পি এম ইণ্ডিয়া

শ্ৰী ইন্দৰ কুমাৰ গুজৰাল

২১ এপ্ৰিল, ১৯৯৭- ১৯ মাৰ্চ, ১৯৯৮ | জনতা দল

শ্ৰী ইন্দৰ কুমাৰ গুজৰাল

২১ এপ্ৰিল, ১৯৯৭ তাৰিখ, সোমবাৰে, শ্ৰী ইন্দৰ কুমাৰ গুজৰালে ভাৰতৰ দ্বাদশ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল৷

প্ৰয়াত শ্ৰী অৱতাৰ নাৰায়ণ গুজৰাল আৰু প্ৰয়াত শ্ৰীমতী পুষ্পা গুজৰালৰ পুত্ৰ ইন্দৰ কুমাৰ গুজৰালে গ্ৰহণ কৰা শিক্ষাগত অৰ্হতাসমূহ আছিল ক্ৰমে, এম এ, বি কম, পিএইচডি আৰু ডি.লিট (সন্মানীয় বিষয়)৷ তেওঁ জন্মলাভ কৰিছিল ১৯১৯ চনৰ ৪ ডিচেম্বৰ তাৰিখে ঝিলামত (তেতিয়াৰ অবিভাজিত পঞ্জাৱ)৷ ১৯৪৫ চনৰ ২৬ মে’ তাৰিখে তেওঁ শ্ৰীমতী শ্বীলা গুজৰালৰ সৈতে বিবাহপাশত আবদ্ধ হয়৷

এক স্বাধীনতা সংগ্ৰামী পৰিয়ালতে জন্ম লাভ কৰিছিল ইন্দৰ কুমাৰ গুজৰালে৷ গুজৰালৰ পিতৃ-মাতৃ দুয়োৱেই স্বাধীনতা সংগ্ৰামত পঞ্জাৱত অংশগ্ৰহণ কৰিছিল৷ ইফালে ১৯৩১ চনত ইন্দৰ কুমাৰ এঘাৰ বছৰ বয়সত সক্ৰিয়ভাৱে স্বাধীনতা সংগ্ৰামত নামি পৰিছিল আৰু ঝিলাম চহৰত কিশোৰসকলক একত্ৰিত কৰি আন্দোলন আৰম্ভ কৰাৰ বাবে আটকাধীন হোৱাৰ লগতে আৰক্ষীৰ হাতত বেয়াকৈ প্ৰহৃত হ’বলগীয়া হৈছিল৷  ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনৰ সময়তো গুজৰালে কাৰাবাস খাতিবলগীয়া হৈছিল৷

ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পূৰ্বে শ্ৰী গুজৰাল আছিল দেশৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী, ১৯৯৬ চনৰ ১ জুনৰ পৰা এই দায়িত্ব বহন কৰি থকাৰ মাজতে গুজৰালৰ কান্ধত ১৯৯৬ চনৰে ২৮ জুন তাৰিখৰ পৰা জলসম্পদ মন্ত্ৰালয়ৰো দায়িত্ব অৰ্পণ কৰা হয়৷ ইয়া পূৰ্বে ১৯৮৯-১৯৯০ চনৰ সময়ছোৱাতো ইন্দৰ কুমাৰ গুজৰাল আছিল দেশৰ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী৷ ইয়াৰ উপৰি ১৯৭৬ চনৰ পৰা ১৯৮০ চনলৈ গুজৰালে USSR স্থিত ভাৰতীয় ৰাষ্ট্ৰদূত (কেবিনেট পৰ্যায়ৰ) হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল আৰু তাৰ উপৰি ১৯৬৭ চনৰ পৰা ১৯৭৬ চনলৈ নিম্নোক্ত মন্ত্ৰীত্ব পদসমূহত কাৰ্যনিৰ্বাহ কৰিছিল গুজৰালে –

