পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ যশোভূমিত ভাৰতৰ অৰ্ধপৰিবাহী পৰিস্থিতিতন্ত্ৰক অনুঘটক হিচাপে কাম কৰাৰ লক্ষ্যৰে ‘ছেমিকন ইণ্ডিয়া-২০২৫’ উদ্বোধন কৰে। সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু বিদেশৰ অৰ্ধপৰিবাহী উদ্যোগৰ চিইঅ’ আৰু তেওঁলোকৰ সহযোগীসকলৰ উপস্থিতি আদৰণি জনায়। তেওঁ বিভিন্ন দেশৰ বিশিষ্ট অতিথি, ষ্টাৰ্ট-আপৰ সৈতে জড়িত উদ্যোগী আৰু দেশৰ বিভিন্ন ৰাজ্যৰ পৰা অহা যুৱ ছাত্ৰ-ছাত্ৰীসকলকো আদৰণি জনায়।
শ্ৰী মোদীয়ে উল্লেখ কৰে যে তেওঁ যোৱা নিশা জাপান আৰু চীন ভ্ৰমণৰ পৰা উভতি আহিছে আৰু আজি তেওঁ আকাংক্ষা আৰু আত্মবিশ্বাসেৰে ভৰা যশোভূমিত দৰ্শকৰ মাজত উপস্থিত আছে। প্ৰযুক্তিৰ প্ৰতি তেওঁৰ আকৰ্ষণ সদায় স্বাভাৱিক আৰু সুপৰিচিত বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে শেহতীয়া জাপান ভ্ৰমণৰ সময়ত তেওঁ জাপানৰ প্ৰধানমন্ত্ৰী শ্ৰীযুত শ্বিগেৰু ইছিবাৰ সৈতে টকিঅ’ ইলেক্ট্ৰন ফেক্টৰী পৰিদৰ্শনৰ সুযোগ লাভ কৰে। তেওঁ উল্লেখ কৰে যে সেই কোম্পানীটোৰ মুখ্য কাৰ্যবাহী বিষয়া আজি দৰ্শকৰ মাজত উপস্থিত আছে। প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে প্ৰযুক্তিৰ প্ৰতি তেওঁৰ প্ৰৱণতাই তেওঁক বাৰে বাৰে এনে সমাৱেশৰ মাজলৈ লৈ আহে। তেওঁ প্ৰকাশ কৰে যে আজি দৰ্শকৰ মাজত উপস্থিত থকাটোৱে তেওঁক অতি আনন্দিত কৰিছে।
৪০ৰ পৰা ৫০খনতকৈও অধিক দেশৰ প্ৰতিনিধিত্বৰে সমগ্ৰ বিশ্বৰ অৰ্ধপৰিবাহী খণ্ডৰ বিশেষজ্ঞসকলৰ উপস্থিতিৰ কথা উল্লেখ কৰি শ্ৰী মোদীয়ে গুৰুত্ব আৰোপ কৰে যে ভাৰতৰ উদ্ভাৱন আৰু যুৱ শক্তিও এই অনুষ্ঠানত আকৰ্ষণীয় ৰূপত উপস্থিত আছে। তেওঁ উল্লেখ কৰে যে এই অনন্য সংমিশ্ৰণে এটা স্পষ্ট বাৰ্তা প্ৰেৰণ কৰে যে “বিশ্বই ভাৰতক আস্থাত লৈছে, বিশ্বই ভাৰতত বিশ্বাস কৰিছে আৰু বিশ্বই ভাৰতৰ সৈতে অৰ্ধপৰিবাহী ভৱিষ্যত গঢ়ি তুলিবলৈ সাজু হৈছে”। প্ৰধানমন্ত্ৰীয়ে ছেমিকন ইণ্ডিয়াত অংশগ্ৰহণ কৰা সকলো বিশিষ্ট অতিথিক আদৰণি জনাই কয় যে তেওঁলোক ভাৰতৰ উন্নত আৰু স্বাৱলম্বী ৰাষ্ট্ৰৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশীদাৰ।
শেহতীয়াকৈ প্ৰকাশ পোৱা চলিত বৰ্ষৰ প্ৰথম ত্ৰৈমাসিকৰ জিডিপিৰ পৰিসংখ্যালৈ আঙুলিয়াই প্ৰধানমন্ত্ৰীয়ে কয়, “আকৌ এবাৰ ভাৰতে প্ৰতিটো আশা, প্ৰতিটো অনুমান আৰু প্ৰতিটো পূৰ্বাভাসক অতিক্ৰম কৰিছে”। তেওঁ উল্লেখ কৰে যে বিশ্বৰ অৰ্থনীতিসমূহে অৰ্থনৈতিক স্বাৰ্থৰ দ্বাৰা পৰিচালিত উদ্বেগ আৰু প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলগীয়া হৈছে যদিও ভাৰতে ৭.