পি এম ইণ্ডিয়া

বাতৰি আপডে'ট

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

স্বচ্ছ ভাৰত দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ দেশবাসীক সম্বোধন : উদযাপিত হ’ল স্বচ্ছ ভাৰত অভিযান মুকলিৰ তৃতীয়টো বৰ্ষপূৰ্তি, সামৰণি পৰিল ‘স্বচ্ছতা হী সেৱা’ শীৰ্ষক পষেকজোৰা অভিযানৰ

স্বচ্ছ ভাৰত দিৱস, স্বচ্ছ ভাৰত অভিযান মুকলিৰ তৃতীয় বৰ্ষপূৰ্তি অনুষ্ঠান আৰু ‘স্বচ্ছতা হী সেৱা’ শীৰ্ষক পষেকজোৰা অভিযানৰ সামৰণি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আজি আয়োজন কৰা এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত দেশবাসীক সম্বোধন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে৷

তেওঁ কয় যে ২ অক্টোবৰৰ দিনটো জাতিৰ পিতা মহাত্মা গান্ধী আৰু লালবাহাদুৰ শাস্ত্ৰীৰ জন্মজয়ন্তী হিচাপে পালন কৰি অহা হৈছে আৰু এই দিনটো হৈছে এনে এটা দিন, যিটো দিনত আমি স্বচ্ছ ভাৰত গঢ়ি তোলাৰ আমাৰ যি লক্ষ্য আছিল সেই লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত আমি কিমান দূৰ অতিক্ৰম কৰিব পাৰিছো সেয়া উপস্থাপন কৰিব পাৰো৷

তিনিবছৰ পূৰ্বে আজিৰ দিনটোতেই কেনেদৰে স্বচ্ছ ভাৰত অভিযানৰ এই যাত্ৰা আৰম্ভ কৰা হৈছিল আৰু এইক্ষেত্ৰত কিমান সমালোচনাৰ সমূখীন হ’বলগীয়া হৈছিল সেই কথা স্মৰণ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে৷ তেওঁ কয়, মহাত্মা গান্ধীয়ে দেখুৱাই যোৱা পথ যে ভুল হ’ব নোৱাৰে সেই কথাত তেওঁ পতিয়ন গৈছিল৷ তেওঁ লগতে কয় যে প্ৰত্যাহ্বানৰ সমূখীন হ’লেই লক্ষ্যৰ পৰা আমি আঁতৰি আহিব নালাগে৷

প্ৰধানমন্ত্ৰীগৰাকীয়ে লগতে কয় যে আজি দেশৰ জনতাই সমস্বৰে পৰিচ্ছন্নতা বিচাৰিছে৷ কেৱল চৰকাৰ আৰু নেতাৰ প্ৰচেষ্টাৰেই স্বচ্ছতাৰ লক্ষ্যত উপনীত হ’ব নোৱাৰি, তাৰ বাবে লাগিব সমাজৰ আকুন্ঠ প্ৰচেষ্টা, সুন্দৰ সহযোগিতা৷ জনতাৰ সহযোগক আমি অৱশ্যেই প্ৰসংশা কৰিব লাগিব, প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে স্বচ্ছতা অভিযান আজি এক সামাজিক অভ্যুত্থানত পৰিণত হৈছে, এক গণ জাগৰণত পৰিণত হৈছে৷ তেওঁ কয় যে আজিলৈ এইক্ষেত্ৰত যিখিনি সফলতা লাভ কৰা হৈছে, সেয়া সম্ভৱ হৈছে ভাৰতৰ স্বচ্ছাগ্ৰহী ৰাইজৰ বাবে৷

স্বৰাজ যদি আনিছিল সত্যাগ্ৰহীসকলে, তেন্তে শ্ৰেষ্ঠ ভাৰতৰ সপোন পূৰণ কৰিব আমাৰ স্বচ্ছাগ্ৰহীসকলে৷ – প্ৰধানমন্ত্ৰীয়ে কয়৷

দেশৰ বিভিন্ন চহৰৰ স্বচ্ছতাৰ ৰেংকিংৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ইতিমধ্যেই দেশৰ নগৰ-মহানগৰ-চহৰসমূহে নিজৰ মাজতে এক ধনাত্মক প্ৰতিযোগিতামূলক পৰিৱেশ গঢ়ি তুলিছে৷ স্বচ্ছতাৰ বাবে বিভিন্ন ধৰণৰ ধাৰণাৰো অতি আৱশ্যক, আৰু স্বচ্ছতাক অধিক বলিষ্ঠ ৰূপত তুলি ধৰিবৰ বাবে ধাৰণাসমূহক প্ৰয়োজন হয় সুষ্ঠ প্ৰতিযোগিতাৰ৷

প্ৰধানমন্ত্ৰীয়ে লগতে ‘স্বচ্ছতা হী সেৱা’ শীৰ্ষক পষেকজোৰা চলা অভিযানত অংশগ্ৰহণ কৰা তথা বৰঙণি যোগোৱা আটাইকে অভিনন্দন জনায় আৰু কয় যে এতিয়াও বহু কৰিবলৈ বাকী আছে৷

এই অনুষ্ঠানতে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় ৰচনা প্ৰতিযোগিতা, চিত্ৰাংকন প্ৰতিযোগিতা আৰু চলচ্চিত্ৰ প্ৰতিযোগিতাৰ বিজয়ীসকলক পুৰস্কাৰসমূহ বিতৰণ কৰে আৰু এক ডিজিটেল প্ৰদৰ্শনী বিথীকাও পৰিদৰ্শন কৰে৷

*****

AKT/NT/SH/Rang