পি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

অভিনেতা বিৱেকৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকা

অভিনেতা বিৱেকৰ অকাল মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে।

এক শোক বাৰ্তাত শ্ৰী মোডীয়ে কয়, “বিশিষ্ট অভিনেতা বিৱেকৰ অকাল বিয়োগে বাৰুকৈয়ে ব্যথিত কৰিছে। তেওঁৰ খুহুটীয়া অভিনয় আৰু বুদ্ধিদীপ্ত সংলাপ প্ৰক্ষেপণে শ্ৰোতা-দৰ্শকক বাৰুকৈয়ে আমোদ দিছিল। ছবিয়েই হওক কিম্বা জীৱনেই হওক তেওঁ পৰিৱেশ আৰু সমাজৰ প্ৰতি দায়বদ্ধতা প্ৰদৰ্শন কৰিছিল। শোকসন্তপ্ত পৰিয়ালবৰ্গৰ লগতে তেওঁৰ বন্ধু-বান্ধৱ আৰু প্ৰশংসকসকললৈ গভীৰ সমবেদনা জনাইছো। ওঁম শান্তি”।

 

***

DS/AK/KB