৮ শতাংশ বৃদ্ধিৰ হাৰ লাভ কৰিছে। শ্ৰী মোদীয়ে দৃঢ়তাৰে কয় যে এই বৃদ্ধি সকলো খণ্ডতে উৎপাদন, সেৱা, কৃষি আৰু নিৰ্মাণতে দেখা যায় আৰু ই সকলোকে উৎসাহ যোগাইছে। তেওঁ কয় যে ভাৰতৰ দ্ৰুত বৃদ্ধিয়ে উদ্যোগসমূহৰ মাজত আৰু প্ৰতিজন নাগৰিকৰ মাজত নতুন শক্তিৰ উন্মেষ ঘটাইছে। তেওঁ দৃঢ়তাৰে কয় যে বিকাশৰ এই পথে ভাৰতক বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হোৱাৰ দিশত দ্ৰুতগতিত আগুৱাই লৈ গৈছে।
অৰ্ধপৰিবাহীৰ জগতখনত, ‘তেল ক’লা সোণ আছিল, কিন্তু চিপছ ডিজিটেল হীৰা’ বুলি কোৱাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে তেলে পূৰ্বৰ শতিকাটোক গঢ় দিছিল আৰু বিশ্বৰ ভাগ্য তেলৰ কূপৰ দ্বাৰা নিৰ্ধাৰিত হৈছিল। এই কূপবোৰৰ পৰা কিমান পেট্ৰলিয়াম উলিওৱা হৈছিল তাৰ ওপৰত ভিত্তি কৰি বিশ্ব অৰ্থনীতিৰ উঠা-নমা হৈছিল। কিন্তু তেওঁ দৃঢ়তাৰে কয় যে একবিংশ শতিকাৰ শক্তি এতিয়া সৰু চিপটোত কেন্দ্ৰীভূত হৈ আছে। আকাৰত সৰু হ’লেও এই চিপবোৰে বিশ্বৰ অগ্ৰগতি যথেষ্ট ত্বৰান্বিত কৰাৰ সম্ভাৱনা আছে। শ্ৰী মোদীয়ে আলোকপাত কৰে যে বিশ্বৰ অৰ্ধপৰিবাহী বজাৰখন ইতিমধ্যে ৬০০ বিলিয়ন মাৰ্কিন ডলাৰত উপনীত হৈছে আৰু অনাগত বছৰবোৰত ই ১ ট্ৰিলিয়ন মাৰ্কিন ডলাৰ অতিক্ৰম কৰাৰ সম্ভাৱনা আছে। তেওঁ আস্থা প্ৰকাশ কৰে যে অৰ্ধপৰিবাহী খণ্ডত ভাৰত যি গতিৰে আগবাঢ়িছে, তাৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতে এই ১ ট্ৰিলিয়ন মাৰ্কিন ডলাৰৰ বজাৰত উল্লেখযোগ্য অংশীদাৰিত্ব লাভ কৰিব।
শ্ৰী মোদীয়ে স্মৰণ কৰে যে ২০২১ চনত ছেমিকন ইণ্ডিয়া কাৰ্যসূচী আৰম্ভ কৰা হৈছিল। তেওঁ লগতে কয় যে ২০২৩ চনৰ ভিতৰত ভাৰতৰ প্ৰথমটো অৰ্ধপৰিবাহী উদ্যোগৰ অনুমোদন লাভ কৰা হৈছিল, ২০২৪ চনত আৰু কেইবাটাও উদ্যোগে অনুমোদন লাভ কৰিছে আৰু ২০২৫ চনত অতিৰিক্ত পাঁচটা প্ৰকল্প উদ্বোধন কৰা হৈছিল। তেওঁ লগতে কয় যে মুঠতে এতিয়া দহটা অৰ্ধপৰিবাহী প্ৰকল্প চলি আছে, য’ত আঠাইশ বিলিয়ন মাৰ্কিন ডলাৰ-অৰ্থাৎ ১.৫ লাখ কোটি টকাতকৈও অধিক বিনিয়োগ জড়িত হৈ আছে। প্ৰধানমন্ত্ৰীয়ে এই কথাত গুৰুত্ব আৰোপ কৰে যে ইয়াৰ দ্বাৰা ভাৰতৰ ওপৰত ক্ৰমবৰ্ধমান বৈশ্বিক আস্থা প্ৰতিফলিত হৈছে।
