পি এম ইণ্ডিয়া

শ্ৰী এইচ ডি দেবেগৌড়া

১ জুন, ১৯৯৬- ২১ এপ্ৰিল, ১৯৯৭ | জনতা দল

শ্ৰী এইচ ডি দেবেগৌড়া

ভাৰতৰ আৰ্থ-সামাজিক উন্নয়নৰ এগৰাকী অক্লান্ত সৈনিক আৰু  ভাৰতৰ ঐশ্বৰ্যশালী সাংস্কৃতিক ঐতিহ্যৰ এগৰাকী উৎসুক গুণগ্ৰাহী শ্ৰী এইচ ডি দেৱেগৌড়াৰ জন্ম হৈছিল কৰ্ণাটকৰ হাছান জিলাৰ হলেনাৰাছিপুৰা মহকুমাৰ হাৰাদাত ১৯৩৩ চনৰ ১৮ মে’ তাৰিখে৷

চিভিল ইঞ্জিনীয়াৰিং ডিপ্ল’মাধাৰী শ্ৰী দেৱেগৌড়াই মাত্ৰ ২০ বছৰ বয়সতেই সক্ৰিয় ৰাজনীতিলৈ আহে, শিক্ষা সাং কৰাৰ পিছতেই ১৯৫৩ চনত শ্ৰী দেৱেগৌড়াই কংগ্ৰেছ দলত যোগদান কৰে আৰু ১৯৬২ চনলৈ দলৰ সৈতে থাকে৷ এটা কৃষিজীৱী মধ্যবিত্ত পৰিয়ালৰ পৰা অহা দেৱেগৌড়াই কৃষক জীৱনৰ কঠোৰ পৰিশ্ৰমী সত্তাক প্ৰতিনিধিত্ব কৰি দৰিদ্ৰ কৃষক, সমাজৰ নিষ্পেশিত আৰু অৱহেলিত লোকসকলৰ হকে কাম কৰাৰ বাবে আগবাঢ়ি আহে৷

সাধাৰণ কৰ্মী হিচাপে গণতান্ত্ৰিক কাৰ্যকলাপ আৰম্ভ কৰি ৰাজনীতিৰ পথাৰত ক্ৰমাৎ সবল খোপনি পোতে শ্ৰী গৌড়াই৷ অনজানেয়া সমবায় সমিতিৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি থাকোতে আৰু পিছত হোলনাৰাছিপুৰাৰ মহকুমা উন্নয়ন পৰিষদৰ সদস্য হিচাপে তেওঁ মানুহৰ মন মগজুত লাহে লাহে সোমাই পৰে৷

সমাজৰ অসামনতা আঁতৰ কৰি এক অনন্য সুন্দৰ দেশ গঢ়াৰ সপোন দেখিছিল তেওঁ৷ মাত্ৰ ২৮ বছৰ বয়সতেই গৌড়াই নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হয় আৰু প্ৰথমটো দিনৰে পৰাই সফলতা প্ৰাপ্তিৰে ১৯৬২ চনত কৰ্ণাটক বিধানসভাৰ বিধায়ক হিচাপে নিৰ্বাচিত হয়৷ বিধানসভাৰ এগৰাকী সপ্ৰতিভ অধ্যক্ষ হিচাপে তেওঁক তেওঁৰ জ্যেষ্ঠসকলৰ লগতে সকলোৱে একেমুখে স্বীকাৰ কৰিছিল৷ হোলনাৰাছিপুৰ সমষ্টিৰ পৰা শ্ৰী গৌড়া একেৰাহে তিনিবাৰকৈ ক্ৰমে চতুৰ্থ (১৯৬৭-৭১), পঞ্চম (১৯৭২-৭৭) আৰু ষষ্ঠ (১৯৭৮-৮৩) বাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈছিল৷

১৯৭২ চনৰ মাৰ্চ মাহৰ পৰা ১৯৭৬ চনৰ মাৰ্চ মাহলৈ, আৰু ১৯৭৬ চনৰ নৱেম্বৰ মাহৰ পৰা ১৯৭৭ চনৰ ডিচেম্বৰ মাহলৈ বিধানসভাৰ বিৰোধী দলপতি হিচাপে তেওঁ আগবঢ়োৱা সেৱাই তেওঁৰ যথেষ্ট মান-যশ প্ৰদান কৰে৷

