পি এম ইণ্ডিয়া

বাতৰি আপডে'ট

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

২৪ ছেপ্টেম্বৰ, ২০১৭ত আকাশবাণীত ৩৬সংখ্যক মন কী বাত উপলক্ষে প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী সংস্কৰণৰ অসমীয়া অনুবাদ

মোৰ শ্ৰদ্ধাৰ দেশবাসী, আপোনালোক সকলোলৈকে নমস্কাৰ। আকাশবাণীৰ জৰিয়তে ‘মন কী বাত’ অনুষ্ঠান কৰি কৰি তিনি বছৰ সম্পূৰ্ণ হ’ল। আজি এয়া ৩৬ সংখ্যক অনুষ্ঠান। ‘মন কী বাত’ৰ জৰিয়তে দেশৰ চুকে-কোনে থকা লোকসকলৰ চিন্তা-ভাৱনা, ইচ্ছা-আগ্ৰহ, অভিযোগ-যাৰ যেনেকুৱা মনোভাৱ ইত্যাদি প্ৰতিফলিত কৰিব পৰাকৈ এক ইতিবাচক শক্তিত পৰিণত হৈছে। এই লোকসকলৰ সৈতে জড়িত হ’বলৈ মোক এক সূযোগ প্ৰদান কৰিছে, ইয়াত মই কেতিয়াও মোৰ মনৰ কথা কোৱা নাই। এই ‘মন কী বাত’ দেশবাসীৰ মন, তেওঁলোকৰ ভাৱনা, আশা-আকাংক্ষাৰ সৈতে সংপৃক্ত।

আৰু যেতিয়া ‘মন কী বাত’ৰ কথা কওঁ, তেতিয়া দেশৰ প্রতিটো কোণত যিসকল লোকে, তেওঁলোকৰ মনৰ ভাৱ আমালৈ প্ৰেৰণ কৰে। সেইবোৰৰ বহুত ধাৰণা একেই হয়। ই-মেইল হওঁক, ফোনযোগে হওঁক, ‘মাই গভ’ পর্টেল হওঁক, নৰেন্দ্র মোদী এপৰ জৰিয়তেই হওঁক, ইমান কথা মোলৈ আহে, ইয়াৰ অধিকাংশই মোক উৎসাহ দিয়ে। বহুতো চৰকাৰৰ সংশোধনৰ বাবে থাকে, কেতিয়াবা ব্যক্তিগত অভিযোগো থাকে, আকৌ কেতিয়াবা সামগ্রিক সমস্যাৰ প্রতি মনোযোগ আকর্ষণ কৰা হয়। আৰু মইতো মাহত এবাৰ আপোনালোকৰ আধাঘণ্টা সময় লওঁ, কিন্তু মানুহে ত্ৰিশ দিনে ‘মন কী বাত’ৰ বাবে নিজৰ কথা প্ৰেৰণ কৰি পাৰে। তাৰ ফলত যি হৈছে সেইটো হ’ল, চৰকাৰৰো সংবেদনশীলতা, সমাজৰ দূৰ-সুদূৰত কিমান যে শক্তি আছে, তাৰ প্রতি তেওঁলোকৰ মনোযোগ দিয়াৰ এক সহজ ভাৱনা প্ৰস্তুত হৈছে। তেনেকৈয়ে ‘মন কী বাত’ৰ তিনি বছৰীয়া এই যাত্রা দেশবাসীয়ে তেওঁলোকৰ চিন্তা-ভাৱনাৰ, তেওঁলোকৰ অনুভূতিৰ এক যাত্রা। সেয়ে হয়তু ইমান কম সময়ত দেশৰ সাধাৰণ লোকসকলৰ আবেগক জানি-বুজি লোৱাৰ বাবে যি সুযোগ মোৰ হৈছে, তাৰ বাবে মই দেশবাসীৰ ওচৰত অতি কৃতজ্ঞ। ‘মন কী বাত’ত মই প্রায়েই আচার্য বিনোৱা ভাবেৰ সেই কথাটি মনত ৰাখো। আচার্য বিনোৱা ভাবে প্রায়েই কৈছিল-বেচৰকাৰী, অচৰকাৰী। মইও ‘মন কী বাত’ত এই দেশৰ জনসাধাৰণক কেন্দ্র কৰি ৰখাৰ চেষ্টা কৰিছো। ৰাজনীতিৰ ৰঙৰ পৰা বহুক দূৰ ৰাখিছে। তৎকালিন উত্তেজনা, আক্রোশ হৈ থাকিলে তাৰ মাজতে নোসোমাই স্থিৰ মন লৈ আপোনালোকৰ সৈতে জড়িত হৈ থকাৰ চেষ্টা কৰিছোঁ। মই অৱশ্যে মানি লওঁ যে এই তিনি বছৰৰ পাছত সমাজ বিজ্ঞানী, বিশ্ববিদ্যালয়, গৱেষক, বিশেষজ্ঞ সাংবাদিকে নিশ্চয় ইয়াৰ বিশ্লেষণ কৰিব। প্রতিটো বস্তৰ যোগ-বিয়োগ তুলি ধৰিব, আৰু মোৰ বিশ্বাস যে এই বিচাৰ-বিশ্লেষণে ভৱিষ্যতে ‘মন কী বাত’ৰ বাবে যথেষ্ট উপযোগী হ’ব, তাৰ দ্বাৰা এক নতুন চেতনা, নতুন উদ্যম পাব। আৰু মই যেতিয়া এবাৰ ‘মন কী বাত’ত কৈছিলো, আমি খোৱাৰ সময়ত চিন্তা কৰা উচিত যে যিমান প্রয়োজন, সিমানে ল’ব, আমি সেয়া নষ্ট কৰিব নালাগে। কিন্তু তাৰপাছত মই দেখিছোঁ যে দেশৰ প্রতিটো কোণৰ পৰা ইমান চিঠি আহিছে, বহু সামাজিক সংগঠন, বহু নৱ প্ৰজন্মই বহুত আগৰ পৰা এই কাম কৰিছে আহিছে। খোৱাৰ থালিত যিখিনি পেলাই দিয়া হৈছে, সেয়া একলগ কৰি তাৰ সঠিক ব্যৱহাৰ কেনেদৰে হ’ব, এই কামত জড়িত কৰিবলৈ ইমান মানুহে মোৰ মনোযোগ আকর্ষণ কৰিছে, সেয়া জানি মোৰ অত্যন্ত ভাল লাগিছে, আনন্দিত হৈছোঁ।