অৰ্ধপৰিবাহী খণ্ডত গতিৰ গুৰুত্বপূৰ্ণ কথাত গুৰুত্ব আৰোপ কৰি শ্ৰী মোদীয়ে কয়, “ফাইলৰ পৰা কাৰখানালৈ যিমান সময় কম আৰু কাগজ-পত্ৰ যিমান কম হ’ব, সিমানে সোনকালেই ৱাফাৰৰ কাম আৰম্ভ হোৱাৰ সম্ভাৱনা আছে”। তেওঁ দৃঢ়তাৰে কয় যে চৰকাৰে ঠিক এই পন্থাৰে কাম কৰি আছে। ৰাষ্ট্ৰীয় একক খিড়িকী’ ব্যৱস্থা ৰূপায়ণ কৰা হৈছে, যাৰ ফলত কেন্দ্ৰ আৰু ৰাজ্য উভয়ৰে পৰা সকলো অনুমোদন একক মঞ্চত প্ৰৱেশ কৰিব পৰা যাব। ফলত বিনিয়োগকাৰীসকল এসোপা কাগজ-পত্ৰৰ পৰা বোজাৰ মুক্ত হৈছে বুলিও তেওঁ লগতে কয়। প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে সমগ্ৰ দেশতে অৰ্ধপৰিবাহী প্ৰতিষ্ঠানসমূহ প্লাগ-এণ্ড-প্লে আন্তঃগাঁথনি আৰ্হিৰ অধীনত গঢ়ি তোলা হৈছে, যিয়ে ভূমি, বিদ্যুৎ যোগান, বন্দৰ আৰু বিমানবন্দৰৰ সংযোগ আৰু দক্ষ শ্ৰমিক পুলৰ প্ৰৱেশৰ দৰে সুবিধা প্ৰদান কৰে। তেওঁ কয় যে যেতিয়া এনে আন্তঃগাঁথনিক উদগনিমূলক প্ৰচেষ্টাৰ সৈতে সংযুক্ত কৰা হয়, তেতিয়া ঔদ্যোগিক বিকাশ অনিবাৰ্য। পিএলআই উদগনিৰ জৰিয়তেই হওক বা ডিজাইন লিংকড গ্ৰাণ্টৰ জৰিয়তেই হওক, ভাৰতে সকলো সামৰ্থ্য আগবঢ়াইছে। এই কাৰণেই বিনিয়োগৰ প্ৰবাহ অব্যাহত আছে বুলি তেওঁ জোৰ দিয়ে। ভাৰতে বেক এণ্ড অপাৰেচনৰ ঊৰ্ধ্বত গৈ সম্পূৰ্ণ ষ্টেক অৰ্ধপৰিবাহী ৰাষ্ট্ৰ হোৱাৰ দিশত আগবাঢ়িছে বুলি দৃঢ়তাৰে উল্লেখ কৰি শ্ৰী মোদীয়ে পুনৰ কয় যে ভাৰতৰ আটাইতকৈ সৰু চিপে বিশ্বৰ আটাইতকৈ ডাঙৰ পৰিৱৰ্তনক আগুৱাই নিয়াৰ দিনটো বহু দূৰত নহয়। তেওঁ উল্লেখ কৰে, “আমাৰ যাত্ৰা দেৰিকৈ আৰম্ভ হৈছিল… কিন্তু এতিয়া আমাক একোৱেই বাধা দিব নোৱাৰে।” প্ৰধানমন্ত্ৰীয়ে জনাইছে যে চিজি পাৱাৰৰ পাইলট প্লাণ্টটোৱে ২৮ আগষ্টৰ পৰা অৰ্থাৎ মাত্ৰ ৪–৫ দিন পূৰ্বে কাম আৰম্ভ কৰিছিল। তেওঁ লগতে কয় যে কেনেছৰ পাইলট প্লাণ্টৰ কামো আৰম্ভ হোৱাৰ দিশত অগ্ৰসৰ হৈছে। ইতিমধ্যে মাইক্ৰন আৰু টাটাৰ টেষ্ট চিপ উৎপাদন হৈ আছে। ভাৰত অৰ্ধপৰিবাহী খণ্ডৰ দ্ৰুত অগ্ৰগতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি তেওঁ পুনৰ কয় যে এই বছৰৰ পৰাই বাণিজ্যিক চিপৰ উৎপাদন আৰম্ভ হ’ব।
ভাৰতৰ অৰ্ধপৰিবাহী সফলতাৰ কাহিনী এটা উলম্ব বা এটা প্ৰযুক্তিৰ মাজতে সীমাবদ্ধ নহয় বুলি দৃঢ়তাৰে উল্লেখ কৰি শ্ৰী মোদীয়ে কয় যে ভাৰতে এক ব্যাপক পৰিস্থিতিতন্ত্ৰ গঢ়ি তুলিছে, যিটোৱে ডিজাইন, উৎপাদন, পেকেজিং আৰু উচ্চ প্ৰযুক্তিৰ যন্ত্ৰসমূহক সামৰি লৈছে, এই সকলোবোৰ দেশৰ ভিতৰতে সম্ভৱ হৈছে। তেওঁ স্পষ্ট কৰি দিয়ে যে অৰ্ধপৰিবাহী অভিযান কেৱল এটা ফেব স্থাপন বা এটা চিপ উৎপাদনতে সীমাবদ্ধ নহয়। বৰঞ্চ ভাৰতে এক শক্তিশালী অৰ্ধপৰিবাহী পৰিস্থিতিতন্ত্ৰৰ সৃষ্টি কৰিছে, যিয়ে দেশখনক আত্মনিৰ্ভৰশীল আৰু বৈশ্বিক প্ৰতিযোগিতামূলক কৰি তুলিব বুলি প্ৰধানমন্ত্ৰীয়ে লগতে কয়।
