ভূটানৰ প্ৰধানমন্ত্ৰী শ্বেৰিং টবগে
মই প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা লেক্স ফ্ৰিডমেনৰ সাক্ষাৎকাৰটো শুনিছো, আৰু মই ইয়াক ইংৰাজীত শুনিছিলো, কিন্তু হিন্দীতো শুনিছিলো, যদিও মই ভালকৈ হিন্দী বুজি নাপাওঁ, কাৰণ মই ইয়াক মূলত শুনিব বিচাৰিছিলোঁ, আৰু মই প্ৰধানমন্ত্ৰীক এই বিষয়ে অৱগতও কৰিছিলোঁ। মই ক'লো, ডাঙৰ ভাই, মই সেই পডকাষ্টটো শুনিছো, আৰু মই এগৰাকী আধ্যাত্মিক নেতাক প্ৰত্যক্ষ কৰিছিলোঁ। মই অনুভৱ কৰিছিলো যেন মই এগৰাকী আধ্যাত্মিক গুৰুৰ কথাহে শুনি আছোঁ। ই আধ্যাত্মিকভাৱে অতি পৰিপূৰ্ণ আছিল।