এবাৰ মই ‘মন কী বাত’ত মহাৰাষ্ট্রৰ এগৰাকী অৱসৰপ্রাপ্ত শিক্ষক শ্রীযুক্ত চন্দ্রকান্ত কুলকার্ণিৰ কথা কৈছিলোঁ, যিগৰাকীয়ে নিজৰ পেন্সনৰ যি ষোল্ল হাজাৰ টকা পায়, তাৰ পৰা পাঁচ হাজাৰ টকাকৈ তেওঁ ৫১খন পোষ্ট-ডেটেড চেকৰ জৰিয়তে স্বচ্ছতাৰ বাবে দান কৰিছিল। তাৰপাছতো মই দেখিছোঁ যে স্বচ্ছতাৰ বাবে এই ধৰণৰ কাম কৰিবলৈ কিমান মানুহ ওলাই আহিছে।

এবাৰ মই হাৰিয়ানাত এখন পঞ্চায়তৰ মুৰব্বীৰ ‘ছেলফি উইথ ডটাৰ’ দেখি আৰু মই ‘মন কী বাত’ত সেই সকলো কথা ব্যক্ত কৰিছিলোঁ। দেখাকৈ বা নেদেখাকৈয়ে কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্ব জুৰি ‘ছেলফি উইথ ডটাৰ’ এক বিৰাট অভিযান আৰম্ভ হৈ যায়। ই কেৱল ছ’চিয়েল মিডিয়াৰে এটি বিষয় নহয়, প্রতিগৰাকী কন্যাক এক নতুন আত্মবিশ্বাস, নতুন গর্ব কৰাৰ দৰে ঘটনা হৈ উঠিছে। প্রতিগৰাকী মাক-দেউতাকৰ মনত থাকে যে নিজৰ কন্যাৰ সৈতে ছেলফি তোলো। প্রতিগৰাকী ছোৱালী মন থাকে যে আমাৰো কিবা এটা মহিমা আছে, কোনো মহত্ত্ব আছে।

কিছুদিন আগতে ভাৰত চৰকাৰৰ পর্যটন বিভাগৰ সৈতে মই বৈঠকত মিলিত হৈছিলোঁ। মই যেতিয়া পর্যটকসকলক কওঁ যে আপোনালোকে Incredible India-ত য’লৈকে গৈছে, তাৰ ফটো পঠাব। ভাৰতৰ প্রতিটো কোণৰ পৰা লাখ লাখ ফটো পর্যটন ক্ষেত্রত একৰকম এনেকৈ কাম কৰে, তেওঁলোকৰ এক বিশাল সম্পদ হৈ উঠিছে। সৰু-সুৰা ঘটনাই কিমান ডাঙৰ আন্দোলন সৃষ্টি কৰে, সেয়া ‘মন কী বাত’ত মই অনুভৱ কৰিছোঁ। আজি এনে কৰিছে, কাৰণ যেতিয়া ভাবিছো যে তিনি বছৰ হৈ গৈছে, তেতিয়া হ’লে যোৱা তিনি বছৰৰ কিমান ঘটনা মোৰ মনত থিতাপি লৈছে। দেশক সঠিক পথত লৈ যোৱাৰ বাবে প্রতি মুহূর্ততে আগুৱাই হৈছে। দেশৰ প্রতিগৰাকী নাগৰিকে আনৰ ভালৰ বাবে, সমাজৰ ভালৰ বাবে, দেশৰ উন্নতিৰ বাবে কিবা নহয় কিবা কৰিব বিচাৰে। মোৰ তিনি বছৰীয়া ‘মন কী বাত’ৰ যাত্রাত, মই দেশবাসীৰ পৰা এইটো জানিছো, বুজিছো আৰু শিকিছোঁ যে কোনো দেশৰ বাবেই ই এটা বহুত ডাঙৰ সম্পদ, এটা বহুত বড় শক্তি। মই অন্তৰৰ পৰা দেশবাসীক প্রণাম জনাইছোঁ।

মই এবাৰ ‘মন কী বাত’ত খাদীৰ সন্দৰ্ভত আলোচনা কৰিছিলোঁ। খাদী কেৱল এবিধ বস্ত্র নহয়, ই এক ঐতিহ্য। মই লক্ষ্য কৰিছোঁ যে শেহতীয়াভাৱে খাদীৰ প্রতি মানুহৰ আকর্ষণ বাঢ়িছে আৰু মই এইটো কোৱা নাই যে কোনোবাই কেৱল খাদী পৰিধান কৰক, কিন্তু নানাধৰণৰ ফেব্ৰিকৰ ঠাই এজোৰ খাদী কাপোৰ পিন্ধিব পৰা নাযায় নে? ঘৰৰ চাদৰ হ’ব পাৰে, ৰুমাল হ’ব পাৰে, পর্দা হ’ব পাৰে। লগতে এইটো ভাৱ হৈছে যে যুৱ প্রজন্মৰ মাজত খাদীৰ প্রতি আকর্ষণ বাঢ়িছে। খাদীৰ বিক্রী বাঢ়ি গৈছে আৰু তাৰ বাবে দুখীয়া লোকসকলৰ সংস্থাপনৰো বাট মুকলি হৈছে। ২ অক্টোবৰত খাদীজাত সামগ্ৰীৰ ৰেহাই দিয়া হয়, যথেষ্ট ৰেহাই পোৱা যায়। মই পুনৰবাৰ কওঁ যে খাদীৰ বাবে যি অভিযান চলিছে, তাক আমি আৰু অধিক আগুৱাই নিম। খাদী কিনি দুখীয়া লোকসকলৰ ঘৰত দীপাৱলীৰ বন্তি জ্বলাওঁ, এই চিন্তাৰে আমি কাম কৰিম। আমাৰ দেশৰ দৰিদ্রলোকসকলে এই কামৰ পৰা এক শক্তি পাব আৰু আমি সেয়া তাকে কৰা উচিত। এই খাদীৰ প্রতি ৰুচি বঢ়াৰ বাবে খাদী খণ্ডৰ কর্মীসকল, ভাৰত চৰকাৰৰ খাদীৰ সৈতে জড়িত লোকসকলে নতুনকৈ চিন্তা-ভাৱনা কৰাৰ উৎসাহ বৃদ্ধি পাইছে। নতুন প্রযুক্তি কেনেদৰে আনিব, উৎপাদনক্ষমতা কেনেদৰে বৃদ্ধি কৰিব, সৌৰশক্তি আৰু হস্তচালিত তাঁত কেনেদৰে লগাব? পুৰনা যি ঐতিহ্য আছিল, যি প্রায় ২০, ২৫, ৩০ বছৰ ধৰি বন্ধ হৈ পৰিছিল, তাক পুনৰুজ্জীৱিত কেনেদৰে কৰিব পৰা যায় ইত্যাদি।

