PMINDIA

News Updates

The content is auto sourced from PIB

ৰাজ্যসভাত উপ-ৰাষ্ট্ৰপতি এম. ভেংকায়া নাইডুক আদৰণী জনাই প্ৰধানমন্ত্ৰীয়ে আগবঢ়োৱা ভাষণৰ লিখিত ৰূপৰ ইংৰাজী সংস্কৰণ

শ্ৰদ্ধাৰ সভাপতি ডাঙৰীয়াক সদনৰ হৈ, দেশবাসীৰ হৈ আপোনাক বহুত বহুত অভিনন্দন আৰু শুভকামনা জনাইছোঁ।

আজি ১১ আগষ্ট, ইতিহাসত এই তাৰিখটোৰ গুৰুত্ব অপৰিসীম। আজিৰ দিনটোতে মাত্র ১৮বছৰ বয়সীয়া স্বাধীনতা সংগ্রামী খুদিৰাম বসুক ফাঁচীৰ কাঠত ওলোমাইছিল। দেশৰ স্বাধীনতা সংগ্রামত কিমান যুদ্ধ হ’ল, কিমান স্বাধীনতা সংগ্রামীয়ে প্রাণ বিসর্জন দিলে, তেওঁলোকৰ স্মৃতিয়ে আমাক মনত পেলাই দিয়ে যে তেওঁলোকৰ সপোন বাস্তৱ কৰিবলৈ আমাৰ সকলোৰে যথেষ্ট দায়িত্ব আছে।

আমাৰ সকলোৰে এই কথাৰ প্ৰতি দৃষ্টি আকর্ষণ হৈছে যে ভেংকায়া নাইডু দেশৰ প্রথমগৰাকী উপ-ৰাষ্ট্রপতি, যিগৰাকীৰ দেশ স্বাধীন হোৱাৰ পাছত জন্ম হৈছিল। তদুপৰি, শ্রী ভেংকায়া নাইডু হৈছে প্রথমগৰাকী উপ-ৰাষ্ট্রপতি, যি সম্পূর্ণ ৰাজনৈতিক জীৱন কেন্দ্রীয় চৰকাৰৰ বিভিন্ন দায়িত্ব পালন কৰি আহিছে। এই সংসদ ভবন তেওঁৰ বাবে হাতৰ তলুৱাসদৃশ। সংসদৰ সদস্যৰ পৰা আৰম্ভ কৰি বিভিন্ন সমিতিৰ দায়িভাৰ পালন কৰা, সংসদ অধিৱেশনত সক্রিয় অংশগ্রহণৰ পৰা আদি কৰি এতিয়া উপ-ৰাষ্ট্রপতি পদত অধিষ্ঠিত হৈছে। দেশে সম্ভৱত প্রথমবাৰলৈ এনে এগৰাকী উপ-ৰাষ্ট্রপতি পাইছে।

জয়প্রকাশ নাৰায়ণৰ আন্দোলনৰ পৰাই তেওঁ সামাজিক কাম-কাজৰ সৈতে জড়িত হৈ পৰে। ছাত্রাৱস্থাতে জয়প্রকাশ নাৰায়ণৰ আহ্বানত শুচিতাৰ পৰা সুশাসনৰ যি দেশজোৰা আন্দোলন আৰম্ভ হৈছিল, অন্ধ্রপ্রদেশত এজন ছাত্রনেতা ৰূপে তেওঁ আন্দোলনৰ নেতৃত্ব দিছিল। আৰু তেতিয়াই অন্ধ্রপ্রদেশৰ বিধানসভালৈ নির্বাচিত হোৱাৰ পাছৰে পৰা ৰাজ্যসভাৰ সদস্য হিচাপে দায়িত্ব পালনৰ জৰিয়তে তেওঁ নিজৰ ব্যক্তিত্বৰ বিকাশ ঘটাবলৈ সক্ষম হৈছে। তেওঁৰ কামৰ পৰিধিও ক্রমে দিনক দিনে বৃদ্ধি পাই আহিছে। ফলস্বৰূপে, আজি সকলোৱে এই গুৰুত্বপূৰ্ণ পদৰ অধিকাৰী হোৱাৰ গৌৰব প্রদান কৰিছে।