যোগাযোগ আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী
তথ্য-সম্প্ৰচাৰ আৰু যোগাযোগ মন্ত্ৰী
গড়কপ্তানি আৰু হাউছিং মন্ত্ৰী
তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী
পৰিকল্পনা মন্ত্ৰী

গুজৰাল অধিষ্ঠিত হোৱা বিভিন্ন সংসদীয় পদসমূহ এনেধৰণৰ –

১৯৯৬ চনৰ পৰা ৰাজ্যসভাৰ অধ্যক্ষ; ১৯৯৩ চনৰ পৰা এপ্ৰিল, ১৯৯৬ চনলৈ বাণিজ্য আৰু ৰেচম বিভাগৰ সংসদীয় তদৰ্থ সমিতিৰ অধ্যক্ষ; এপ্ৰিল ১৯৯৬ লৈ বৈদেশিক পৰিক্ৰমা দপ্তৰৰ সংসদীয় তদৰ্থ সমিতিৰ সদস্য; ১৯৬৪ ৰ পৰা ১৯৭৬ লৈ আৰু ১৯৮৯ ৰ পৰা ১৯৯১ লৈ ৰাজ্যসভাৰ সাংসদ; ১৯৯২ চনত বিহাৰৰ পৰা ৰাজ্যসভালৈ পুনঃনিৰ্বাচিত; আৰ্জি সমিতিৰ সদস্য, ৰাজহুৱা হিচাপ সমিতিৰ সদস্য, নীতি সমিতিৰ সদস্য, ৰাজ্যসভাৰ সাংসদ; ৰাজ্যসভাৰ আইন উপসমিতিৰ সদস্য, ৰাজ্যসভাৰ সাধাৰণ উদ্দেশ্য সমিতিৰ সদস্য, বৈদেশিক পৰিক্ৰমা দপ্তৰৰ তদৰ্থ সমিতিৰ সদস্য৷

অধিষ্ঠিত হোৱা অন্যান্য গুৰুত্বপূৰ্ণ পদৱীসমূহ –

অধ্যক্ষ, ইণ্ডিয়ান কাউন্সিল অৱ ছাউথ এছিয়ান কো-অপাৰেশ্যন; সদস্য, মূলধন পৰিকল্পনা তদাৰকী সমিতি; প্ৰাক্তন অধ্যক্ষ, ইনষ্টিটিউট অৱ ডিফেন্স ষ্টাডিজ এণ্ড এনালাইছিছ (IDSA); উৰ্দু প্ৰসাৰ সমিতিৰ অধ্যক্ষ (গুজৰাট সমিতি); ১৯৫৯ ৰ পৰা ১৯৬৪ লৈ নতুন দিল্লী পৌৰ সংসদৰ উপাধ্যক্ষ; লাহোৰ ছাত্ৰ সন্থাৰ সভাপতি; পঞ্জাৱ ছাত্ৰ সংগঠনৰ সাধাৰণ সম্পাদক; কলকাতা, শ্ৰীনগৰ আৰু দিল্লীত ইউনাইটেড ফ্ৰণ্ট অৱ অপ’জিশ্যন পাৰ্টিজৰ আহ্বায়ক আৰু মুখপাত্ৰ৷

