প্ৰধানমন্ত্ৰী মোদীৰ সৈতে হোৱা সাক্ষাত্ আছিল অতি মধুৰ, বিভিন্ন উদ্যোগ সন্দৰ্ভত আলোচনা কৰা হৈছিল এই সাক্ষাত্কালত। মই ভাবো ভাৰতত বিনিয়োগ কৰাৰ বাবে সকলোৱেই উন্মুখ হৈ আছে আৰু আমি একেলগে কি কৰিব পাৰো তাকে লৈ ময়ো অধীৰ হৈ আছো। জিএছটি কাৰ্যকৰী হোৱালৈ বাট চাইছো, ই মুঠেই সহজ নাছিল, ফলপ্ৰসূ হোৱাৰ আশা কৰিছো। ইয়েই দেখুৱায় যে কেনেদৰে আপুনি ৰূপান্তৰ আনিব পাৰে।