ভাৰতৰ অৰ্ধপৰিবাহী অভিযানৰ আন এটা মূল বৈশিষ্ট্যৰ ওপৰত আলোকপাত কৰি শ্ৰী মোদীয়ে কয় যে দেশখনে বিশ্বৰ আটাইতকৈ উন্নত প্ৰযুক্তিৰ সমান্তৰালভাৱে এই খণ্ডত আগবাঢ়িছে। তেওঁ কয় যে ভাৰতৰ গুৰুত্ব হৈছে ঘৰুৱাভাৱে নিৰ্মিত চিপৰ জৰিয়তে সম্ভাৱনাপূৰ্ণ প্ৰযুক্তিসমূহক সবলীকৰণ কৰা। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে নয়ডা আৰু বেংগালুৰুত বিকশিত হৈ থকা ডিজাইন চেণ্টাৰসমূহে বিশ্বৰ কিছুমান উন্নত চিপৰ কাম কৰি আছে, যিবোৰে কোটি কোটি ট্ৰেঞ্জিষ্টৰ সংৰক্ষণ কৰিব পাৰে। তেওঁ দৃঢ়তাৰে কয় যে এই চিপসমূহে একবিংশ শতিকাৰ সম্ভাৱনাপূৰ্ণ প্ৰযুক্তিসমূহক শক্তি প্ৰদান কৰিব। বিশ্বৰ অৰ্ধপৰিবাহী খণ্ডই সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহ উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে দৃঢ়তাৰে কয় যে ভাৰতে সেইবোৰ দূৰ কৰাৰ বাবে সক্ৰিয়ভাৱে কাম কৰি আছে। তেওঁ মন্তব্য কৰে যে চহৰসমূহত উচ্চ অট্টালিকা আৰু আকৰ্ষণীয় ভৌতিক আন্তঃগাঁথনি দেখা যায় যদিও ইয়াৰ ভেটি তীখাত নিহিত হৈ আছে। একেদৰে ভাৰতৰ ডিজিটেল আন্তঃগাঁথনিৰ ভেটিটো গুৰুত্বপূৰ্ণ খনিজ পদাৰ্থৰ ওপৰত নিৰ্মিত। শ্ৰী মোদীয়ে উল্লেখ কৰে যে ভাৰতে বৰ্তমান ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খনিজ অভিযানৰ কাম কৰি আছে আৰু ঘৰুৱাভাৱে বিৰল খনিজ পদাৰ্থৰ চাহিদা পূৰণ কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। তেওঁ লগতে কয় যে বিগত চাৰি বছৰত ভাৰতে গুৰুত্বপূৰ্ণ খনিজ প্ৰকল্পৰ ক্ষেত্ৰত যথেষ্ট অগ্ৰগতি লাভ কৰিছে।
অৰ্ধপৰিবাহী খণ্ডৰ বিকাশত চৰকাৰে ষ্টাৰ্ট-আপ আৰু এমএছএমইৰ বাবে এক উল্লেখযোগ্য ভূমিকা কল্পনা কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে আলোকপাত কৰে যে ভাৰতে বিশ্বৰ অৰ্ধপৰিবাহী ডিজাইন প্ৰতিভাৰ ২০ শতাংশ অৱদান আগবঢ়ায় আৰু দেশৰ যুৱক-যুৱতীসকলে অৰ্ধপৰিবাহী উদ্যোগৰ বাবে সৰ্ববৃহৎ মানৱ মূলধন কাৰখানাটোক প্ৰতিনিধিত্ব কৰে। যুৱ উদ্যোগী, উদ্ভাৱক আৰু ষ্টাৰ্ট-আপসকলক সম্বোধন কৰি শ্ৰী মোদীয়ে তেওঁলোকক আগবাঢ়ি আহিবলৈ আহ্বান জনায় আৰু চৰকাৰে তেওঁলোকৰ সৈতে কান্ধত কান্ধ মিলাই থিয় দিয়াৰ আশ্বাস দিয়ে। তেওঁ দৃঢ়তাৰে কয় যে ডিজাইন লিংকড ইনচেণ্টিভ আঁচনি আৰু চিপছ-টু-ষ্টাৰ্টআপ প্ৰগ্ৰেম তেওঁলোকৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা হৈছে। তেওঁ লগতে ঘোষণা কৰে যে ডিজাইন লিংকড ইনচেণ্টিভ আঁচনিৰ লক্ষ্যসমূহ ভালদৰে পূৰণ কৰিবলৈ পুনৰ গঠন কৰা