মেৰীলীন হিউছন, অধ্যক্ষ, মুখ্য কাৰ্যবাহী বিষয়া, লকহীড মাৰ্টিন
প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা সাক্ষাত্ আছিল খুবেই গঠনমূলক আৰু আমাৰ দুয়োখন দেশৰ মাজত এক শক্তিশালী সম্পৰ্ক গঢ়ি তোলাৰ বাবে থকা সম্ভাৱনীয় দিশসমূহ সন্দৰ্ভত আলোচনা কৰিবলৈ পাই নথৈ আনন্দিত হৈছো। ভাৰত চৰকাৰৰ সৈতে কাম কৰাৰ ক্ষেত্ৰত লকহীড মাৰ্টিনৰ এক সুন্দৰ ইতিহাস আছে আৰু লগতে আছে ভাৰত আৰু এই সমগ্ৰ অঞ্চলটোৰ বাবে ৰাষ্ট্ৰীয় সুৰক্ষা ব্যৱস্থাত সহায় আগবঢ়াব পৰা বিভিন্ন সামগ্ৰী আৰু প্ৰযুক্তি সম্ভাৰ, ইয়াৰ লগতে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ভাৰতত অৰ্থনৈতিক লাভালাভ আৰু নিয়োগ সৃষ্টিৰ ক্ষেত্ৰতো সম্ভাৱনীয়তা সৃষ্টি কৰাৰ থল আছে।