পি এম ইণ্ডিয়া

শ্ৰী চন্দ্ৰ শেখৰ

১০ নৱেম্বৰ, ১৯৯০- ২১ জুন, ১৯৯১ | জনতা দল (এছ)

শ্ৰী চন্দ্ৰ শেখৰ

শ্ৰী চন্দ্ৰ শেখৰৰ ১৯২৭ চনৰ ১ জুলাই তাৰিখে উত্তৰ প্ৰদেশৰ বালিয়া জিলাৰ ইব্ৰাহিমপট্টিত এটা কৃষক পৰিয়ালত জন্ম হৈছিল৷ তেওঁ ১৯৭৭ চনৰ পৰা ১৯৮৮ চনলৈ জনতা দলৰ সভাপতিৰ দায়িত্বত আছিল৷

শ্ৰী চন্দ্ৰ শেখৰে ছাত্ৰাৱস্থাতেই ৰাজনীতিৰ প্ৰতি আকৃষ্ট হৈছিল আৰু ক্ৰান্তিকাৰী উৎসাহত অগ্নিদ্বীপ্ততাৰ দৰে স্বভাৱৰ বাবে জনাজাত হৈছিল৷ এলাহবাদ বিশ্ববিদ্যালয়ৰ পৰা ১৯৫০-৫১ চনত ৰাজনীতি বিজ্ঞান বিভাগত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ সামাজিক আন্দোলনত অংশগ্ৰহণ কৰে৷ তেওঁ আচাৰ্য নাৰায়ণ দেৱৰ সংস্পৰ্শলৈ অহাৰ সুযোগ পাইছিল৷ তেওঁ বালিয়াৰ জিলা প্ৰজা ছ’চিয়েলিষ্ট দলৰ সম্পাদক হিচাপে নিৰ্বাচিত হৈছিল৷ এবছৰৰ ভিতৰতে তেওঁ উত্তৰ প্ৰদেশৰ ৰাজ্যিক প্ৰজা ছ’চিয়েলিষ্ট দলৰ যুটীয়া সম্পাদকৰ পদত আসীন হৈছিল৷ ১৯৫৫-৫৬ চনত তেওঁ উত্তৰ প্ৰদেশৰ ৰাজ্যিক প্ৰজা ছ’চিয়েলিষ্ট দলৰ সাধাৰণ সম্পাদকৰ পদৰ দায়িত্ব লাভ কৰিছিল৷

১৯৬২ চনত তেওঁ উত্তৰ প্ৰদেশৰ পৰা ৰাজ্যসভালৈ নিৰ্বাচিত হৈছিল৷ ১৯৬৫ চনৰ জানুৱাৰীত তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰে৷ ১৯৬৭ চনত তেওঁ কংগ্ৰেছৰ সংসদীয় দলৰ পৰা সাধাৰণ সম্পাদকৰ পদলৈ নিৰ্বাচিত হৈছিল৷ সংসদৰ সদস্য হিচাপে তেওঁ দলিতৰ হকে মাত মাতি সমাজ সংস্কাৰকৰ ভূমিকাত অৱতীৰ্ণ হৈছিল৷ এই সন্দৰ্ভত যেতিয়া তেওঁ ৰাজ্য সংৰক্ষণৰ সৈতে একাধিকাৰ গৃহৰ অসমান বৃদ্ধিত মাত মতাৰ বাবে কেন্দ্ৰৰ সৈতে সংঘৰ্ষত অৱতীৰ্ণ হ’বলগীয়া হৈছিল৷

তেওঁ ১৯৬৯ চনত নতুন দিল্লীৰ পৰা প্ৰকাশিত ইয়ং ইণ্ডিয়ানৰ প্ৰতিষ্ঠা তথা সম্পাদনা কৰিছিল৷ জৰুৰীকালীন অৱস্থাত (জুন ১৯৭৫ৰ পৰা মাৰ্চ ১৯৭৭লৈ)ইয়ং ইণ্ডিয়ানৰ প্ৰকাশ বন্ধ কৰিবলগীয়া হৈছিল৷ ১৯৮৯ চনত পুনৰাই ইয়াৰ প্ৰকাশ হয়৷ তেওঁ কাকতখনৰ সম্পাদনা উপদেষ্টা বোৰ্ডৰ অধ্যক্ষ আছিল৷

