ইউছুফ আলী, চেয়াৰমেন, লুলু গ্ৰুপ ইণ্টাৰনেচনেল, ১৯ নৱেম্বৰ ২০১৮
‘‘আজি কালি সকলো দেশে ভাৰতত বিনিয়োগ কৰিবলৈ বিচাৰি আছে কাৰণ এক শক্তিশালী নেতৃত্বৰ অধীনত শক্তিশালী অৰ্থনীতিৰ এক পৰিবেশ সৃষ্টি হৈ উঠিছে; সমগ্ৰ বিশ্বৰ ধ্যান ভাৰতৰ প্ৰতি কেন্দ্ৰীভূত হৈছে৷ ভাৰত অতিশীঘ্ৰেই বিশ্বৰ এক শক্তিশালী অৰ্থনীতি হৈ উঠিব...পূৰ্বতে ২৫-৩০ মিলিয়ন প্ৰবাসী ভাৰতীয়ৰ বাবে আমাৰ মহান দেশত বিনিয়োগ কৰা অসম্ভৱ আছিল, কিন্তু এতিয়া যথেষ্ট পৰিমাৰ্জনা কৰা হৈছে আৰু প্ৰবাসী ভাৰতীয়ৰ বিনিয়োগৰ ঘৰুৱা বিনিয়োগ হিচাপে গণ্য কৰা হৈছে আৰু এফডিআইৰ উত্তৰণ কৰা হৈছে তথা বৈদেশিক বিনিয়োগ আৰু প্ৰবাসী বিনিয়োগে যুটীয়াভাৱে ভাৰতলৈ আহিবলৈ সাজু হৈছে৷ এয়া ইজ অব্ ডুয়িং বিজনেছৰ সূচাংকত হোৱা অভূতপূৰ্ব উত্থানৰ ফলাফল৷’’