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নেতৃত্ব –

১৯৯৬ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ বৈঠকলৈ যোৱা ভাৰতীয় সজাতী দলৰ নেতৃত্ব; ১৯৯৫ চনত জেনেভাত অনুষ্ঠিত মানৱ অধিকাৰ সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ বৈঠকত অংশগ্ৰহণৰ বাবে যোৱা ভাৰতীয় সজাতী দলৰ নেতৃত্ব; ১৯৯০ চনত ৰাষ্ট্ৰসংঘৰ অৰ্থনৈতিক উন্নয়ন বিশেষ বৈঠকত অংশগ্ৰহণৰ বাবে যোৱা ভাৰতীয় সজাতী দলৰ নেতৃত্ব; ১৯৯৪ আৰু ১৯৯৫ চনত ৰাষ্ট্ৰসংঘলৈ যোৱা ভাৰতীয় দলৰ সদস্য; ১৯৭৭ চনত ইউনেস্ক’ৰ শিক্ষা আৰু পৰিৱেশ বিষয়ক সন্মিলনত অংশগ্ৰহণ কৰিবলৈ যোৱা ভাৰতীয় দলৰ নেতৃত্ব; ১৯৭০,১৯৭২ আৰু ১৯৭৪ চনত ইউনেস্ক’ৰ সন্মিলনত ভাৰতীয় দলৰ বিকল্প দলপতি; ১৯৭৩ চনত পেৰিছত অনুষ্ঠিত হোৱা ইউনেস্ক’ৰ ‘মানুহ আৰু নতুন যোগাযোগ ব্যৱস্থা বিষয়ক বৈঠকৰ অধ্যক্ষ; ১৯৯৫ চনত বুচাৰেষ্টত অনুষ্ঠিত আন্তঃসংসদীয় ইউনিয়ন সন্মিলনত অতিথি হিচাপে অংশগ্ৰহণ; ১৯৯৪ চনত কানাডাত অনুষ্ঠিত কমনৱেলথ সংসদীয় এছ’চিয়েশ্যন সন্মিলনত অতিথি হিচাপে অংশগ্ৰহণ; ১৯৬৭ চনত অষ্ট্ৰেলিয়াৰ কেনবেৰাত অনুষ্ঠিত আন্তঃসংসদীয় ইউনিয়ন বৈঠকত অতিথি হিচাপে অংশগ্ৰহণ; ১৯৭৪ ত ষ্টকহোমত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ পৰিৱেশ বিষয়ক বৈঠকত অতিথি হিচাপে অংশগ্ৰহণ; ১৯৭৫ চনত গেবন, কেমেৰুণ, কংগো, চাদ আৰু ৰিপাব্লিক অৱ চেণ্ট্ৰেল আফ্ৰিকাত বিশেষ ভাৰতীয় দূত হিচাপে নিয়োজিত; ১৯৬৬ চনত মালাৱি গণৰাজ্যৰ সৰ্বপ্ৰথম ভাৰতীয় বিশেষ দূত হিচাপে নিয়োজিত; ১৯৬১ চনত বুলগেৰিয়াত ভাৰতীয় বিশেষ ৰাষ্ট্ৰদূত হিচাপে নিয়োজিত; ভাৰতৰ ৰাষ্ট্ৰপতিৰ শ্ৰীলংকা, ভূটান, ইজিপ্ত আৰু ছুডান ভ্ৰমণকালত কেন্দ্ৰীয় মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ; অধ্যক্ষ – ইণ্ডিয়ান কাউন্সিল অৱ ছাউথ এছিয়ান কো-অপাৰেশ্যন; সহ-অধ্যক্ষ – এছিয়ান ৰ’টাৰী সন্মিলন, ১৯৬১

গুজৰাল জড়িত থকা সামাজিক সংগঠনসমূহ –

জলন্ধৰৰ নাৰী নিকেটন ট্ৰাষ্ট আৰু এ এন গুজৰাল মেম’ৰিয়েল স্কুলৰ সভাপতি; ভাৰত-পাক বন্ধুত্ব সমিতিৰ সভাপতি; দিল্লী আৰ্ট থিয়েটাৰৰ প্ৰতিষ্ঠাপক সভাপতি; লোক কল্যাণ সমিতিৰ উপাধ্যক্ষ; ১৯৬০ চনত ৰ’টাৰী ক্লাৱ অৱ দিল্লীৰ সভাপতি; ১৯৬১ চনত এছিয়ান ৰ’টাৰী কনফাৰেন্সৰ সহ-অধ্যক্ষ৷

বিশেষ সংযোজন –

শ্ৰী গুজৰাল আছিল ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰিক্ৰমাৰ লগতে মঞ্চ বিষয়ত লেখামেলা কৰা এগৰাকী সুলেখক আৰু ধাৰাভাষ্যকাৰ৷