মই দেখিছোঁ যে আমাৰ প্ৰধানমন্ত্ৰী ভাৰত যাতে সকলোৰে বাবে বিনিয়োগৰ কেন্দ্ৰবিন্দু হয় সেয়া নিশ্চিত কৰিবলৈ সঁচাকৈয়ে আগ্ৰহী আৰু তেওঁ ব্যৱসায়ীসকলে ভাৰতৰ সৈতে বন্ধন গঢ়ি তোলা আৰু ভাৰতত বিনিয়োগ কৰাটো সহজ কৰি তুলিব বিচাৰে। বিশেষকৈ এম্ব্ৰয়ডাৰী উদ্যোগত ভাৰতৰ উন্নয়নৰ বিষয়ে আমি কথা পাতিলোঁ৷ বিশ্ব পৰ্যায়ত খাদী কাপোৰ কেনেদৰে আনিব পাৰি সেই বিষয়েও আলোচনা কৰিলোঁ। ভাৰতৰ ঘৰুৱা হস্তশিল্পৰ প্ৰতি তেওঁ অতি দায়বদ্ধ আৰু উৎসাহজনক।