ভেংকায়াজী কৃষকৰ সন্তান। বহু বছৰ ধৰি তেওঁৰ সৈতে মোৰ কাম কৰাৰ সৌভাগ্য হৈছে। গাওঁ, দুখীয়া লোক, আৰু কৃষক এই সকলো বিষয়ক পংখানুপুংখ অধ্যয়ন কৰি সকলো সময়তে তেওঁ নিজৰ ইনপুট প্ৰদান কৰে। কেবিনেটত তেওঁ নগৰ উন্নয়ন মন্ত্রী হিচাপে কাৰ্যনিবাহ কৰিছিল। কিন্তু মই অনুভৱ কৰিছোঁ যে কেবিনেটত নগৰ উন্নয়নৰ সন্দৰ্ভত তেওঁ যিমান আলোচনা কৰিছিল, গ্রামোন্নয়নৰ দিশতো সিমানেই গুৰুত্ব দি কৃষকসকলৰ বিষয়সমূহ তুলি ধৰিছিল। এই সকলো তেওঁ অতি আন্তৰিকতাৰে কৰে; হয়তু তেওঁৰ পাৰিয়ালৰ পটভূমিতে এয়া সম্ভৱ হৈছে।

ভেংকায়া জী উপ-ৰাষ্ট্রপতি পদত অধিষ্ঠিত হ’ল যেতিয়া সমগ্ৰ বিশ্বৰ সন্মুখত আমাৰ গণতন্ত্রৰ পৰিপক্কতাক তুলি ধৰাৰ প্রয়োজন অনুভূত হৈছে। সকলো ৰাজনৈতিক দলৰ ঊর্ধ্বত এই দায়িত্ব। বিশ্বক বুজাব লাগিব যে ভাৰতৰ সংবিধানৰ প্রতিটো দফাৰ কিমাম শক্তি! সামর্থ্য কিমান! আজি ভাৰতৰ আটাইতকৈ সাংবিধানিক উচ্চপদত এনে ব্যক্তি বহিছে, যিগৰাকী দুখীয়া পৰিয়ালৰ সন্তান, তেওঁৰ প্রেক্ষাপট দাৰিদ্র্য, গাওঁ আৰু সাধাৰণ নিম্নবিত্ত পৰিয়ালৰ। তেওঁৰ কোনো উচ্চ বংশত জন্ম গ্ৰহণ কৰা নাই। প্রথমবাৰলৈ আটাইতকৈ সাংবিধানিক উচ্চপদত দুখীয়া পৰিয়ালৰ ব্যক্তি অধিষ্ঠিত হোৱা বিষয়টোৱে ভাৰতৰ সংবিধানৰ গৰিমাকে প্রদর্শন কৰে। আমাৰ গণতন্ত্রৰ পৰিপক্কতাক প্রমাণ কৰে। সেইবাবে ১২৫ কোটি ভাৰতীয়ই এই লৈ গর্ব কৰিব পাৰে। আমাৰ পূর্ব-পুৰুষসকলে আমাৰ যি ঐতিহ্য দি গৈছে, এই ঘটনাৰ মাধ্যমত সেই ঐতিহ্যৰ গৰিমা অনুভৱ কৰিব পৰা যায়। সেই বাবে মই পুনৰবাৰ দেশৰ সংবিধান নির্মাতাসকলৰ ওচৰত প্রণাম জনাইছোঁ।

ভেংকায়া জী তীক্ষ্ম ব্যক্তিত্ব, কর্তৃত্ব আৰু এগৰাকী সুবক্তা হিচাপে সর্বজনবিদিত। তেওঁ যেতিয়া তেলুগু ভাষাত বক্তৃতা প্ৰদান কৰে, এনে লাগে যেন ছুপাৰফাষ্ট ৰেলগাড়ী চলাইছে। এয়া তেতিয়াহে সম্ভৱ, যেতিয়া অন্তৰৰ চিন্তা-ভাৱনা স্পষ্ট হয়। শ্রোতাৰ সৈতে নিজকে জড়িত কৰিবলৈ শব্দৰ খেলা নির্ভৰ বক্তৃতা দিলে নহ’ব, শব্দেৰ খেলাই কাৰো অন্তৰ স্পর্শ নকৰে। কিন্তু শ্রদ্ধাভাৱৰ পৰা অংকুৰিত চিন্তা-ভাবনাৰ ভিত্তিতে নিজৰ ধাৰণা আৰু দূৰদৃষ্টিত হৃদয়ৰ পৰা ওলোৱা শব্দাৱলীৱে মানুহৰ মন স্পর্শ কৰে। ভেংকায়া জীৰ বক্তব্যই এনেদৰেই মানুহৰ মন চুই যায়।

