পি এম ইণ্ডিয়া

শ্ৰী ইন্দিৰা গান্ধী

১৪ জানুৱাৰী, ১৯৮০- ৩১ অক্টোবৰ, ১৯৮৪ | কংগ্ৰেছ (আই)

শ্ৰী ইন্দিৰা গান্ধী

১৯১৭ চনৰ ১৯ নৱেম্বৰ তাৰিখে শ্ৰীমতী ইন্দিৰা গান্ধীৰ এক অভিজাত পৰিয়ালত জন্ম হৈছিল৷ তেওঁৰ পিতৃৰ নাম আছিল পণ্ডিত জৱাহৰলাল নেহৰু৷ তেওঁ বহুকেইখন অভিজাত শিক্ষা প্ৰতিষ্ঠান ইক’ল ন’ভেল, বেক্স (ছুইজাৰলেণ্ড), ইক’ল ইণ্টাৰনেচনেল (জেনেভা), পুনা আৰু বম্বেৰ পিউপিলছ অউন স্কুল, ব্ৰিষ্টলৰ বেডমিণ্টন স্কুল, শান্তিনিকেতনৰ বিশ্বভাৰতী, অক্সফ’ৰ্ডৰ ছ’মাৰভাইল কলেজত শিক্ষা গ্ৰহণ কৰিছিল৷ তেওঁক বৈশ্বিকভাৱে বিশ্ববিদ্যালয়সমূহৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হৈছিল৷ ঈৰ্ষণীয় প্ৰতিভাৰ অধিকাৰী শ্ৰীমতী গান্ধীয়ে কলম্বিয়া বিশ্ববিদ্যালয়ৰ পৰাও ডিষ্টিংচন লাভ কৰিছিল৷ শ্ৰীমতী গান্ধীয়ে সক্ৰিয়ভাৱে স্বাধীনতাৰ যুঁজত অংশগ্ৰহণ কৰিছিল৷ শৈশৱতে তেওঁ ‘বাল চৰখা সংঘ’ আৰু ১৯৩০ চনত শিশুসকলৰ দ্বাৰা ‘বানৰ সেনা’ স্থাপন কৰি কংগ্ৰেছক অসহযোগ আন্দোলনত সহায় কৰিছিল৷ ১৯৪২ চনত তেওঁক কাৰাৰুদ্ধ কৰিছিল আৰু ১৯৪৭ চনত গান্ধীজীৰ তত্বাৱধানত দিল্লীৰ হিংসা জৰ্জৰিত অঞ্চলসমূহত কাম কৰিছিল৷

১৯৪২ চনৰ ২৬ মাৰ্চ তাৰিখে তেওঁ ফিৰোজ গান্ধীৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় আৰু দুটি সন্তানৰ মাতৃ হয়৷ ১৯৫৫ চনত শ্ৰীমতী গান্ধী কংগ্ৰেছৰ ৱৰ্কিং কমিটী তথা দলটোৰ কেন্দ্ৰীয় নিৰ্বাচনৰ সদস্য হয়৷ ১৯৮৫ চনত তেওঁ কংগ্ৰেছৰ কেন্দ্ৰীয় সংসদীয় ব’ৰ্ডৰ সদস্য হিচাপে যোগদান কৰে৷ ১৯৫৬ চনত তেওঁ এ.আই.চি.চিৰ ৰাষ্ট্ৰীয় সংহত পৰিষদৰ অধ্যক্ষা আৰু সদৌ ভাৰত যুৱ কংগ্ৰেছৰ অধ্যক্ষা পদত আসীন হয়৷ ১৯৫৯ চনৰ পৰা ১৯৬০লৈ আৰু পুনৰাই ১৯৭৮ চনলৈ তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধ্যক্ষা পদত আসীন হয়৷

১৯৬৪ৰ পৰা ১৯৬৬ লৈ তেওঁ তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ মন্ত্ৰী আছিল৷ ইয়াৰ পিছত তেওঁ ১৯৬৬ৰ জানুৱাৰীৰ পৰা ১৯৭৭ চনৰ মাৰ্চলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে যোগদান কৰে৷ একেসময়তে ১৯৬৭ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা ১৯৭৭ চনৰ মাৰ্চ মাহলৈ আণৱিক শক্তিৰ মন্ত্ৰী পদতো কাম কৰি আছিল৷ তাৰোপৰি তেওঁ অতিৰিক্তভাৱে ১৯৬৭ চনৰ ৫ ছেপ্টেম্বৰ তাৰিখৰ পৰা ১৯৬৯ চনৰ ১৪ ফেব্ৰুৱাৰীলৈ বৈদেশিক পৰিক্ৰমাৰ বিভাগৰ মন্ত্ৰীৰ দায়িত্বও পালন কৰি আছিল৷ শ্ৰীমতী গান্ধীয়ে ১৯৭০ চনৰ জুন মাহৰ পৰা ১৯৭৩ চনৰ নৱেম্বৰলৈ গৃহ পৰিক্ৰমা তথা ১৯৭২ চনৰ জুনৰ পৰা ১৯৭৭ চনৰ মাৰ্চ মাহলৈ মহাকাশ বিভাগৰ মন্ত্ৰীৰ দায়িত্বও পালন কৰিছিল৷ ১৯৮০ চনৰ পৰা তেওঁ পৰিকল্পনা আয়োগৰ অধ্যক্ষা হিচাপে দায়িত্ব পালন কৰিছিল৷ পুনৰাই তেওঁ ১৯৮০ চনৰ ১৪ জানুৱাৰীৰ পৰা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত দায়িত্ব গ্ৰহণ কৰে৷