শ্ৰী দেৱেগৌড়াই ১৯৮২ চনৰ ২২ নৱেম্বৰ তাৰিখে ষষ্ঠতম বিধানসভাৰ পৰা বিধায়ক হিচাপে পদত্যাগ কৰে৷ সপ্তম আৰু অষ্টম বিধানসভাৰ সদস্য হৈ থাকোতে তেওঁ গড়কাপ্তানি আৰু জলসম্পদ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ তেখেত জলসম্পদ মন্ত্ৰী হৈ থাকোতেই ভালেমান জলসম্পদ প্ৰকল্পই বাস্তৱ ৰূপ লাভ কৰিছিল৷ ইফালে ১৯৮৭ চনত জলসম্পদ বিভাগত পৰ্যাপ্ত পৰিমাণৰ পুঁজি আবণ্টন নকৰাৰ প্ৰতিবাদত শ্ৰী গৌড়াই কেবিনেটৰ পৰা পদত্যাগো কৰে৷

স্বতন্ত্ৰতা আৰু সমানতাৰ এগৰাকী অতন্ত্ৰ প্ৰহৰী শ্ৰী গৌড়াই ৰাজনৈতিক ক্ষমতাৰ সোৱাদ লাভ কৰে ১৯৭৫-৭৬ চনৰ মাজভাগৰ পৰা, আৰুইয়াৰ মাজতে দেশৰ জৰুৰীকালীন অৱস্থাৰ সময়ত কাৰাবাস খাতিবলগীয়া পৰিস্থিতিৰো উদ্ভৱ হৈছিল৷ শ্ৰী দেবেগৌড়াই এই সময়ছোৱাতে ধাৰাবাহিক গ্ৰন্থ অধ্যয়নেৰে যথেষ্ট জ্ঞান সঞ্চয় কৰিছিল৷ ইয়াৰ উপৰিও এইখিনি সময়তেই কাৰাবাস খাতিবলগীয়া হোৱা দেশৰ আন আন খ্যাতিমান ৰাজনীতিবিদৰো সংস্পৰ্শলৈ আহে শ্ৰী গৌড়া, আৰু ইয়াতেই তেওঁৰ ব্যক্তিত্ব আৰু সামগ্ৰিক চিন্তাধাৰাই এক নৰূপ লয়৷ এনেবোৰ বিষয়ে প্ৰদান কৰা আত্মবিশ্বাসৰ বলতেই তেওঁ এগৰাকী পৈণত আৰু অবিচলিত ব্যক্তিত্বৰ অধিকাৰী হৈ পৰে৷

১৯৯১ চনত হাছান লোকসভা সমষ্টিৰ পৰা সংসদলৈ নিৰ্বাচিত হোৱা দেৱেগৌড়াই তেওঁৰ ৰাজ্যৰ বিভিন্ন সমস্যা, বিশেষকৈ কৃষক সমাজৰ একাধিক সমস্যাক সবল ৰূপত উপস্থাপন কৰাত গুৰুত্বপূৰ্ণ ভুমিকা গ্ৰহণ কৰিছিল৷ কৃষক সমাজৰ কথা সক্ৰিয়ভাৱে, সবলভাৱে সঠিক ৰূপত উপস্থাপন কৰাৰ বাবে সমাজৰ বঞ্চিত শোষিত শ্ৰেণীৰ লোকসকলৰ স্ৰদ্ধাৰ পাত্ৰ হৈ পৰিছিল দেবেগৌড়া৷ সংসদৰ গৰিমা ৰক্ষাৰ ক্ষেত্ৰত কৰা প্ৰচেষ্টাৰ বাবেও তেওঁ সন্মানৰ পাত্ৰ হৈ পৰিছিল৷

শ্ৰী দেবেগৌড়া ৰাজ্যিক পৰ্যায়ত দুবাৰকৈ জনতা পাৰ্টীৰ অধ্যক্ষ নিৰ্বাচিত হৈছিল, আৰু ইয়াৰ পিছতেই ১৯৯৪ চনত তেওঁ জনতা দলৰ অধ্যক্ষ নিৰ্বাচিত হয়৷ ১৯৯৪ চনত জনতা দলে দেশৰ শাসনত অধিষ্ঠিত হোৱাৰ ক্ষেত্ৰত শ্ৰী দেবেগৌড়াৰ নেতৃত্ব আছিল অন্যতম মূল চাবিকাঠী৷ জনতা দলৰ সংসদীয় দলৰো তেওঁ নিৰ্বাচিত হৈছিল দলনেতা হিচাপে আৰু ১৯৯৪ চনৰ ১১ ডিচেম্বৰত তেওঁ কৰ্ণাটকৰ ১৪ তম মুখ্যমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে৷ ইয়াৰ পিছত তেওঁ ৰামনগৰ বিধানসভা সমষ্টিৰ পৰা নিৰ্বাচনত অৱতীৰ্ণ হয় আৰু গৰিষ্ঠসংখ্যক ভোটেৰে বিজয় লাভ কৰে৷

