এন আৰ নাৰায়ণ মুৰ্ত্তী, সহ-প্ৰতিষ্ঠাপক, ইনফ’ছিছ (ইটিত ১৪ নৱেম্বৰ ২০১৮ তাৰিখে লোৱা সাক্ষাৎকাৰ)
‘‘প্ৰধানমন্ত্ৰী মোদী আৰু তেওঁৰ কেবিনেটে কেন্দ্ৰীয় পৰ্যায়ত দুৰ্নীতি হ্ৰাস কৰাৰ বাবে যথেষ্ট কষ্ট কৰিছে৷ মই কেন্দ্ৰীয় চৰকাৰৰ পৰ্যায়ত খুব কমেইহে দুৰ্নীতিৰ অভিযোগৰ বিষয়ে শুনো….মই গভীৰভাৱে বিশ্বাস কৰোঁ যে প্ৰধানমন্ত্ৰীয়ে এক শক্তিশালী, অৰ্থনৈতিক উত্তৰণ মনোবৃত্তিৰ চৰকাৰক নেতৃত্ব প্ৰদান কৰিছে…আমি এই বিষয়ে গৰ্ব কৰা উচিত যে ৰাষ্ট্ৰীয় পৰ্যায়ত আমাৰ এজন হ’লেও মোদীৰ দৰে নেতা আছে যিয়ে ভাৰতৰ উত্তৰণ কৰাৰ প্ৰতি আগ্ৰহী৷ যোৱা ৫ বছৰলৈ প্ৰত্যক্ষ কৰি মই অনুভৱ কৰিছোঁ যে যি ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গিত, নীতিশীল, স্বচ্ছতা তথা অৰ্থনৈতিক বিকাশক লক্ষ্য কৰি লৈছে তেনে এজন নেতা থকাটো ভাল কথা৷ এই চৰকাৰ নিৰন্তৰভাৱে অব্যাহত হৈ থকাটো ভাল কথা’’