শ্ৰীমতী ইন্দিৰা গান্ধী বিভিন্ন বৃহৎ অনুষ্ঠানৰ সৈতে জড়িত আছিল৷ যেনে কমলা নেহৰু স্মাৰক চিকিৎসালয়, গান্ধী স্মাৰক নিধি আৰু কস্তুৰবা গান্ধী স্মাৰক ন্যাস ইত্যাদি৷ তেওঁ স্বৰাজ ভৱন ন্যাসৰ অধ্যক্ষা আছিল৷ তেওঁ ১৯৫৫ চনত বাল সহযোগ, বাল ভৱন ব’ৰ্ড আৰু শিশুৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয়ৰ সৈতেও জড়িত আছিল৷ শ্ৰীমতী গান্ধীয়ে এলাহাবাদত কমলা নেহৰু বিদ্যালয় স্থাপিত কৰিছিল৷ ইয়াৰোপৰি ১৯৬৬-৭৭ চনত তেওঁৰ অন্যান্য কিছুমান ডাঙৰ অনুষ্ঠান যেনে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় আৰু উত্তৰ-পূব বিশ্ববিদ্যালয়ৰ সৈতেও জড়িত আছিল৷ তাৰোপৰি দিল্লী বিশ্ববিদ্যালয় কোৰ্ট, ইউনেস্ক’ (১৯৬০-৬৪)ৰ ভাৰতৰ প্ৰতিনিধি, ১৯৬০-৬৪লৈ ইউনেস্ক’ৰ কাৰ্যকৰী ব’ৰ্ডৰ সদস্য, ১৯৬২ চনত ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা আয়োগৰ সৈতে তেওঁ জড়িত আছিল৷ তেওঁ সংগীত নাটক একাডেমী, ৰাষ্ট্ৰীয় সংহত আয়োগ, হিমালয়ান পৰ্বতাৰোহণ প্ৰতিষ্ঠান, দক্ষিণ ভাৰত হিন্দী প্ৰচাৰ সভা, নেহৰু স্মাৰক সংগ্ৰহালয় আৰু পুথিভঁৰাল সমাজ তথা জৱাহৰলাল নেহৰু স্মাৰক পুঁজিৰ সৈতেও জড়িত আছিল৷

১৯৬৪ চনত ৰাজ্য সভাৰ সদস্য পদৰ বাবে নিৰ্বাচিত হৈ ১৯৬৭ চনৰ ফেব্ৰুৱাৰী মাহলৈ তেওঁ দায়িত্ব পালন কৰিছিল৷ তেওঁ লোকসভাৰ চতুৰ্থ, পঞ্চম আৰু ষষ্ঠ অধিৱেশনত সদস্য নিৰ্বাচিত হৈছিল৷ তেওঁ ১৯৮০ চনৰ জানুৱাৰী মাহত ৰায়বাৰেলি (উত্তৰ প্ৰদেশ) আৰু মেধক (অন্ধ্ৰ প্ৰদেশ)ৰ পৰা সপ্তম লোক সভালৈ নিৰ্বাচিত হৈছিল৷ তেওঁ মেধকৰ আসনখন গ্ৰহণ কৰি ৰায়বাৰেলি পৰিত্যাগ কৰিছিল৷ তেওঁ ১৯৬৭-৭৭ চনত আৰু পুনৰাই ১৯৮০ চনৰ জানুৱাৰী মাহত কংগ্ৰেছৰ সংসদীয় দলৰ নেত্ৰী হিচাপে নিৰ্বাচিত হৈছিল৷

বিষয়সমূহৰ ব্যাপক শৃংখলাত ৰুচি ৰাখি তেওঁ জীৱনক এক একীকৃত ৰূপত পৰিদৰ্শন কৰিছিল য’ত গতিবিধি আৰু অভিৰুচিৰ বিভিন্ন শাখাসমূহ বিভিন্ন নামৰ অন্তৰ্গত নামাকৰণ কৰা হৈছিল৷