সক্ৰিয় ৰাজনীতিত শ্ৰী দেবেগৌড়াই আহৰণ কৰা  বিপুল অভিজ্ঞতা আৰু সমাজৰ তৃণমূল পৰ্যায়ত তেওঁৰ শক্তিশালী ভেটিয়ে তেওঁক ৰাজ্যখনৰ বিভিন্ন সমস্যাৰ তাৎক্ষণিক তথা ফলপ্ৰসূ সমাধান কৰাৰ ক্ষেত্ৰত যথেষ্ট সমায় কৰিছিল৷ ঈদগাহ ময়দানৰ দৰে স্পৰ্শকাতৰ এক বিষয় সমূখলৈ লৈ অহাৰ যোগেদি তেওঁৰ ৰাজনৈতিক বিচক্ষণতা পুনৰ এবাৰ প্ৰমাণিত হৈ পৰিছিল৷ সংখ্যালঘূৰ দখলত থকা এই ভূমি এক ৰাজনৈতিক বিতৰ্কৰ আঁওতাত সোমাই আছিল৷ এই সমগ্ৰ বিষয়টোক দেবেগৌড়াই শান্তিপূৰ্ণ সমাধান প্ৰদান কৰাত সফল হৈছিল৷

১৯৯৫ চনৰ জানুৱাৰী মাহত শ্ৰী দেবেগৌড়াই ছুইজাৰলেণ্ড ভ্ৰমণলৈ যায় আৰু তাতেই তেওঁ ইণ্টাৰনেশ্যনেল ইক’ন’মিষ্ট ফ’ৰামত অংশগ্ৰহণ কৰে৷ তেওঁ এগৰাকী নিষ্ঠাবান তথা সমৰ্পিত ৰাজনীতিবিদ হিচাপে সফলতাৰ ভেটি সবল কৰি তোলে তেওঁৰ ইউৰোপ আৰু মধ্যপ্ৰাচ্যৰ দেশসমূহ ভ্ৰমণৰ মাজেৰে৷ তেখেতৰ ছিংগাপুৰ ভ্ৰমণে দেশলৈ বহু প্ৰত্যাশিত বৈদেশিক বিনিয়োগ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল আৰু যাৰ যোগেদি তেওঁ বাণিজ্যিক বিচক্ষণতাৰো পৰিচয় দাঙি ধৰিছিল৷

ৰাজনীতি তথা ইয়াৰ প্ৰাসঙ্গিক সকলো বিষয়ৰ সৈতে ৭০ ৰ দশকৰ পৰাই শ্ৰী দেবেগৌড়াৰ ঘনিষ্ঠতা তথা একনিষ্ঠতাৰ কথা তেওঁৰ বন্ধু-বৈৰী সকলোৱেই একেমুখে স্বীকাৰ কৰি আহিছে৷ শ্ৰী দেবেগৌড়াই কয়, তেওঁৰ ৰাজনীতি হয় জনসাধাৰণৰ ৰাজনীতি আৰু তেঁও যেতিয়াই জনসাধাৰণেৰে পৰিবেষ্টিত হৈ থাকে তথা তেওঁলোকৰ হিতৰ বাবে কাম কৰিব পাৰে, তেতিয়াই তেওঁ সুখ অনুভৱ কৰে৷

১৯৮৯ চনত তেওঁৰ দল জনতা পাৰ্টীয়ে নিৰ্বাচনত অৱতীৰ্ণ হৈ অতি শোচনীয় ফলাফলেৰে ২২২ খন বিধানসভা আসনৰ মাত্ৰ ২ খনত জয়লাভ কৰে, আনকি শ্ৰী দেৱেগৌড়াই অৱতীৰ্ণ হোৱা দুয়োটা সমষ্টিতেই পৰাজিত হৈ জীৱনত প্ৰথমবাৰৰ বাবে পৰাজয়ৰ সোৱাদ ল’বলগীয়া পৰিস্থিতিৰ সৃষ্টি হয়৷ ৰাজনৈতিক ভাগ্যৰ অস্থিৰতাই স্বাভাৱিকতে তেওঁকো বাৰুকৈয়ে জোকাৰি যায়৷

