ইয়ান ব্ৰেমাৰ, অধ্যক্ষ, ইউৰাছিয়া গ্ৰুপ
আপোনালোকে এনে এগৰাকী প্ৰধানমন্ত্ৰী লাভ কৰিছে, যি নিজে অতিকৈ নিকা আৰু কৰ্মঠ তথা সক্ষম বাবে সকলোৰে মাজত ব্যাপকভাৱে জনপ্ৰিয়। তেওঁ সঁচাকৈয়ে দুৰ্নীতিমুক্ত। এশকোটিৰো অধিক জনসংখ্যা থকা এখন দেশত আপোনালোকে অৱশেষত এনে এগৰাকী প্ৰধানমন্ত্ৰী লাভ কৰিছে যিয়ে পণ লয় যে তেওঁ নিজেও এটকাও নলয়, আৰু অইনকো ল’বলৈ নিদিয়ে। ভাৰতৰ সম্পত্তি আৰু ইয়াৰ উত্সৰে ইয়াৰ নাগৰিকৰ, বিশেষকৈ প্ৰকৃত হিতাধিকাৰীৰ উন্নয়নৰ বাবে প্ৰস্তুত কৰা তেওঁৰ নীতিবোৰ অত্যন্ত ক্ষীপ্ৰ আৰু বাস্তৱসন্মত, আৰু এই নীতিসমূহে তেওঁলোকক আটাইবোৰ আমোলাতন্ত্ৰৰ মেৰপেচৰ পৰা মুক্তি প্ৰদান কৰে। আৰু ইয়েই তেওঁক ৰাজনৈতিকভাৱেও যথেষ্ট পৰিমাণে সমৃদ্ধ কৰে, যাৰ জৰিয়তে তেওঁ আন্তঃগাঁথনি উন্নয়ন আৰু ৰাষ্ট্ৰীয় জিএছটি সৃষ্টি কৰাৰ আকৰ লাভ কৰে আৰু দেশখনৰ ব্যাপক উন্নয়ন তথা বিকাশ আনিব পৰাকৈ সমগ্ৰ ভাৰতীয় ব্যৱস্থাটোক এক নব্য ৰূপান্তৰৰ দিশে লৈ যাবলৈ আৰম্ভ কৰে।