উত্তৰ প্রদেশৰ বাৰাণসীৰ সেৱাপুৰীৰ এক খাদী আশ্রম ২৬ বছৰ ধৰি বন্ধ হৈ পৰিছিল, কিন্তু আজি সেয়া পুনৰুজ্জীৱিত হৈছে। বহু ধৰণৰ পদ্ধতি যুক্ত কৰা হৈছে। অসংখ্য লোকৰ সংস্থাপনৰ নতুন সুযোগ সৃষ্টি হৈছে। কাশ্মীৰৰ পম্পোৰত বন্ধ হৈ থকা খাদী আৰু গ্রামোদ্যোগ প্রশিক্ষণ কেন্দ্র পুনৰ আৰম্ভ হৈছে আৰু কাশ্মীৰৰ ওচৰতো এই খণ্ডত কৰিবলগীয়া যথেষ্টখিনি আছে। বৰ্তমান এই প্রশিক্ষণ কেন্দ্রটি পুনৰ আৰম্ভ হোৱাৰ বাবে নতুন প্রজন্মই আধুনিক ধৰণে নির্মাণকাৰ্য কৰিবলৈ, ববলৈ, নতুন সামগ্ৰী প্ৰস্তুত কৰিবলৈ সহায় হৈছে আৰু মোৰ ভাল লাগিছে যে ডাঙৰ ডাঙৰ কৰপ’ৰেট হাউচবোৰে দীপাৱলীৰ সময়ত যি উপহাৰ দিয়ে, তাত আজি কালি খাদীৰ সামগ্ৰী দিয়া আৰম্ভ কৰিছে। যিকোনো লোকে এজনে আনজনক উপহাৰ হিচাপে খাদীৰ সামগ্ৰী প্ৰদান কৰিছে। সহজভাবে কোনবোৰ সামগ্ৰী কেনেদৰে আগতে চলে, সেয়া আমি সকলোৱে অনুভৱ কৰিছোঁ।

মোৰ প্রিয় দেশবাসী, যোৱা মাহৰ ‘মন কী বাত’ত আমি সকলোৱে মিলি এক সংকল্প লৈছিলোম আৰু আমি ঠিক কৰিছিলো যে গান্ধী জয়ন্তীৰ আগৰ ১৫ দিন সমগ্ৰ দেশজুৰি স্বচ্ছতা উৎসৱ পালন কৰিম। স্বচ্ছতাৰ সৈতে জনতাক জড়িত কৰিম। আমাৰ শ্রদ্ধাৰ ৰাষ্ট্রপতিয়ে এই কাম আৰম্ভ কৰিছে আৰু দেশবাসীও ইয়াৰ অংশীদাৰ হৈছে। আবাল বৃদ্ধ, পুৰুষ-মহিলা, চহৰ-গাওঁ, প্রত্যেকেই আজি স্বচ্ছতা অভিযানৰ এক অংশ হৈ উঠিছে।

মই যেতিয়া সংকল্প সাধনৰ কথা কওঁ, তেতিয়া আমাৰ এই স্বচ্ছতা অভিযানৰ সংকল্প সাধনৰ পথত কেনেদৰে আগুৱাইছে, সেয়া আমি চকুৰ আগতে দেখিছো। সকলোৱে এইটো স্বীকাৰ কৰে, সহায় কৰে আৰু ইয়াৰ সাফল্যৰ বাবে কিবা নহয় কিবা ধৰণে সহায় কৰে। মই মাননীয় ৰাষ্ট্রপতিৰ ওচৰত কৃতজ্ঞ, কিন্তু একেদৰে দেশৰ সকলো শ্রেণীৰ মানুহে এই স্বচ্ছতা অভিযানক নিজৰ কাম বুলি মানি লৈছে। ইয়াৰ সৈতে সকলোৱে নিজকে জড়িত কৰিছে। খেল জগতৰ মানুহেই হওঁক বা চিনেমা জগতৰ লোক,শিক্ষা জগতৰ লোক, স্কুল, মহাবিদ্যালয়, বিশ্ববিদ্যালয়, কৃষক, মজদুৰ, বিষয়া, কেৰাণী, আৰক্ষী, সৈনিকসকলে ইয়াৰ সৈতে জড়িত হৈ পৰিছে। ৰাজহুৱা স্থানত জাৱৰ-জোথৰ পৰি থাকিলে আজি কালি মানুহে বিৰক্তি পায়, ফলত যিসকলে এইবোৰ স্থানৰ চোৱা-চিতাৰ কাম কৰে, তেওঁলোকে একধৰণৰ তাগিদা অনুভৱ কৰে। মই ইয়াক আটাইতকৈ ভাল সংকেত বুলি ধৰি লৈছোঁ। মই সুখী যে ‘স্বচ্ছতাই সেৱা’ অভিযানৰ প্রথম চাৰি দিনত ৭৫ লাখতকৈও অধিক লোক, ৪০ হাজাৰতকৈ অধিক উদ্যোগ এই কার্যসূচীৰ সৈতে জড়িত হৈছে। মই লক্ষ্য কৰিছোঁ যে একাংশ লোকে একেৰাহে কাম কৰি আহিছে। তেওঁলোকে উপযুক্ত ফল নোপোৱালৈ কাম চলাই যোৱাৰ মন স্থিৰ কৰিছে। এই বাৰ আৰু এটা দিশ লক্ষ্য কৰিম– প্রথমতে এটা বস্তু হ’ব পাৰে আমি কোনো এক স্থান পৰিষ্কাৰ কৰিম, দ্বিতীয়তে, আমি সচেতনতাৰে কোনো স্থান লেতেৰা নকৰোঁ, কিন্তু পৰিচ্ছন্নতাকে যদি অভ্যাসত গঢ় দিয়া হয়, তেতিয়াহ’লে আমাৰ বিচাৰধাৰাৰ ভিতৰত বৈপ্লৱিক পৰিৱর্তনৰ প্রয়োজন। এইবাৰ ‘স্বচ্ছতাই সেৱা’ অভিযানত একাধিক প্রতিযোগিতাৰ আয়োজন কৰা হৈছিল। আঢ়ৈ কোটিতকৈও অধিক শিশুৱে স্বচ্ছতাৰ বিষয়ে ৰচনা প্রতিযোগিতাত অংশ গ্রহণ কৰিছিল। হাজাৰ হাজাৰ শিশুৱে চিত্ৰাংকণ কৰিছে। স্বচ্ছতাৰ বিষয়ে তেওঁলোকৰ নিজৰ নিজৰ কল্পনা প্রকাশ কৰি ছবি আঁকিছে। বহুতে কবিতা লিখেছে, আমাৰ সৰু সৰু বন্ধুসকলে, সৰু সৰু ল’ৰা-ছোৱালীয়ে যিবোৰ ছবি পঠাইছে মই আজি কালি সেইবোৰকে ছ’চিয়েল মিডিয়াত পোষ্ট কৰিছোঁ। তেওঁলোকৰ গৌৰৱৰ কাহিনী লিখিছোঁ। যেতিয়াই স্বচ্ছতাৰ কথা কোৱা যায়, তেতিয়াই মই কিন্তু প্রচাৰ মাধ্যমৰ লোকসকলৰ প্রতি মোৰ কৃতজ্ঞতা প্রকাশ কৰিবলৈ কেতিয়াও পাহৰা নাই। এই আন্দোলনক তেওঁলোকে পবিত্র ৰূপত আগুৱাই নিছে।