শ্ৰী চন্দ্ৰ শেখৰে সদায়েই ব্যক্তিকেন্দ্ৰিক ৰাজনীতিৰ বিৰুদ্ধে থিয় দিছিল আৰু আদৰ্শবাদ তথা সমাজ পৰিৱৰ্তনৰ ৰাজনীতিৰ সপক্ষে মাত মাতিছিল৷ তেওঁ ১৯৭৩-৭৫ চনৰ অশান্ত দিনসমূহত শ্ৰী জয় প্ৰকাশ নাৰায়ণে পালন কৰা আদৰ্শবাদী জীৱনৰ প্ৰতি উদ্বুদ্ধ হৈছিল৷ আৰু সেইবাবেই তেওঁ কংগ্ৰেছ দলৰ মাজত অসন্তোষৰ কাৰণ হিচাপে বিবেচিত হৈছিল৷

যেতিয়া ১৯৭৫ চনৰ ২৫ জুনত জৰুৰীকালীন অৱস্থাৰ ঘোষণা কৰা হ’ল, তেওঁক কেন্দ্ৰীয় নিৰ্বাচন সমিতি তথা কাৰ্য সমিতিৰ সদস্য, ভাৰতীয় জাতীয় কংগ্ৰেছৰ শীৰ্ষস্থানীয় ব্যক্তি হোৱা স্বত্বেও অন্তঃৱৰ্তী সুৰক্ষাৰ প্ৰতি ভাবুকি অনাৰ অপৰাধত গ্ৰেপ্তাৰ কৰা হৈছিল৷

জৰুৰীকালীন অৱস্থাত শাসকীয় দলৰ পৰা কাৰাবাস খটা কেইজনমান ব্যক্তিৰ মাজত শ্ৰী চন্দ্ৰ শেখৰো আছিল৷

তেওঁ সদায়েই ক্ষমতাৰ ৰাজনীতি পৰিহাৰ কৰিছিল আৰু গণতান্ত্ৰিক মূল্যবোধ তথা সামাজিক পৰিৱৰ্তন অনা ৰাজনীতিক মূল্য দিছিল৷

জৰুৰীকালীন অৱস্থাত তেওঁ হিন্দী ভাষাত লিখা ডায়েৰীখন পিছত ‘মেৰি জেইল ডায়েৰী’ বুলি প্ৰকাশিত হৈছিল৷ তেওঁৰ লিখনীসমূহৰ একত্ৰ সংকলন হ’ল ‘ডায়নেমিকছ অৱ ছ’চিয়েল চেইঞ্জ’৷

শ্ৰী চন্দ্ৰ শেখৰে ১৯৮৩ চনৰ জানুৱাৰীৰ ৬ তাৰিখৰ পৰা জুনৰ ২৫ তাৰিখলৈ নতুন দিল্লীৰ ৰাজঘাটৰ (মহাত্মা গান্ধীৰ সমাধি) পৰা কন্যাকুমাৰীলৈ প্ৰায় ৪২৬০ কিলোমিটাৰ মাৰাথন যাত্ৰা (পদযাত্ৰা)ত অংশগ্ৰহণ কৰিছিল৷ জনসাধাৰণৰ সমৰ্থন আদায় আৰু তেওঁলোকৰ সমস্যাসমূহ অনুভূত কৰাই আছিল এই পদযাত্ৰাৰ উদ্দেশ্য৷

তেওঁ সামাজিক আৰু ৰাজনৈতিক কৰ্মীসকলক শিক্ষা তথা দেশৰ বিভিন্ন পিছপৰা ঠাইৰ তৃণমূল কৰ্মসমূহৰ প্ৰশিক্ষণ দিয়াৰ বাবে কেৰেলা, তামিলনাডু, কৰ্ণাটক, মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ, গুজৰাট, উত্তৰ প্ৰদেশ আৰু হাৰিয়ানাত প্ৰায় পোন্ধৰটা ভাৰত যাত্ৰা কেন্দ্ৰ স্থাপন কৰিছিল৷

১৯৮৪ৰ পৰা ১৯৮৯চনৰ সময়খিনিৰ বাহিৰে তেওঁ ১৯৬২ চনৰ পৰা সংসদৰ সদস্যৰূপে কাৰ্যনিৰ্বাহ কৰিছিল৷ ১৯৮৯ চনত তেওঁ নিজৰ গৃহ সমষ্টি বালিয়াৰ পৰা তথা বিহাৰৰ মহাৰাজগঞ্জৰ পৰা সফলতাৰে নিৰ্বাচনত জয়ী হৈছিল৷

শ্ৰী চন্দ্ৰ শেখৰে শ্ৰীমতী দুজা দেৱীৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় আৰু পংকজ তথা নীৰজ নামেৰে দুজন পুত্ৰ সন্তানৰ পিতৃ হয়৷