পি এম ইণ্ডিয়া
আমাৰ বিষয়ে :
ক’ভিড-১৯ৰ দৰে মহামাৰীয়ে সৃষ্টি কৰা নিতান্ত জৰুৰীকালীন অৱস্থাৰ দৰে দুৰ্যোগময় পৰিস্থিতিত সংকট পীড়িতসকলৰ লগতে সৰ্বসাধাৰণ ৰাইজৰ সকাহ দানক প্ৰাথমিক উদ্দেশ্য হিচাপে লৈ ৰাষ্ট্ৰীয় পৰ্যায়ত এটি উচৰ্গিত পুঁজি গঠনৰ প্ৰয়োজনীয়তা স্বীকাৰ কৰি ‘প্ৰাইম মিনিষ্টাৰ্ছ চিটিজেন এছিষ্টেঞ্চ এণ্ড ৰিলিফ ইন ইমাৰজেন্সী ছিটুয়েশ্যন ফাণ্ড’(পিএম কোয়াৰ্ছ ফাণ্ড) শীৰ্ষক দাতব্য পুঁজিটো গঠন কৰা হয়।
অনলাইনৰে দান-বৰঙণি দিয়াৰ ববে
উদ্দেশ্য :
• মানৱ সৃষ্টই হওক বা প্ৰাকৃতিকেই হওক যিকোনো ধৰণৰ জন-স্বাস্থ্য সম্পৰ্কীয় জৰুৰী পৰিস্থিতি অথবা আপদকালীন অৱস্থা, দুৰ্যোগ কিম্বা সংকটৰ সময়ত সাহায্যৰ ব্যৱস্থা কৰাৰ লগতে স্বাস্থ্যসেৱা ব্যৱস্থাৰ উন্নয়ণ-উত্তৰণ, ঔষধ-পাতিৰ সুবিধা কৰা, প্ৰয়োজনীয় আন্তঃগাঁথনি নিৰ্মাণ কৰা, গৱেষণা অথবা তেনে জাতীয় কাম-কাজত সহযোগিতা আগবঢ়োৱা।
• সংকটপীড়িত এলেকাৰ জনতাৰ বাবে গঠিত ‘ন্যাসৰক্ষী পৰিষদ’-য়ে প্ৰয়োজনীয় বুলি বিবেচনা কৰা পদক্ষেপ গ্ৰহণৰ বাবে প্ৰয়োজন হোৱা বিত্তীয় সহযোগিতা, ধন আদায় দিয়াৰ বাবে পুঁজিৰ অনুমোদন দিয়া অথবা তেনে উদ্যোগ গ্ৰহণ কৰা।
• উল্লিখিত উদ্দেশ্যৰ বাহিৰৰ যিকোনো সংগত কামৰ বাবে পদক্ষেপ গ্ৰহণ কৰা।
ন্যাসৰ গঠন :
• ‘পিএম কেয়াৰ্ছ পুঁজি’ৰ ‘পদেন’ অধ্যক্ষ হ’ল স্বয়ং প্ৰধানমন্ত্ৰী আৰু ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰী, গৃহ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী আৰু বিত্ত মন্ত্ৰী হ’ল এই ন্যাসৰ ‘পদেন’ ন্যাসৰক্ষী।
• ‘ন্যাস পৰিষদ’ৰ অধ্যক্ষ(প্ৰধানমন্ত্ৰী)ই গৱেষণা, স্বাস্থ্য, বিজ্ঞান, সমাজসেৱা, আইন, ৰাজহুৱা প্ৰশাসন তথা দৰ্শন আদিৰ দৰে ক্ষেত্ৰত অনবদ্য অৰিহণা আগবঢ়োৱা ব্যক্তিৰ মাজৰ পৰা আন তিনিগৰাকী সদস্য ন্যাসৰক্ষীক মনোনীত কৰাৰ ক্ষমতা লাভ কৰে।
• ন্যাসৰক্ষী হিচাপে নিযুক্তি পোৱা যিকোনো ব্যক্তিয়েই পৰামৰ্শ দানৰ সামৰ্থ্যৰে ভূমিকা পালন কৰিব পাৰে।
অন্যান্য বিৱৰণ :
• এই পুঁজি সম্পূৰ্ণ ভাবে ৰাইজে ব্যক্তিগতভাবে/সংগঠনসমূহে স্ব-ইচ্ছাই আগবঢ়োৱা দান-বৰঙণিৰে গঠিত হয়। ইয়াৰ বাবে কোনো বাজেটৰ ধন আৱণ্টিত কৰা নহয়। উপৰিউক্ত উদ্দেশ্যসমূহৰ বাবে এই পুঁজিৰ ধন ব্যৱহাৰ কৰা হয়।
• ‘পিএম কেয়াৰ পুঁজি’লৈ আগবঢ়োৱা ধনৰ ক্ষেত্ৰত ‘আয়কৰ আইন, ১৯৬১’ৰ ৮০-জি ধাৰা প্ৰযোজ্য হ’ব আৰু সেই অনুসৰি এই ধনৰাশি ১০০শতাংশ কৰ মুক্ত হ’ব। ‘পিএম কেয়াৰ্ছ পুঁজি’লৈ আগবঢ়োৱা দানক ‘কোম্পানী আইন, ২০১৩’ৰ অধীনত ‘ক’ৰ্পোৰেট সামাজিক দায়বদ্ধতা (চিএছআৰ) ব্যয়’ হিচাপে গণ্য কৰা হয়।
• ‘এফচিআৰএ’-ৰ অধীনতো ‘পিএম কেয়াৰ পুঁজি’ৰ ধনৰাশিয়ে ৰেহাই লাভ কৰে আৰু বিদেশী দান গ্ৰহণ কৰিব পৰাকৈ এটা পৃথক একাউণ্ট খোলা হৈছে। ইয়াৰ সুবাদত ‘পিএম কেয়াৰ্ছ পুঁজি’য়ে বিদেশৰ ব্যক্তি তথা সংস্থা-সংগঠনৰ পৰাও দান গ্ৰহণ কৰিব পাৰে। ‘প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য নিধি’(পিএমএনআএফ)ৰ সংগতি ৰাখিয়েই এই পুঁজি পৰিচালিত হয়। ‘পিএমএনআএফ’-ৰেও ২০১১চনৰ পৰা এক ৰাজহুৱা ন্যাস হিচাপে বিদেশী দান গ্ৰহণ কৰি আহিছে।