহামানা এক্সপ্ৰেছৰ শুভাৰম্ভ

• একাধিক উন্নয়নমুলক প্ৰকল্পৰ আৰম্ভ

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসীত দীনদয়াল হস্তকলা সংকুল শীৰ্ষক এটা হস্তকলাৰ বাণিজ্য কেন্দ্ৰ দেশবাসীৰ নামত উচৰ্গা কৰে। প্ৰধানমন্ত্ৰীয়ে ২০১৪ চনৰ নৱেম্বৰত এই কেন্দ্ৰটিৰ আধাৰশিলা স্থাপন কৰিছিল। আজি উচৰ্গিত অনুষ্ঠানৰ মঞ্চত উপৱিষ্ট হোৱাৰ পূৰ্বে তেওঁ কেন্দ্ৰটি পৰিদৰ্শন কৰে আৰু উন্নয়নমুলক সুবিধাসমূহৰ এক আভাস লয়।

প্ৰধানমন্ত্ৰীয়ে ভিডিঅ’ লিংকৰ সহায়ত মহামানা এক্সপ্ৰেছৰ শুভাৰম্ভ কৰে। এই ৰে’লখনে গুজৰাটৰ ছুৰাট আৰু বদোদৰাক সংযোগ কৰিব।

প্ৰধানমন্ত্ৰীয়ে বাৰাণসীত বিভিন্ন উন্নয়নমুলক একাধিক প্ৰকল্পৰ আধাৰশিলাৰ ফলকো উন্মোচন কৰে। তেওঁ উৎকৰ্ষ বেংকৰ সেৱা উদ্বোধন কৰাৰ লগতে বেংকটোৰ মুখ্য কাৰ্যালয়ৰ আধাৰশিলাও স্থাপন কৰে।

প্ৰধানমন্ত্ৰীয়ে বাৰাণসীবাসীৰ নামত জল এম্বুলেন্স সেৱা আৰু জল শ বাহন সেৱা দেশবাসীৰ নামত উচৰ্গা কৰে। প্ৰধানমন্ত্ৰীয়ে একাংশ শিপীনি আৰু তেওঁলোকৰ সন্তানক পঢ়া সঁজুলি আৰু সৌৰ চাকি বিতৰণ কৰে।

এই উপলক্ষে ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে একেটা মঞ্চতে ১০০০ কোটিতকৈ অধিক টকা প্ৰকল্প আৰু ইয়াৰ আধাৰশিলা স্থাপন কৰা হৈছে।

তেওঁ এই বাণিজ্য কেন্দ্ৰটো বাৰাণসীৰ সুদীৰ্ঘ সময়ৰ সৰ্ববৃহৎ প্ৰকল্প বুলি অভিহিত কৰে। তেওঁ কয় এই কেন্দ্ৰটোৱে শিল্পী আৰু শিপীনিসকলক তেওঁলোকৰ দক্ষতা বিশ্বৰ আগত দেখুৱাই এক উজ্জ্বল ভৱিষ্যত গঢ় দিয়াত সহায় কৰিব। তেওঁ বাৰাণসীৰ সকলো লোকক এই কেন্দ্ৰটোলৈ পৰ্যটকক আহ্বান জনাবলৈ কয়। ইয়াৰ দ্বাৰা হস্তশিল্পৰ চাহিদা বৃদ্ধি কৰাৰ লগতে বাৰাণসীৰ পৰ্যটন খণ্ডক আৰু চহৰখনৰ অৰ্থনীতিক টনকীয়াল কৰিব।

প্ৰধানমন্ত্ৰীয়ে কয় যে সকলো সমস্যাৰ একমাত্ৰ সমাধান হৈছে উন্নয়ন। তেওঁ কয় যে চৰকাৰে দুখীয়া লোকসকলৰ লগতে উঠি অহা প্ৰজন্মৰ মাজত ইতিবাচক দৃষ্টিভংগী গঢ় দিয়াত গুৰুত্ব আৰোপ কৰি আহিছে। এই ক্ষেত্ৰত উৎকৰ্ষ বেংকৰ প্ৰচেষ্টাক প্ৰধানমন্ত্ৰীয়ে শলাগ লয়।

জল এম্বুলেন্স আৰু জল শ বাহিনী শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ই জল পৰিবহণৰ উন্নয়নকে সুচাইছে।

মহামানা এক্সপ্ৰেছ সন্দৰ্ভত প্ৰধানমন্ত্ৰীয়ে কয় যে ইয়াৰ দ্বাৰা ২০১৪ চনৰ লোকসভা নিৰ্বাচনত তেওঁ প্ৰতিদ্বন্দিতা কৰা দুয়োটা সমষ্টি এতিয়া ৰে’লৰ দ্বাৰা সংযোগ হ’ল।

প্ৰধানমন্ত্ৰীয় কয় যে দেশ আজি দ্ৰুতগতিত আগবাঢ়িছে আৰু দেশৰ স্বাৰ্থত সকলো সিদ্ধান্ত লোৱা হৈছে। তেওঁ কয় পশ্চিম ভাৰতৰ সম গতিত পূব ভাৰতৰ উন্নয়ন হ’লেহে দেশ আগবাঢ়িব আৰু আজি শুভাৰম্ভ কৰা প্ৰকল্পবোৰ সেই উদ্দেশ্য লৈয়ে অগ্ৰসৰ হৈছে।

*****

AKT/NT/DB