প্ৰধানমন্ত্ৰী হিচাপে মই বৃহৎ জন সমাৱেশত কথা ক'বলৈ পাইছোঁ। কিন্তু মই ক'ব লাগিব যে ইয়াত আজি ৰাতি যি উষ্মা আৰু শক্তি দেখা গৈছে তাৰ দ্বিতীয় নাই। মই মোৰ বন্ধু প্ৰধানমন্ত্ৰীক কৈছোঁ যে ইয়াৰ আগতে মই যাক মঞ্চত দেখিছিলোঁ, তেওঁ আছিল ব্ৰুচ স্প্ৰিংষ্টিন, আৰু প্ৰধানমন্ত্ৰী মোদীয়ে যি আদৰণি লাভ কৰিলে তেওঁ তেনেকৈ লাভ কৰা নাছিল। প্ৰধানমন্ত্ৰী মোদী হৈছে বছ!