ইজৰাইললৈ আপোনাক স্বাগতম৷ আমি আপোনালৈ দীৰ্ঘদিনৰ পৰা অপেক্ষা কৰি আছো৷ আমি ভাৰতবৰ্ষক ভাল পাঁও৷ ৰাষ্ট্ৰসংঘৰ বৈঠকত আমি প্ৰথমবাৰৰ বাবে সাক্ষাৎ হৈছিলো আৰু মোৰ মনত আছে আপুনি মোক কি কৈছিল৷ আপুনি কৈছিল যে—ভাৰত আৰু ইজৰাইলৰ সম্পৰ্কৰ কথা ক’লে, আকাশেই শেষ সীমা৷ কিন্তু মই আপোনাক ক’ব বিচাৰো যে—আমি এতিয়া মহাকাশ ক্ষেত্ৰতো সহযোগিতাৰে আগবাঢ়িছো৷ আপুনি বিশ্বৰ এগৰাকী মহান নেতা৷ আমি একেলগে ইয়াতকৈও অধিক সহযোগিতাৰে কাম কৰিব পাৰো৷