পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰীয়ে উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ জিলাত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা লোকসকলৰ বাবে শোক প্ৰকাশ কৰে। এই শোকাৱহ ঘটনাত প্ৰিয়জনক হেৰুওৱা পৰিয়ালসমূহৰ প্ৰতি গভীৰ সমবেদনা জ্ঞাপন কৰি প্ৰধানমন্ত্ৰীয়ে আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবেও প্ৰাৰ্থনা জনায়।
প্ৰধানমন্ত্ৰীয়ে প্ৰতিজন মৃতকৰ নিকটাত্মীয়লৈ পিএমএনআৰএফৰ পৰা ২ লাখ টকাকৈ আৰু আহত প্ৰতিগৰাকীক ৫০,০০০ টকাকৈ এককালীন সাহায্য আগবঢ়োৱাৰ কথা ঘোষণা কৰে।
প্ৰধানমন্ত্ৰীয়ে এক্সত পোষ্ট কৰিছেঃ
‘উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰত সংঘটিত দুৰ্ঘটনাত প্ৰাণ হেৰুওৱাসকলৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছো। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিছো। আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনাইছো।
এই শোকাৱহ দুৰ্ঘটনাত প্ৰাণ হেৰুওৱা প্ৰতিজন লোকৰ নিকটাত্মীয়লৈ পিএমএনআৰএফৰ পৰা ২ লাখ টকাকৈ এককালীন সাহায্য প্ৰদান কৰা হ’ব। আহতসকলক ৫০,০০০ টকাকৈ প্ৰদান কৰা হ’বঃ প্ৰধানমন্ত্ৰী @narendramodi’
Deeply anguished by the loss of lives due to the mishap in Mirzapur, Uttar Pradesh. My heartfelt condolences to the bereaved families. Praying for the quick recovery of the injured.
An ex gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each of those who lost…
— PMO India (@PMOIndia) April 23, 2026
***
MJPS/VJ/SS/DD