আমি কিছুমান কথা পাতোঁ যে তেওঁ আৰু মই উভয়েই অনাময়ক লৈ খুবেই সংবেদনশীল। আপোনালোকে জানে যে ভাৰতত স্বচ্ছ ভাৰত অভিযান আছে। অনাময়ৰ ক্ষেত্ৰত বিশ্বজুৰি মিঃ মোদী হৈছে এক নম্বৰৰ চেঞ্জমেকাৰ। সঁচাই! এক নম্বৰৰ আৰু তেওঁৰ সমান আন কোনো নাই আৰু মই তেনেকুৱা এজন শক্তিশালী ৰাজনৈতিক লোক নহয় কিন্তু এই অতি গুৰুত্বপূৰ্ণ ক্ষেত্ৰখনত তেওঁৰ সামাজিক প্ৰভাৱৰ ক্ষেত্ৰত, মানৱ ইতিহাসৰ সৰ্ববৃহৎ অনাময় ব্যৱস্থা স্বচ্ছ ভাৰত কাৰ্যক্ৰমৰ, একোৱেই সমকক্ষ নহয়। আপোনালোকে জানে যে ভাৰতত এই বিষয়ত সামাজিক আৰু ৰাজনৈতিক ইচ্ছাশক্তি সৃষ্টি কৰিবলৈ মোদীৰ প্ৰভাৱ বহুতো আৰু এই সামাজিক প্ৰভাৱ প্ৰশ্নাতীত। মই আপোনালোকৰ দেশ ভ্ৰমণ কৰাৰ ১৫-২০ বছৰত মই যি হোৱা দেখিলোঁ ই হৈছে তাৰ ভিতৰত সবাতোকৈ গুৰুত্বপূৰ্ণ ঘটনা।