ভাৰতক এক আশাৰ ৰেঙনি হিচাপে বিশ্ববাসীয়ে চাবলৈ লৈছে আৰু আমাৰ প্ৰবাসীসকলে ইয়াৰ অধিক প্ৰসাৰত এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে৷ ভাৰতীয় প্ৰবাসীসকলে ৰাজনীতিত প্ৰৱেশ কৰিবলৈ অথবা গোলকীয় ৰাজনীতিত এখন আসন দখল কৰিবলৈ বিদেশত স্থায়ীভাৱে বাস নকৰে৷ য’তেই নাযাওক কিয় তেওঁলোকে সমাজৰ কল্যাণৰ বাবে চিন্তা কৰে আৰু সেই অনুসৰি কাম কৰে—প্ৰৱাসী ভাৰতীয় কেন্দ্ৰৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদী৷