নিজৰ মতে তেওঁলোক ইয়াৰ সৈতে জড়িত হৈ পৰিছে আৰু এটা ইতিবাচক পৰিৱেশ সৃষ্টিত গুৰুত্বপূর্ণ সহায় কৰিছে। এই পর্যন্ত তেওঁলোকে নিজাকৈ স্বচ্ছতা আন্দোলনৰ নেতৃত্ব দিছে। আমাৰ দেশৰ বৈদ্যুতিন মাধ্যম, ছপা মাধ্যমে দেশৰ কিমান ডাঙৰ সেৱাৰ কাম কৰিব পাৰে, সেয়া আমি ‘স্বচ্ছতাই সেৱা’ আন্দোলনত দেখিছোঁ। কিছুদিন আগতে শ্রীনগৰৰ ১৮ বছৰীয়া তৰুণ বিলাল ডাৰৰ সন্দৰ্ভত মোৰ মনোযোগ আকর্ষণ কৰে। আপোনালোকে জানি সুখী হ’ব যে শ্রীনগৰ পৌৰ নিগমে বিলাল ডাৰক স্বচ্ছতা অভিযানৰ ব্ৰেণ্ড এম্বেছাডৰ ৰূপে নিয়োগ কৰিছে। যেতিয়াই ব্ৰেণ্ড এম্বেছাডৰৰ কথা মনলৈ আহে, তেতিয়াই আপোনালোকে ভাবে. তেওঁ চিনেমাৰ শিল্পী বা খেল জগতৰ কোনো হিৰো, কিন্তু সেয়া সত্য নহয়। ১২-১৩ বছৰ বয়সৰ পৰা অর্থাৎ বিগত ৫-৬ বছৰে বিলালে স্বচ্ছতাক লৈ কাম কৰি আহিছে। শ্রীনগৰৰ ওচৰত এছিয়াৰ আটাইতকৈ যি ডাঙৰ হ্ৰদ আছে, তাত প্লাষ্টিক, পলিথিন, পেলনীয়া বটল, লেতেৰা আৱর্জনা পৰিষ্কাৰ কৰি তাৰ পৰা কিছু উপার্জনো কৰে। তেওঁৰ সৰু হৈ থকা অৱস্থাতে কেন্সাৰত আক্ৰান্ত হৈ পিতৃৰ মৃত্যু হয়। জীৱিকা উপার্জনৰ সৈতে তেওঁ স্বচ্ছতাকে জড়িত কৰিছে। আনুমানিক হিচাপত বিলালে প্রতি বছৰে ১২ হাজাৰ কিলোগ্রামতকৈও অধিক আৱর্জনা পৰিষ্কাৰ কৰে। স্বচ্ছতাৰ প্রতি তেওঁৰ দৃষ্টিভংগী আৰু ব্ৰেণ্ড এম্বেছাডৰ নির্বাচনত তেওঁলোকে লোৱা পদক্ষেপৰ বাবে শ্রীনগৰ পৌৰ নিগমক মই ধন্যবাদ জনাইছোঁ। শ্রীনগৰ এটি পর্যটন কেন্দ্র আৰু ভাৰতৱর্ষৰ সকলো নাগৰিকৰে শ্রীনগৰলৈ যোৱাৰ ইচ্ছা থাকে, তাত স্বচ্ছতাৰ প্রতি এনে গুৰুত্ব আৰোপ কৰাটো সচাই গুৰুত্বপূর্ণ। মই আনন্দিত যে পৌৰনিগমে বিলালক কেবল মাত্র ব্ৰেণ্ড এম্বেছাডৰেই নিয়োগ কৰা নাই, তেওঁলোকে বিলালক গাড়ী দিছে, ইউনিফর্ম দিছে। বিলালেও অন্য এলেকাত গৈ তাৰ লোকসকলক স্বচ্ছতাৰ বিষয়ে শিক্ষিত কৰি তুলিছে, তেওঁলোকক অনুপ্রাণিত কৰিছে আৰু প্রত্যাশিত ফল নোপোৱালৈকে এৰি দিয়া নাই। বিলাল ডাৰ বয়সত সৰু, কিন্তু স্বচ্ছতাৰ প্রতি যিসকলৰ আগ্রহ আছে, তেওঁলোকৰ বাবে প্রেৰণাদায়ক। মই বিলাল ডাৰক বহুত বহুত অভিনন্দন জনাইছোঁ।