এই পৰাজয়ে শ্ৰী গৌড়াক তেওঁৰ হেৰোৱা সন্মান, ক্ষমতা পুনৰ ওভতাই পোৱাৰ বাবে অধিক তীক্ষ্ণ কৰি তুলিলে আৰু ৰাজনীতিৰ বাবে নিজৰ এক ষ্টাইল পুনঃপৰীক্ষা কৰাৰ বাবে অণুপ্ৰাণিত কৰি তুলিলে৷ তেওঁ কৰ্ণাটক আৰু দিল্লীত ভালেমান বন্ধু-বান্ধৱ গঢ়ি তুলিলে আৰু ৰাজনৈতিক প্ৰতিদ্বন্দীৰ সৈতে থকা তিক্ত বিবাদ পৰিহাৰ কৰিবলৈ ল’লে৷ এক অতি সহজ-সৰল জীৱনধাৰণৰ অধিকাৰী আছিল শ্ৰী দেৱেগৌড়া, তৎসত্ত্বেও তেওঁ কিন্তু অতি সপ্ৰতিভ, সক্ৰিয় আৰু কাৰ্যকৰী ব্যক্তিত্বৰ অধিকাৰী আছিল ৷

ৰাজনৈতিক জীৱন আৰম্ভ কৰাৰ পূৰ্বে শ্ৰী গৌড়াই কৰ্মজীৱন আৰম্ভ কৰিছিল সৰু সুৰা ঠিকা-ঠুকলিৰ কামেৰে৷ এগৰাকী স্বতন্ত্ৰ লোক হিচাপে কটোৱা সাত বছৰ কালে তেওঁক দলীয় ৰাজনীতিৰ বিভিন্ন দিশ বাহিৰৰ পৰা পৰ্যবেক্ষণ কৰাত যথেষ্ট সহায় কৰিছিল৷ অতিকৈ কৰ্মপৰায়ন শ্ৰী গৌড়াই সদায়েই কিতাপ-আলোচনী পঢ়ি সময় অতিবাহিত কৰিছিল সংসদীয় গ্ৰন্থাগাৰত৷ ১৯৬৭ চনত হোৱা তেওঁৰ পুনঃনিৰ্বাচনে তেওঁক যথেষ্ট আত্মবিশ্বাস প্ৰদান কৰে, আৰু ১৯৬৯ চনত যেতিয়া কংগ্ৰেছত বিভাজন আহিল তেতিয়া তেওঁ শ্ৰী নিজলিঙ্গাপ্পা নেতৃত্বাধীন কংগ্ৰেছ(অ’)ত যোগদান কৰিলে, যিটো দল কৰ্ণাটকৰ তদানীন্তন শাসক দল আছিল৷ কিন্তু শ্ৰী গৌড়াৰ জীৱনৰ ডাঙৰ সুযোগটো আহে কংগ্ৰেছ (অ’)এ ১৯৭১ চনত লোকসভা নিৰ্বাচনত জয়লাভ কৰোতে৷ ইন্দিৰা গান্ধীৰ ব্যাপক ঢৌত চমু হৈ পৰা বিৰোধী দলৰ দলপতি হৈ পৰে তেওঁ৷

এক কৃষিজীৱি পৰিয়ালত শ্ৰী ডোদ্দে গৌড়া আৰু শ্ৰীমতী দেবাম্মাৰ সন্তান হিচাপে জন্ম লাভ কৰা শ্ৰী দেৱেগৌড়াই পাছলৈ শ্ৰী চিন্নাম্মাৰ সৈতে বিবাহপাশত আবদ্ধ হয়৷ শ্ৰী দেৱেগৌড়াৰ দুই পুত্ৰ আৰু দুই কন্যাৰ ভিতৰত এগৰাকী পুত্ৰই পাছলৈ কৰ্ণাটকৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ বিপৰীতে আনগৰাকী পুত্ৰই লোকসভালৈ সাংসদ হিচাপে নিৰ্বাচিত হয়৷

উল্লেখ্য যে প্ৰধানমন্ত্ৰীত্বৰ বাবে শ্ৰী গৌড়ালৈ অহা প্ৰস্তাৱ আছিল তেওঁৰ বাবে অনাকাঙ্খিত আৰু এয়া আহিছিল তৃতীয় মৰ্চাৰ (আঞ্চলিক দলসমূহ, অনা-কংগ্ৰেছ আৰু অনা-বিজেপিৰ সন্মিলিত এটা গোট) নেতৃত্ব হিচাপে৷

৩০ মে’, ১৯৯৬ তাৰিখে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা শ্ৰী দেৱেগৌড়া আছিল ভাৰতৰ একাদশতম প্ৰধানমন্ত্ৰী৷