পি এম ইণ্ডিয়া

শ্ৰী গুলজাৰি লাল নন্দ

২৭ মে’, ১৯৬৪- ৯ জুন, ১৯৬৪ | কংগ্ৰেছ

শ্ৰী গুলজাৰি লাল নন্দ

পাঞ্জাৱৰ শিয়ালকোটত ১৮৯৮ চনৰ ৪ জুলাইত জন্মা শ্ৰী গুলজাৰি লাল নন্দই লাহোৰ, আগ্ৰা আৰু এলাহবাদত শিক্ষা গ্ৰহণ কৰিছিল৷ তেওঁ এলাহবাদ বিশ্ববিদ্যালয়ত (১৯২০-১৯২১) শ্ৰমিক সমস্যাৰ ওপৰত ৰিচাৰ্ছ স্কলাৰ হিচাপে কাম কৰিছিল আৰু ১৯২১ চনত বম্বেৰ নেচনেল কলেজত অৰ্থনীতিৰ অধ্যাপক হৈছিল৷ একেটা বৰ্ষতে তেওঁ অসহযোগ আন্দোলনত অংশগ্ৰহণ কৰিছিল৷ ১৯২২ চনত তেওঁ আহমেদাবাদ টেক্সটাইল শ্ৰমিক সংঘৰ সম্পাদক হৈ ১৯৪৬ চনলৈ কাৰ্যনিৰ্বাহ কৰিছিল৷ ১৯৩২ চনত আৰু পুনৰাই ১৯৪২ চনৰ পৰা ১৯৪৪ চনলৈ সত্যাগ্ৰহৰ বাবে তেওঁ কাৰাবাস খাটিছিল৷

১৯৩৭ চনত শ্ৰী নন্দ বম্বে বিধানসভালৈ নিৰ্বাচিত হৈছিল আৰু ১৯৩৭ চনৰ পৰা ১৯৩৯ চনলৈ বম্বে চৰকাৰৰ সংসদীয় সচিব (শ্ৰম আৰু আবকাৰী)হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ পিছলৈ তেওঁ ১৯৪৬ চনৰ পৰা ১৯৫০ চনলৈ বম্বে চৰকাৰৰ শ্ৰম মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি সফলতাৰে ৰাজ্যিক মন্ত্ৰীসভাত শ্ৰমিক বিবাদ বিধেয়ক উত্থাপন কৰিছিল৷ তেওঁ কস্তুৰবা স্মৃতি ন্যাসৰ ন্যাসৰক্ষী; হিন্দুস্তান মজদুৰ সেৱক সংঘৰ সম্পাদক; আৰু বম্বে হাউচিং ব’ৰ্ডৰ অধ্যক্ষ পদত কাৰ্যনিৰ্বাহ কৰিছিল৷ তেওঁ ৰাষ্ট্ৰীয় পৰিকল্পনা সমিতিৰো সদস্য আছিল৷ তেওঁ ভাৰতীয় ৰাষ্ট্ৰীয় ট্ৰেড ইউনিয়ন কংগ্ৰেছ সংগঠিত কৰি পিছলৈ ইয়াৰ অধ্যক্ষ পদত আসীন হৈছিল৷

১৯৪৭ চনত তেওঁ জেনেভাত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সন্মিলনলৈ চৰকাৰৰ প্ৰতিনিধি হিচাপে গৈছিল৷ সন্মিলনে তেওঁক ‘দা ফ্ৰীডম অৱ এছ’চিয়েচন কমিটী’ত নিযুক্ত কৰিছিল আৰু শ্ৰমিক তথা গৃহসমূহৰ পৰিস্থিতি অধ্যয়ন কৰাৰ বাবে তেওঁ ছুইডেন, ফ্ৰান্স, ছুইজাৰলেণ্ড, বেলজিয়াম আৰু ইংলেণ্ড ভ্ৰমণ কৰিছিল৷

১৯৫০ চনৰ মাৰ্চ মাহত তেওঁ পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ হিচাপে যোগদান কৰিছিল৷ তাৰ পিছৰ বৰ্ষত ছেপ্টেম্বৰ মাহত তেওঁক কেন্দ্ৰীয় চৰকাৰে পৰিকল্পনা মন্ত্ৰী হিচাপে নিযুক্ত কৰিছিল৷ তাৰোপৰি তেওঁক জলসিঞ্চন তথা শক্তি বিভাগৰো দায়িত্ব প্ৰদান কৰা হৈছিল৷ ১৯৫২ চনত হোৱা সাধাৰণ নিৰ্বাচনত তেওঁ বম্বেৰ পৰা হাউচ অৱ পিপললৈ নিৰ্বাচিত হৈছিল আৰু পুনৰবাৰ পৰিকল্পনা, জলসিঞ্চন আৰু শক্তি বিভাগৰ মন্ত্ৰী হিচাপে নিযুক্ত হৈছিল৷ ১৯৫৫ চনত ছিংগাপুৰত পৰিকল্পনা পৰামৰ্শদাতা কমিটিত তথা ১৯৫৯ চনত জেনেভাত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় শ্ৰমিক সন্মিলনত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল৷

১৯৫৭ চনত হোৱা সাধাৰণ নিৰ্বাচনত শ্ৰী নন্দ লোকসভালৈ নিৰ্বাচিত হৈছিল আৰু শ্ৰমিক তথা নিয়োজন আৰু পৰিকল্পনা বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰীৰূপে কাৰ্যনিৰ্বাহ কৰিছিল, পিছলৈ তেওঁ পৰিকল্পনা আয়োগৰ উপাধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল৷ ১৯৫৯ চনত তেওঁ ফেডাৰেল ৰিপাব্লিক অৱ জাৰ্মানী যুগশ্ল’ভিয়া আৰু অষ্ট্ৰিয়া পৰিদৰ্শনৰ বাবে গৈছিল৷

১৯৬২ চনত হোৱা সাধাৰণ নিৰ্বাচনত তেওঁ পুনৰবাৰ গুজৰাটৰ সবৰকান্ঠা সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হৈছিল৷ ১৯৬২ চনত সামাজিক কাৰ্যৰ বাবে তেওঁ কংগ্ৰেছ মঞ্চ তৈয়াৰ কৰিছিল৷ ১৯৬২ আৰু ১৯৬৩ চনত তেওঁ শ্ৰম আৰু নিয়োজন বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী আৰু ১৯৬৩ৰ পৰা ১৯৬৬লৈ গৃহ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷

পণ্ডিত নেহৰুৰ মৃত্যুৰ পিছতে তেওঁ ১৯৬৪ চনৰ ২৭ মে’ৰ দিনা প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল৷ তাছখণ্ডত শ্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ মৃত্যুৰ পিছত তেওঁ পুনৰবাৰ ১৯৬৬ চনৰ ১১ জানুৱাৰীৰ দিনা প্ৰধানমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিছিল৷