মই ভাবো যে ভাৰতীয় অৰ্থনীতিয়ে বিগত ৩ বছৰত যিমান অগ্ৰগতি লাভ কৰিছে, সেয়া সমগ্ৰ বিশ্বৰ বাবে এক আদৰ্শ হোৱা উচিত৷ আপোনালোকৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশক আগুৱাই নিবলৈ এক সুদুৰপ্ৰসাৰী লক্ষ্য আৰু ৰণকৌশল যুগুত কৰিছে৷ আৰু জনসাধাৰণে সম্ভৱ নহয় বুলি ভৱা ক্ষিপ্ৰতাৰে তেওঁ দেশক আগুৱাই নিছে৷