মোৰ প্রিয় দেশবাসী, আমি এটা কথা স্বীকাৰ কৰিবই লাগিব যে ইতিহাসৰ গর্ভত ভৱিষ্যতৰ জন্ম হয়। আমি যেতিয়া ইতিহাসৰ কথা কওঁ, তেতিয়া মহাপুৰুষসকলৰ কথা মনলৈ অহাটো স্বাভাৱিক। অক্টোবৰ মাহত আমাৰ কেইবাগৰাকী মহাপুৰুষৰ স্মৰণ কৰাৰ মাহ। মহাত্মা গান্ধীৰ পৰা চৰদাৰ বল্লভ ভাই পেটেললৈকে অক্টোবৰ মাহত কেইবাগৰাকী মহাপুৰুষৰ জন্ম হৈছিল, যিসকলে বিংশ শতিকা আৰু একবিংশ শতিকাত আমাৰ নেতৃত্ব দিছিল। আমাক আগুৱাই যোৱাৰ পথ দেখুৱাইছিল আৰু দেশৰ বাবে তেওঁলোকে বহু কষ্ট সহ্য কৰিছিল। ২ অক্টোবৰ মহাত্মা গান্ধী আৰু লাল বাহাদুৰ শাস্ত্রীৰ জন্মদিন, ১১ অক্টোবৰ জয়প্রকাশ নাৰায়ণ আৰু নানাজী দেশমুখৰ জন্মদিন। আকৌ ২৫ ছেপ্টেম্বৰ পণ্ডিত দীনদয়াল উপাধ্যায়ৰ জন্মদিন। এইবছৰ তো আকৌ নানাজীৰ আৰু দীনদয়ালজীৰ জন্ম শতৱর্ষ। এই সকল মহাপুৰুষৰ এটা কেন্দ্র বিন্দু আছিল– সেইটো কি? তেওঁলোকৰ সকলোৰে এটা উমৈহতীয়া বিষয় আছিল, সেইটো হ’ল দেশৰ বাবে জীয়াই থকা, দেশৰ বাবে কিবা এটা কৰা আৰু কেৱল মাত্ৰ উপদেশ দিয়াই নহয়, জীৱন যাপনেৰে সেই উপদেশ পালন কৰা। গান্ধীজী, জয়প্রকাশজী, দীনদয়ালজী এনে মহাপুৰুষ আছিল, যিসকলে ক্ষমতাৰ অলিন্দৰ পৰা বহুত দূৰত থাকে, কিন্তু প্রতিটো মুহূর্ত সাধাৰণ মানুহৰ সৈতে জীৱন যাপন কৰিছিল, সংগ্রাম কৰিছিল, সর্বজনৰ হিতার্থে, সর্বজনৰ সুখার্থে কিবা নহয় কিবা এটা কৰিছিল। নানাজী দেশমুখে ৰাজনীতিৰ উপৰি গ্রামোন্নয়নৰ কামত মনোনিবেশ কৰিছিল। আজি আমি যেতিয়া তেওঁৰ শতবর্ষ পালন কৰিছো, তেতিয়া তেওঁৰ গ্রামোন্নয়নৰ কামক শ্রদ্ধা জনোৱাটো অতি স্বাভাবিক কথা।

ভাৰতৰ প্রাক্তন ৰাষ্ট্রপতি শ্রীযুত আব্দুল কালাম ডাঙৰীয়াই যেতিয়া তৰুণসকলৰ সৈতে বাৰ্তালাপ কৰিছিল, তেতিয়া তেওঁ প্রায়েই নানাজী দেশমুখৰ গ্রামীণ বিকাশৰ কথা আলোচনা কৰিছিল। গভীৰ আন্তৰিকতাৰে তেওঁ সেই কর্মসূচীৰ উল্লেখ কৰিছিল আৰু তেওঁ নিজেও নানাজীৰ এই কাম স্বচক্ষে চাবলৈ গাঁৱলৈ গৈছিল।

দীনদয়াল উপাধ্যায়ৰ দৰে মহাত্মা গান্ধীয়েও সমাজৰ নিম্নবর্গৰ লোকসকলৰ কথা কৈছিল। দীনদয়ালজীয়ে সমাজৰ অতি নিম্ন পৰ্যায়ৰ দুখীয়া, পীড়িত, শোষিত, বঞ্চিত জনসাধাৰণৰ জীৱনত পৰিৱর্তন অনাৰ কথা কৈছিল; শিক্ষা আৰু উপার্জনৰ জৰিয়তে কেনেকৈ তাৰ পৰিৱৰ্তন কৰিব পাৰি, সেই বিষয়ে আলাপ আলোচনা কৰিছিল। এই সকল মহাপুৰুষক স্মৰণ কৰিলে তেওঁলোকৰ কোনেও উপকাৰ কৰা নহয়, আমি এওঁলোকক স্মৰণ কৰি যাতে আগলৈ আগুৱাই যোৱাৰ পথ বিচাৰি পাও, যাৰ দ্বাৰা ভৱিষ্যতৰ বাবে সঠিক দিশ নির্দেশনা পাওঁ।

ইয়াৰ পাছৰ ‘মন কী বাত’ত মই অৱশ্যেই চর্দাৰ বল্লভভাই পেটেলৰ বিষয়ে ক’ম। ৩১ অক্টোবৰত সমগ্ৰ দেশতে Run for Unity ‘ এক ভাৰত শ্রেষ্ঠ ভাৰত ’ কর্মসূচী পালন কৰা হ’ব। দেশৰ প্রতিখন নগৰে-চহৰে ডাঙৰকৈ ‘Run for Unity ’ কার্যসূচী ৰূপায়ণ কৰা দৰকাৰ। বৰ্তমান পৰিৱেশ এনে হৈছেগৈ যে দৌৰিও ভাল লাগে–চর্দাৰ চাহাবৰ দৰে লৌহশক্তি পোৱাৰ বাবে সেইটো জৰুৰী। চর্দাৰ চাহাবে দেশক একত্ৰিত কৰিছিল, আমিও একতাৰ বাবে দৌৰি একতাৰ মন্ত্রক আগুৱাইয়ে নিয়াটো প্রয়োজন।

