ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগে
মই প্ৰধানমন্ত্ৰী মোদীক মোৰ ডাঙৰ ভাতৃ হিচাপে গণ্য কৰোঁ। তেওঁ মোক পথ প্ৰদৰ্শন কৰে, সেয়েহে মই তেওঁক মোৰ পৰামৰ্শদাতা হিচাপে বিবেচনা কৰোঁ, আৰু তেওঁৰ সৈতে হোৱা প্ৰতিটো সাক্ষাৎ অতিকে বিশেষ বুলি অনুভৱ কৰোঁ। এইবাৰো, আমি বিমষ্টেক-ৰ কাৰ্যক্ৰম আৰু বিমষ্টেক-ত ভাৰতৰ নেতৃত্বৰ ভূমিকা সন্দৰ্ভত অতি চমুকৈ উল্লেখ কৰিছোঁ, বিমষ্টেকৰ আটাইতকৈ ডাঙৰ সদস্য ৰাষ্ট্ৰ হিচাপে, আটাইতকৈ জনবহুল সদস্য ৰাষ্ট্ৰ হিচাপে, আটাইতকৈ ডাঙৰ অৰ্থনীতি আৰু বিমষ্টেক অঞ্চলৰ আটাইতকৈ শক্তিশালী দেশ হিচাপে। আমি ভাৰতৰ নেতৃত্বৰ বাবে আশাৰে অপেক্ষা কৰি আছো, আৰু প্ৰধানমন্ত্ৰী মোদীয়ে সেই নেতৃত্ব বহণ কৰি আহিছে। সেয়েহে মই বিমষ্টেকৰ ভালৰ বাবে কেনেকৈ কিছু সম্ভাৱনা উপলব্ধি কৰি অৱশেষত প্ৰাপ্ত কৰা প্ৰসংগ উল্লেখ কৰিছিলো। -