পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সমাজৰ কল্যাণৰ বাবে সমৰ্পিত এজন প্ৰকৃত জ্ঞানী ব্যক্তিৰ গুণসমূহৰ ওপৰত আলোকপাত কৰি এটা সংস্কৃত হিতোপদেশ শ্বেয়াৰ কৰে।
প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে বিগত ১২ বছৰত ‘সবকা সাথ, সবকা বিকাশ’ ভাৱনাৰে অনুপ্ৰাণিত হৈ কৰা নিৰন্তৰ প্ৰচেষ্টাৰ ফলত আজি আমি এক শক্তিশালী আৰু আত্মনিৰ্ভৰশীল ভাৰতৰ দিশে অগ্ৰসৰ হৈছোঁ।
প্ৰধানমন্ত্ৰীয়ে এক্সৰ পোষ্টত লিখেঃ
“ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে সমৰ্পণ আৰু সেৱাভাৱ আমাৰ অমূল্য সম্পদ হৈ আহিছে। বিগত ১২ বছৰত ‘সবকা সাথ, সবকা বিকাশ’ ভাৱনাৰে অনুপ্ৰাণিত হৈ কৰা নিৰন্তৰ প্ৰচেষ্টাৰ ফলতেই আজি আমি এক শক্তিশালী আৰু আত্মনিৰ্ভৰশীল ভাৰতৰ দিশে অগ্ৰসৰ হৈছোঁ।”
#12YearsOfSeva
आर्यकर्मणि रज्यन्ते भूतिकर्माणि कुर्वते।
हितं च नाभ्यसूयन्ति स वै पण्डित उच्यते॥”
অৰ্থাৎ যিজন ব্যক্তি সদায় মহান আৰু ধৰ্মীয় কামত ব্ৰতী হৈ থাকে, সমাজৰ প্ৰগতি আৰু কল্যাণৰ বাবে উৎসৰ্গিত হৈ থাকে, আনৰ হিতকাৰী কথা আৰু কাৰ্যক সন্মান কৰে আৰু কাৰো প্ৰতি কোনো ধৰণৰ হিংসা বা বিদ্বেষ ভাব পোষণ নকৰে, তেওঁকেই প্ৰকৃততে জ্ঞানী বুলি কোৱা হয়।
राष्ट्र निर्माण के लिए समर्पण और सेवाभाव हमारी अमूल्य पूंजी रही है। बीते 12 वर्षों में ‘सबका साथ, सबका विकास’ की भावना से प्रेरित निरंतर प्रयासों से ही आज हम एक सशक्त और आत्मनिर्भर भारत की ओर अग्रसर हैं। #12YearsOfSeva
आर्यकर्मणि रज्यन्ते भूतिकर्माणि कुर्वते।
हितं च… pic.twitter.com/wDM9MC4n2Y
— Narendra Modi (@narendramodi) June 9, 2026
***
MJPS/SS/PRK/DB