আমি প্ৰায়েই কওঁ বৈচিত্ৰতাৰ মাজত ঐক্যই হৈছে ভাৰতৰ বিশেষত্ব। বৈচিত্ৰতাৰ বাবে আমি গৌৰৱান্দিত, অথচ যি বৈচিত্র্যতাৰ বাবে আমি গর্বিত, নিজৰ সেই বৈচিত্ৰতাৰ বৈশিষ্ট্যক অনুভৱ কৰাৰ চেষ্টা কেতিয়াবা কৰেনে? মই ভাৰতৰ সকলো দেশবাসীক বাৰম্বাৰ কওঁ, বিশেষকৈ যুৱপ্রজন্মক ক’ব বিচাৰো যে আমি এক জাগ্রত অৱস্থাৰ মাজত আছো। ভাৰতৰ এই বিচ্ছিন্নতাক অনুভৱ কৰক, তাকে স্পর্শ কৰক, তাৰ গৌৰৱক উপলব্ধি কৰক। আপোনালোকৰ অন্তৰৰ ব্যক্তিত্বৰ বিকাশৰ বাবে আমাৰ দেশৰ এই বৈচিত্ৰ যেন বিৰাট এক পাঠশালাৰ ভূমিকা পালন কৰে। ছুটি পালে বা দীপাৱলীৰ অনুষ্ঠান আহিলে আমাৰ দেশৰ ক’ৰবাত ক’ৰবালৈ ফুৰিবলৈ যোৱাৰ এটা প্রৱণতা আছে। পৰ্যটকৰ দৰে সকলো ওলাই যায়। কিন্তু মাজে মাজে চিন্তা হয়, নিজৰ দেশক তো আমি তেনেকৈ চোৱা নাই, তাৰ বিভিন্নতাক জানিবলৈ বা বুজিবলৈ চেষ্টা কৰা নাই, কিন্তু বিদেশৰ ফেশ্বনত আকৰ্ষিত হৈ আজি কালি পর্যটনৰ বাবে বিদেশলৈ যোৱাটোকে অধিক পছন্দ কৰা আৰম্ভ কৰি আহিছোঁ। আপোনালোকে বিদেশলৈ যাওঁক, তাত মোৰ কোন আপত্তি নাই, কিন্তু কেতিয়াবা কেতিয়াবা নিজৰ ঘৰটোকো লক্ষ্য কৰক! উত্তৰ ভাৰতৰ মানুহৈ নাজানে দক্ষিণ ভাৰতত কি আছে? পশ্চিম ভাৰতৰ মানুহে নাজানে যে পূর্ব ভাৰতত কি আছে? আমাৰ এই দেশ যে কিমান বৈচিত্ৰতাপূৰ্ণ!

মহাত্মা গান্ধী, লোকমান্য তিলক, স্বামী বিবেকানন্দ, আমাৰ প্রাক্তন ৰাষ্ট্রপতি আব্দুল কালামজী-এওঁলোকৰ প্রত্যেকেই যেতিয়া ভাৰত ভ্রমণ কৰিছে, তেতিয়া তেওঁলোকে দেশক দেখাৰ, বুজি পোৱাৰ, দেশৰ বাবে জীয়াই থকা-দেশ বাবে মৰিবলৈ এক নতুন প্রেৰণা জাগি উঠিছিল। এই সকল মহাপুৰুষে দেশৰ চাৰিও চুক ঘুৰিছে। নিজৰ কামৰ আৰম্ভণিতে তেওঁলোকে ভাৰতক জনাৰ আৰু বুজিৰ পোৱাৰ চেষ্টা কৰিছে। ভাৰতক নিজৰ হৃদয়ত প্ৰতিষ্ঠা কৰাৰ চেষ্টা কৰিছে। আমিও যি পাৰো আমাৰ দেশৰ ভিন ভিন ৰাজ্যৰ, ভিন ভিন সমাজৰ বা গোষ্ঠীৰ নিয়মকানুন, পৰম্পৰা, তেওঁলোকৰ সাজ-পাৰ, পোছাক পৰিচ্ছদ, খাদ্যাভাস সন্দৰ্ভত এজন শিক্ষার্থীৰ দৰে শিকিবলৈ, বুজিবলৈ, তেওঁলোকৰ জীৱনচর্যা আয়ত্ত কৰিছোঁ।