এইটো সত্য যে আজি সংসদত এনে কোনো নির্বাচিত জনপ্রতিনিধি নাই, যিগৰাকীয়ে চৰকাৰৰ ওচৰত তেওঁৰ এলেকাৰ গ্রামোন্নয়ন আৰু সৰ্বাংগীন উন্নতিৰ খাতিৰত বিভিন্ন প্রকল্পৰ বাবে বাৰে বাৰে অনুৰোধ কৰা নাই! সেয়া লাগিলে ড০ মনমোহন সিং ডাঙৰীয়াৰ দিনতে হওঁক অথবা মোৰ চৰকাৰৰ দিনতে হওঁক। নিজৰ এলেকাত প্রধানমন্ত্রী গ্রাম সড়ক যোজনাৰ দ্রুত বাস্তৱায়নৰ বাবে তেওঁলোকে অনুৰোধ জনায়। আমাৰ সাংসদসকলৰ বাবে গৌৰৱৰ কথা যে এই প্রধানমন্ত্রী গ্রাম সড়ক যোজনা আমাৰ উপ-ৰাষ্ট্রপতি ভেংকায়া নাইডু’ৰ কল্পনাৰ ফল। গাওঁ, দুখীয়া ব্যক্তি, দলিত, পীড়িত, শোষিতসকলৰ প্রতি মনত সংবেদনা থাকিলে তেতিয়াই কাৰোবাৰ মনত তেওঁলোকক সেই কঠিন পৰিস্থিতিৰ পৰা মুক্ত কৰাৰ প্রৱল ইচ্ছা জন্মিব পাৰে।

আজি যেতিয়া ভেংকায়া জী আমাৰ মাজত উপ-ৰাষ্ট্রপতি হিচাপে অধিষ্ঠিত হ’ল, আমাৰ সকলোৰে বাবে অলপদিন খুব কঠিন হ’ব। কাৰণ আদালতত কোনো উকীল যেতিয়া নির্বাচিত হৈ বিচাৰপতিৰ দায়িত্ব গ্রহণ কৰে, তেতিয়া আৰম্ভণিৰ পৰা বাৰ সদস্যসকলৰ মন অদ্ভুত অনুভূতি হয়। ইমান দিন যিগৰাকীয়ে আমাৰ সৈতে নিয়মিত আড্ডা দি আছিল, এতিয়া তেওঁক কি বুলি সন্মান কৰিব। আমাৰ গণতন্ত্রৰ বৈশিষ্ট্যই এয়া যে আমি পৰিস্থিতি অনুকূল কৰ্মশৈলীৰ সৈতে খাপ খাব লাগে।

মই বিশ্বাস কৰোঁ যে যিগৰাকী ব্যক্তিয়ে ইমান দিন ৰাজ্যসভাৰ সদস্য আছিল, প্রতিটো ঘটনা আৰু সিদ্ধান্তৰ বিৱৰণ পুংখানুপুংখকৈ জানে, সেই ব্যক্তিজনে উপ-ৰাষ্ট্রপতি হিচাপে আমাক সঠিক পথ দেখুৱাবলৈ সক্ষম হ’ব। এই পদৰ গৰিমাক আৰু ওপৰলৈ তুলি নিয়াৰ ক্ষেত্রত তেওঁৰ অবিস্মৰণীয় অৱদান থাকিব। ইয়াৰ জৰিয়তে মই বহুত ডাঙৰ পৰিৱর্তনৰ সংকেত পাইছোঁ। এই পৰিৱর্তন দেশৰ ভালৰ বাবে হ’ব। আজf ভেংকায়া জীক এই গৰিমাময় পদত অধিষ্ঠিত হোৱা দেখি এটি কবিতাৰ শাৰী মোৰ মনত পৰিছে-

আমল কৰো এইচা আমন মেঁ,

আমল কৰো এইচা আমন মেঁ,

জঁহা ছে গুজৰে তুমহাৰি নজৰে,

উধৰ ছে তুমহে ছেলাম আয়ে।

অউৰ উচি কো জোড়তে হুয়ে মেঁই কহনা চাহুংগা–

এই পংক্তিৰ শব্দসমূহ সামান্য সালসলনি কৰি মই ক’ব বিচাৰিছোঁ-

আমল কৰে এইচা সদন মেঁ,

জঁহা ছে গুজৰে তুমহাৰী নজৰে,

উধৰ ছে তুমহে সেলাম আয়ে।

বহুত বহুত শুভেচ্ছা। বহুক বহুত ধন্যবাদ।

***

AKT/SH/DB