তেওঁ জীৱনত বহুতো ঈৰ্ষণীয় সাফল্য লাভ কৰিছিল৷ ১৯৭২ চনত তেওঁক ভাৰত ৰত্ন, ১৯৭২ চনত বাংলাদেশৰ মুক্তি আন্দোলনৰ বাবে মেক্সিকান একাডেমী বঁটা, ১৯৭৩ চনত দ্বিতীয় বাৰ্ষিক মেডেল, এফএঅ’ আৰু ১৯৭৬ চনত নাগৰিক প্ৰচাৰিণী সভাৰ দ্বাৰা সাহিত্য ভাষাপতি (হিন্দী) বঁটাৰে বিভূষিত কৰা হৈছিল৷ ১৯৫৩ চনত শ্ৰীমতী গান্ধীয়ে আমেৰিকাৰ মাডাৰ্ছ বঁটা, কূটনীতিৰ বাবে ইটালীৰ ইজাবেলা ডি ষ্টেট বঁটা আৰু য়েল বিশ্ববিদ্যালয়ৰ হাওলেণ্ড স্মাৰক বঁটা প্ৰাপ্ত কৰে৷ ১৯৬৭ আৰু ১৯৬৮ চনত ক্ৰমাগতভাৱে তেওঁ ফ্ৰেন্স ইন্সটিটিউট অৱ পাব্লিক অপিনিয়নৰ দ্বাৰা হোৱা নিৰ্বাচনত সবাতোকৈ প্ৰশংসিত মহিলাৰ সন্মান অৰ্জন কৰে৷ ১৯৭১ চনত আমেৰিকাৰ বিশেষ গালাপ প’ল সমীক্ষা অনুসৰি শ্ৰীমতী গান্ধী বিশ্বৰ সবাতোকৈ প্ৰশংসিত মহিলাৰ সন্মান অৰ্জন কৰিছিল৷ ১৯৭১ চনত পশু সুৰক্ষাৰ বাবে আৰ্জেণ্টিনা সমাজৰ দ্বাৰা তেওঁ সন্মানীয় ডিপ্ল’মা লাভ কৰে৷

তেওঁৰ দ্বাৰা ৰচিত গ্ৰন্থকেইখনৰ ভিতৰত ‘The Years of Challenge’ (১৯৬৬-৬৯), ‘The Years of Endeavour’ (১৯৬৯-৭২), ১৯৭৫ত ‘India’ (London); ১৯৭৯ত ‘Inde’ (Lausanne) য়েই হ’ল অন্যতম৷ তেওঁ সমগ্ৰ ভাৰত তথা বিশ্ব ভ্ৰমণ কৰিছিল৷ শ্ৰীমতী গান্ধীয়ে চুবুৰীয়া প্ৰদেশ যেনে আফগানিস্তান, বাংলাদেশ, ভুটান, বাৰ্মা, চীন, নেপাল আৰু শ্ৰীলংকাও ভ্ৰমণ কৰে৷ ফ্ৰান্স, জাৰ্মান, জাৰ্মানী, গিয়েনা, হাংগেৰী, ইৰাণ, ইৰাক আৰু ইটালীত তেওঁ কাৰ্যালয়ভিত্তিক পৰিদৰ্শন কৰে৷ তাৰোপৰি তেওঁ আলজেৰিয়া, আৰ্জেণ্টিনা, অষ্ট্ৰেলিয়া, অষ্ট্ৰিয়া, বেংজিয়াম, ব্ৰাজিল, বুলগেৰিয়া, কানাডা, চিলি, ছেকশ্ল’ভিয়া, বলিভিয়া, ইজিপ্ট, ইণ্ডোনেছিয়া, জাপান, জামাইকা, কেনিয়া, মালয়ছিয়া, মৰিছাছ, মেক্সিকো, নেদাৰলেণ্ড, নিউজিলেণ্ড, নাইজেৰিয়া, অমান, পোলেণ্ড, ৰুমানিয়া, ছিংগাপুৰ, ছুইজাৰলেণ্ড, ছিৰিয়া, ছুইডেন, তানজানিয়া, থাইলেণ্ড, ত্ৰিনিদাদ, ট’বাগ’, ইংলেণ্ড, আমেৰিকা যুক্তৰাষ্ট্ৰ, ছোভিয়েট ৰাছিয়া, উৰুগুৱে, ভেনেজুৱেলা, যুগশ্ল’ভিয়া, জাম্বিয়া আৰু জিম্বাৱয়ে আদি দেশসমূহো ভ্ৰমণ কৰে৷ তেওঁ ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ো পৰিদৰ্শন কৰিছিল৷