পর্যটন খণ্ডত মুল্য তেতিয়াই সম্ভৱ, যেতিয়া আমি কেৱল দর্শক হিচাপে নহয়, এগৰাকী ছাত্রৰ দৰে তেওঁলোকৰ সকলো ঠাইৰ বৈশিষ্ট্যক গ্রহণ কৰি, বুজি আৰু হৃদয়ংগম কৰিবলৈ চেষ্টা কৰোঁ। ভাৰতবৰ্ষৰ পাঁচশতকৈ অধিক জিলালৈ যোৱাৰ মোৰ সুযোগ হৈছে। চাৰে চাৰিশতকৈ অধিক জিলাত ৰাতি কটোৱাৰো অভিজ্ঞতা হৈছে। আজি যেতিয়া মই দেশৰ এই গুৰত্বপূর্ণ দায়িত্ব পালন কৰিছো, তেতিয়া সেই ভ্রমণৰ অভিজ্ঞতাই মোৰ যথেষ্ট কাম আহে। সেইবাবেই বহুত বস্তু বুজিবলৈ মোৰ বিশেষ সুবিধা হয়। আপোনালোকৰ প্ৰতি মোৰ অনুৰোধ, এই বিশাল ভাৰতবৰ্ষত ‘বৈচিত্ৰতাৰ মাজত ঐক্য’ইয়াক কেৱল শ্ন’গান হিচাপে ন’লৈ, আমাৰ অপাৰ শক্তিৰ এই ভাণ্ডাৰকে উপলব্ধি কৰক। ‘এক ভাৰত শ্রেষ্ঠ ভাৰত’ৰ সপোনৰ মাজত নিহিত আছে। খাদ্য-পানীয়ই বিভিন্ন ধৰণৰ আছে! সমগ্ৰ জীৱনত প্রত্যেক দিনেই যদি এবিধ এবিধ নতুন খাদ্য খাও, হয়তু ইয়াৰ পুনৰাবৃত্তি নহ’ব। ইয়েই আমাৰ পর্যটনৰ এক ডাঙৰ শক্তি। মই বিচাৰো, এইবাৰৰ ছুটীৰ সময়ত আপোনালোকে কেৱল অলপ ঘৰৰ বাহিৰলৈ যায়। কিছু জানিম, বুজিম, হৃদয়ংগম কৰিম এনে প্রতিশ্ৰুতি লৈ ঘুৰিবলৈ যাওঁক। ভাৰতক নিজৰ মাজত গ্রহণ কৰক। কোটি কোটি দেশবাসীৰ বিভিন্নতাক আপোন কৰি লওঁক। এই উপলব্ধিয়ে আপোনালোক জীৱন সমৃদ্ধ কৰি তুলিব। আপোনালোকৰ চিন্তাৰ ব্যাপ্তি বিশাল হৈ পৰিব। উপলব্ধিক বাদ দি ডাঙৰ শিক্ষক আন কি হ’ব পাৰে! সাধাৰণতে অক্টোবৰৰ পৰা পৰৱৰ্তী মার্চলৈকে এই সময়চোৱা পর্যটনক বাবে উপযোগী। এই সময়তে সকলো ফুৰিবলৈ যায়। মোৰ বিশ্বাস, এবাৰ যদি আপোনালোক ফুৰিবলৈ যায়, তেতিয়াহ’লে মোৰ অভিযানক আপোনালোকে আৰু আগুৱাই লৈ যাব। আপোনালোকে য’লৈকে যায়, নিজৰ অভিজ্ঞতা আৰু ছবি শ্বেয়াৰ কৰক, ‘#incredibleindia’ত অৱশ্যেই আপোনালোকে ছবি পঠাব। তাৰ মানুহৰ সৈতে পৰিচয় হ’লে তেওঁলোকৰো ছবি পঠাওক। কেৱল তাৰ স্মৃতি বা স্থাপত্য, প্রাকৃতিক সৌন্দর্যই নহয়, তাৰ জন জীৱনৰ সম্পর্কও দুআষাৰ কথা লিখক। আপোনালোকে ফুৰিবলৈ যোৱা আচৰিত লগা সকলো প্রৱন্ধ লিখি ‘মাইগভ’লৈ পঠাই দিয়ক, ‘Narendramodiapp’ত পঠিয়াই দিয়ক। মই এটা বিষয় ভাবিছো, ভাৰতৰ পর্যটন উদ্যোগৰ উন্নতিৰ বাবে আপোনালোকে যদি নিজৰ নিজৰ ৰাজ্যৰ সাতটি এনে পৰ্যটন ক্ষেত্ৰ দিয়ক প্রত্যেক ভাৰতবাসীক নিজৰ ৰাজ্যৰ এই সাতটি দিশৰ বিষয়ে জনা দৰকাৰ। যদি সম্ভৱ হয় সেই সাতটি স্থান যাব পাৰি। আপুনি এই বিষয়ৰ যিকোনো তথ্য দিব নোৱাৰেনে? Narendramodiappত এইবোৰ ৰাখিব নোৱাৰিনে? ‘#Incredible India ’ত ৰাখিব নোৱাৰেনে? আপুনি চাব, এখন ৰাজ্যৰ সকলোৱে যদি এইবোৰ তথ্য পঠায়, তেতিয়া হ’লে মই চৰকাৰক ক’ম সেইবোৰ নিৰীক্ষণ কৰক, আৰু সাতটি উমৈহতীয়া বিষয়ৰ প্রত্যেক ৰাজ্যৰ পৰা আহিলে, সেইবোৰৰ লৈ প্রচাৰৰ ব্যৱস্থা কৰক। অর্থাৎ, এক প্রকাৰ মানুহৰ অভিপ্রায়ৰ পৰা পৰ্যটন ক্ষেত্ৰৰ উন্নতি কেনেদৰে কৰা হয়। এইদৰে আপুনি সমগ্র দেশত যিবোৰ দেখিছে, তাৰ মাজত সাতটি দিশ আপোনালোকৰ ভাল লাগিছে, আপুনি চাব কাৰোবাৰ নহয় কাৰোবাৰ সেইটো চোৱাৰ হেঁপাহ জাগিব। তালৈ যোৱা দৰকাৰ, এই বিষয়ে জনা দৰকাৰ, তেতিয়াহ’লে আপোনাৰ পছন্দৰ এনে সাতটি স্থান নাম MyGovত, NarendraModiApp ত অৱশ্যেই পঠাব। ভাৰত চৰকাৰ এই লৈ কাম কৰিব। এনে উত্তম স্থানক লৈ ছবি নিৰ্মাণ, ভিডিঅ’ নিৰ্মাণ, প্রচাৰ সাহিত্য প্ৰস্তুত কৰা, বাহবা দিয়া–আপোনাৰ দ্বাৰা নির্ণয় কৰা বিষয়ত চৰকাৰে মানি ল’ব। আহক, আমাৰ সৈতে সহযোগ কৰক। এই অক্টোবৰ মাহৰ পৰা মার্চ মাহৰ সময়চোৱা পর্যটনৰ উন্নতিত আপুনিও এটা ডাঙৰ অনুঘটক হ’ব পাৰে। মই আপোনালোক আমন্ত্রণ জনাইছোঁ।