হৈছে। প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই খণ্ডত ভাৰতীয় বৌদ্ধিক সম্পত্তি (আইপি) উন্নয়নৰ বাবে চৰকাৰ দায়বদ্ধ। তেওঁ লগতে কয় যে শেহতীয়াকৈ আৰম্ভ হোৱা ৰাষ্ট্ৰীয় গৱেষণা পুঁজিয়েও কৌশলগত জড়িততাৰ জৰিয়তে এই প্ৰচেষ্টাক সহায় কৰিব। কেইবাখনো ৰাজ্যই অৰ্ধপৰিবাহী অভিযানত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা, বহুতে এই খণ্ডৰ বাবে বিশেষ নীতি প্ৰণয়ন কৰা বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে এই ৰাজ্যসমূহে নিৰ্দিষ্ট আন্তঃগাঁথনি গঢ়ি তোলাত গুৰুত্ব আৰোপ কৰিছে। তেওঁ সকলো ৰাজ্যকে অৰ্ধপৰিবাহী পৰিস্থিতিতন্ত্ৰ গঢ়ি তোলা আৰু নিজৰ অঞ্চলৰ ভিতৰত বিনিয়োগৰ পৰিৱেশ উন্নত কৰাৰ বাবে ইজনে সিজনৰ সৈতে সুস্থ প্ৰতিযোগিতাত লিপ্ত হ’বলৈ আহ্বান জনায়।
“ভাৰতে সংস্কাৰ, প্ৰদৰ্শন আৰু ৰূপান্তৰৰ মন্ত্ৰ অনুসৰণ কৰি এই পৰ্যায়ত উপনীত হৈছে। পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰৰ নতুন পৰ্যায় অতি সোনকালে আৰম্ভ কৰা হ’ব”, বুলি উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতত অৰ্ধপৰিবাহী অভিযানৰ পৰৱৰ্তী পৰ্যায়ৰ কাম চলি আছে। উপস্থিত সকলো বিনিয়োগকাৰীক সম্বোধন কৰি তেওঁ তেওঁলোকক মুক্ত হৃদয়েৰে আদৰি ল’বলৈ ভাৰতৰ প্ৰস্তুতি সম্পৰ্কে সদৰি কৰি কয়, “ডিজাইন সাজু। মাস্ক এলাইন কৰা হৈছে। এতিয়া নিখুঁত কাৰ্যকৰীকৰণ আৰু এটা মাত্ৰাত আগবঢ়াই দিয়াৰ সময়”। তেওঁ ভাৰতৰ নীতিসমূহ হ্ৰস্বম্যাদী সংকেত নহয়, বৰঞ্চ দীৰ্ঘম্যাদী প্ৰতিশ্ৰুতি বুলি জোৰ দি প্ৰতিজন বিনিয়োগকাৰীৰ প্ৰয়োজনীয়তা পূৰণ কৰা হ’ব বুলি আশ্বাস দিয়ে। প্ৰধানমন্ত্ৰীয়ে কয় , “সেই দিনটো বহু দূৰত নহয় যেতিয়া বিশ্বই ক’ব: ডিজাইনড ইন ইণ্ডিয়া, মেড ইন ইণ্ডিয়া, ট্ৰাষ্টেড বাই দ্য ৱৰ্ল্ড”। ভাষণৰ সামৰণিত তেওঁ ভাৰতৰ প্ৰচেষ্টাৰ প্ৰতিটো দিশ সফল হোৱা, প্ৰতিটো বাইট উদ্ভাৱনেৰে ভৰি পৰা আৰু যাত্ৰাটো ত্ৰুটিহীন আৰু উচ্চ কাৰ্যক্ষম হৈ থকাটো কামনা কৰে।
এই উপলক্ষে অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী অশ্বিনী বৈষ্ণৱ, শ্ৰী জিতীন প্ৰসাদ, দিল্লীৰ মুখ্যমন্ত্ৰী শ্ৰীমতী ৰেখা গুপ্তা, ওড়িশাৰ মুখ্যমন্ত্ৰী শ্ৰী মোহন চৰণ মাঝীকে ধৰি অন্যান্য বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।
A defining chapter in India’s semiconductor journey is unfolding, with innovation and investment driving a new wave of growth. Addressing Semicon India 2025 in Delhi. https://t.co/5jurEGuYnI