মোৰ প্রিয় দেশবাসী, এজন মানুহ হোৱাৰ খাতিৰতে বহুকেইটা দিশে মোৰ মনকো চুঁই গৈছে, মোৰ অন্তৰত আন্দোলিত কৰে। এইবোৰে মোৰ মনত গভীৰ প্রভাৱ পেলায়। কাৰণ মইওতো আপোনালোকৰ দৰেই মানুহ। কিছুদিন আগৰ ঘটনা, হয়তু আপোনালোকৰো দৃষ্টি আকর্ষিত হৈছে– নাৰীশক্তি আৰ দেশপ্রেমৰ এক অনবদ্য উদাহৰণ দেশবাসীয়ে দেখিলে। ভাৰতীয় সেনা লেফটেনেন্ট স্বাতি আৰু নিধি নামৰ দুগৰাকী অসাধাৰণ বীৰাংগনা। অসাধাৰণ এই বাবেই যে স্বাতি আৰ নিধিৰ স্বামী ভাৰত ভূমিৰ সেৱা কৰি কৰি শ্বহীদ হ’ল। আমি কেৱল চিন্তা কৰিব পাৰো যে ইমান কম বয়সতে সংসাৰ নিঃশেষ হ’লে মনৰ অৱস্থা কেনে হ’ব? কিন্তু শ্বহীদ কর্নেল সন্তোষ মহাদিকৰ স্ত্রী স্বাতি মহাদিকে এই কঠিন পৰিস্থিতিৰ বিৰুদ্ধে যুঁজি এই সিদ্ধান্ত লয় আৰু ভাৰতীয় সেনাত যোগদান কৰে। ১১ মাহ ধৰে কঠোৰ পৰিশ্রম কৰি প্রশিক্ষণ লয় আৰু নিজৰ স্বামীৰ সপোনা কৰিবলৈ নিজৰ জীৱন ত্যাগ কৰে। তেনেদৰেই নিধি দুবেৰ স্বামী মুকেশ দুবে সেনাৰ নায়ক পদত কাম কৰিছিল আৰু মাতৃভূমিৰ বাবে যেতিয়া শ্বহীদ হয়, তেওঁৰ পত্নী নিধি মনে মনে সিদ্ধান্ত লয় আৰু তেৱোঁ সেনাত ভর্তি হয়। প্রত্যেক দেশবাসীৰে আমাৰ এই নাৰীশক্তিৰ ওপৰত, আমাৰ এই বীৰাংগনাসকলৰ প্রতি সন্মান দেখুওৱাটো অতি স্বাভাবিক। মই এই দুয়োগৰাকী ভনীক অন্তৰৰ পৰা বহুত বহুত অভিনন্দন জনাইছোঁ। তেওঁলোকে দেশৰ কোটি কোটি লোকৰ বাবে এক নতুন প্রেৰণা, এক নতুন চেতনা জাগ্রত কৰিলে। তেওঁলোক দুয়োকে বহুত বহুত অভিনন্দন জনাইছোঁ।

মোৰ প্রিয় দেশবাসী, নৱৰাত্রিৰ উৎসৱ আৰু দীপাৱলীৰ মাজৰ এই সময়চোৱা আমাৰ দেশৰ যুব প্রজন্মৰ বাবে এক ডাঙৰ সুযোগ। ফিফা ১৭ বছৰ অনূৰ্ধ্ব বিশ্বকাপ আমাৰ দেশত অনুষ্ঠিত হ’ব। মোৰ বিশ্বাস চাৰিওফালে ফুটবলৰ গুঞ্জন শুণা যাব। প্রত্যেক প্রজন্মৰে ফুটবলৰ প্রতি আকর্ষণ বৃদ্ধি পাব। ভাৰতবর্ষৰ কোনো স্কুল-কলেজৰ এনে কোনো ফিল্ড নাথাকিব, য’ত আমাৰ তৰুণসকলে ফুটবল নেখেলাকৈ আছে। আহক, সমগ্র বিশ্বই যেতিয়া ভাৰতৰ মাটিত খেলিবলৈ আহিছে, আমিও এই খেলবিধক আমাৰ জীৱনৰ অংগ কৰি লওঁ।

মোৰ প্রিয় দেশবাসী, নবৰাত্রিৰ উৎসব আৰম্ভ হৈছে। এতিয়া মা দুর্গাৰ বোধনৰ সময়। সমগ্র পৰিৱেশ পবিত্র সুগন্ধিৰে ভৰি পৰিছে। চাৰিওফালে এক আধ্যাত্মিকতাৰ পৰিৱেশ, উৎসৱৰ পৰিৱেশ, ভক্তিৰ পৰিৱেশ, এই সকলোবোৰকে একাংশই শক্তিৰ আৰাধনাৰ উৎসৱ হিচাপে পালন কৰে। ইয়াকে আমি শাৰদীয়-নবৰাত্রি হিচাৰে জানো। ইয়াৰ পৰাই শৰৎ ঋতুৰ আৰম্ভ হয়। নবৰাত্রিৰ এই শুভ উৎসৱ উপলক্ষে মই দেশবাসীক বহুত বহুত অভিনন্দন জনাইছোঁ, মাতা শক্তিৰ ওচৰত প্রার্থনা জনাওঁ যে দেশৰ সাধাৰণ লোকসকলৰ আশা-আকাংক্ষা পুৰণৰ উদ্দেশ্যে আমাৰ দেশে সাফল্যৰ নতুন শিখৰত উপনীত হওঁক। প্রতিটো প্ৰত্যাহ্বানৰ মোকাবিলা কৰাৰ ক্ষমতা আমাৰ দেশৰ আহক। দেশে দ্রুত গতিত উন্নতি কৰক আৰু ২০২২ত ভাৰতৰ স্বাধীনতাৰ ৭৫ বছৰ–স্বাধীনতা সংগ্রামীসকলৰ সপোন পুৰণৰ প্রয়াস, ১২৫ কোটি ভাৰতীয়ৰ সংকল্প, কঠোৰ পৰিশ্রম, অসীম পুৰুষাৰ্থ আৰু সংকল্পক বাস্তৱ ৰূপ দিয়াৰ লক্ষ্যৰে পাঁচ বছৰৰ ৰোড মেপ প্ৰস্তুত কৰি আমি যাত্রা আৰম্ভ কৰিছো, শক্তি দেৱীয়ে আমাক আশীর্বাদ দিয়ক। আপোনালোক সকলোকে বহুত বহুত শুভকামনা। উৎসৱ পালন কৰুন, সকলোৰে উৎসাহক উজ্জীৱিত কৰক।

বহুত বহুত ধন্যবাদ।

***

AKT/HS/DB