— Narendra Modi (@narendramodi) September 2, 2025
The world trusts India.
The world believes in India.
The world is ready to build the semiconductor future with India: PM @narendramodi pic.twitter.com/B9MI5xEJwH
— PMO India (@PMOIndia) September 2, 2025
***
MJPS/SR/DB
A defining chapter in India's semiconductor journey is unfolding, with innovation and investment driving a new wave of growth. Addressing Semicon India 2025 in Delhi. https://t.co/5jurEGuYnI
— Narendra Modi (@narendramodi) September 2, 2025
The world trusts India.
— PMO India (@PMOIndia) September 2, 2025
The world believes in India.
The world is ready to build the semiconductor future with India: PM @narendramodi pic.twitter.com/B9MI5xEJwH
Chips are digital diamonds. pic.twitter.com/PNK6AjXIeM
— PMO India (@PMOIndia) September 2, 2025
जितना कम पेपरवर्क होगा... वेफर वर्क उतना जल्दी शुरू हो पाएगा: PM @narendramodi pic.twitter.com/33JY7rin35
— PMO India (@PMOIndia) September 2, 2025
वो दिन दूर नहीं है, जब भारत की सबसे छोटी chip, दुनिया के सबसे बड़े change को drive करेगी: PM @narendramodi pic.twitter.com/SGiuv70j2m
— PMO India (@PMOIndia) September 2, 2025
The day is not far when the world will say – Designed in India, Made in India, Trusted by the World: PM @narendramodi pic.twitter.com/8TXxvVodyB
— PMO India (@PMOIndia) September 2, 2025
From manufacturing to services and from agriculture to construction, every sector in the country is growing rapidly... pic.twitter.com/XVAehnJzTj
— Narendra Modi (@narendramodi) September 2, 2025
Our government is doing everything possible towards strengthening the semiconductor sector. pic.twitter.com/eT7nQt3Iko
— Narendra Modi (@narendramodi) September 2, 2025
StartUps and MSMEs have a very significant role in the growth of the semiconductor sector. pic.twitter.com/Dj4ynaMeSB
— Narendra Modi (@narendramodi) September 2, 2025
India is working on the next phase of our Semiconductor Mission… pic.twitter.com/RCDd2ouZrX
— Narendra Modi (@narendramodi) September 2, 2025