পি এম ইণ্ডিয়া

প্ৰধানমন্ত্ৰীৰ বিষয়ে জানক

শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ মে’ ২০১৯ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ দ্বিতীয়টো কাৰ্যকালৰ শপত গ্ৰহণ কৰে৷ স্বাধীন ভাৰতত জন্ম লাভ কৰা প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী হিচাপে শ্ৰী মোদীয়ে তেওঁৰ প্ৰথমটো কাৰ্যকালৰ দায়িত্ব ২০১৪ চনৰ পৰা ২০১৯ চনলৈ পালন কৰিছিল৷ তাৰোপৰি ২০০১ চনৰ অক্টোবৰ মাহৰ পৰা ২০১৪ চনৰ মে’ মাহলৈ সৰ্বাধিক সময়ৰ বাবে তেওঁ গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল৷

২০১৪ আৰু ২০১৯ চনৰ সংসদীয় নিৰ্বাচনত শ্ৰী মোদীয়ে নেতৃত্ব প্ৰদান কৰা ভাৰতীয় জনতা দলে অভিলেখসংখ্যক ভোটেৰে সংখ্যাগৰিষ্ঠতা লাভ কৰে৷ এয়া আছিল ১৯৮৪ চনৰ পিছত কোনো এটা ৰাজনৈতিক দলে একক সংখ্যাগৰিষ্ঠতা লাভ কৰা দ্বিতীয়টো দল৷

‘সকলোৰে সৈতে, সকলোৰে বিকাশ, সকলোৰে বিশ্বাস’ৰ মূলমন্ত্ৰত দীক্ষিত শ্ৰী মোদীয়ে শাসন ব্যৱস্থাত সমাহিত, বিকাশমুখী আৰু দুৰ্নীতিমুক্ত শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰাৰ দিশত অগ্ৰসৰ হৈছে৷ প্ৰধানমন্ত্ৰীয়ে অন্ত্যোদয়াৰ লক্ষ্য প্ৰাপ্তিৰ দিশত আগুৱাই সমাজৰ প্ৰতিজন লোকে যাতে আঁচনি আৰু সেৱাসমূহৰ সুবিধা লাভ কৰিব পাৰে, সেয়া নিশ্চিতিৰ দিশত দ্ৰুততাৰে ধাৱমান হৈছে৷

শীৰ্ষস্থানীয় আন্তৰ্জাতিক সংস্থাসমূহৰ মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতে উল্লেখযোগ্য ধৰণে দৰিদ্ৰতা হ্ৰাস কৰিবলৈ সক্ষম হৈছে৷ কেন্দ্ৰীয় চৰকাৰে দৰিদ্ৰ সমৰ্থিত বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা বাবে এয়া সম্ভৱ হৈছে৷

আজি ভাৰতত বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্যসেৱাৰ কাৰ্যসূচী আয়ুষ্মান ভাৰতৰ প্ৰৱৰ্তন হৈছে৷ প্ৰায় ৫০ কোটি ভাৰতীয়ক সামৰি আয়ুষ্মান ভাৰতে দুখীয়া আৰু নিম্ন মধ্যবিত্ত শ্ৰেণীক উন্নত গুণগতমানৰ তথা ব্যয়সাধ্য স্বাস্থ্যসেৱা প্ৰদান কৰিবলৈ সমৰ্থ হৈছে৷

বিশ্বৰ স্বাস্থ্যখণ্ডৰ সন্মানীয় বাৰ্তালোচনী ‘দা লেন্সেটে’ও আয়ুষ্মান ভাৰতক প্ৰশংসা কৰি কৈছে যে এই আঁচনিটোৱে ভাৰতৰ স্বাস্থ্যখণ্ডত এক আমূল পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে৷ স্বাস্থ্য সেৱাক অগ্ৰাধিকাৰ দিয়াৰ বাবে আলোচনীখনত প্ৰধানমন্ত্ৰী মোদীৰ প্ৰয়াসক প্ৰশ্ংসা কৰা হৈছে৷

দুখীয়াসকলৰ বাবে বিত্তীয় সেৱা সাধ্যৰ বাহিৰত বুলি অনুভূত কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰত্যেক ভাৰতীয়ৰে যাতে একোটাকৈ বেংক একাউণ্ট থাকে, সেই লক্ষ্য নিৰ্ধাৰণ কৰি প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ প্ৰৱৰ্তন কৰিছিল৷ এই পৰ্যন্ত প্ৰায় ৩৫ কোটি জন ধন একাউণ্ট মুকলি কৰা হৈছে৷ এই একাউণ্টসমূহে বেংকৰ সেৱা নথকা লোকক যে কেৱল বেংকিঙৰ সুবিধাই প্ৰদান কৰিছে এনে নহয়, অপিতু সৱলীকৰণৰ পথো প্ৰশস্ত কৰিছে৷

জন ধনতকৈও এঢাপ আগুৱাই শ্ৰী মোদীয়ে সমাজৰ বঞ্চিত লোকসকলৰ বাবে বীমা আৰু পেঞ্চনৰ সুবিধা উপলব্ধ কৰি জন সুৰক্ষাত গুৰুত্ব প্ৰদান কৰে৷ এই জেএএম ব্যৱস্থাই (জন ধন-আধাৰ–ম’বাইল) মধ্যভোগীসমূহ নিৰ্মূল কৰি প্ৰণালীসমূহত স্বচ্ছতা আৰু প্ৰযুক্তিসমৃদ্ধ দ্ৰুতি প্ৰদান কৰিছে৷

অসংগঠিত খণ্ডৰ ৪২ কোটিতকৈও অধিক লোক এতিয়া প্ৰধানমন্ত্ৰী শ্ৰম যোগী মান ধন যোজনাৰ অধীনত পেঞ্চন সেৱাৰ আওতালৈ আহিছে৷ ২০১৯ বৰ্ষৰ নিৰ্বাচনৰ ফলাফল প্ৰকাশ হোৱাৰ পিছত প্ৰথম কেবিনেটৰ বৈঠকতে ব্যৱসায়ীসকলৰ বাবেও একে ধৰণৰ পেঞ্চন সেৱাৰ কথা ঘোষণা কৰা হয়৷

২০১৬ চনত মুকলি কৰা প্ৰধানমন্ত্ৰী উজ্বলা যোজনাৰ দ্বাৰা দুখীয়া লোকসকলক বিনামূলীয়াকৈ ৰন্ধন গেছৰ সংযোগৰ সুবিধা প্ৰদান কৰা হয়৷ ইয়াৰ দ্বাৰা প্ৰায় ৭ কোটি হিতাধিকাৰীয়ে বিশেষকৈ ইয়াৰে অধিকাংশ মহিলাই ধোঁৱাবিহীন পাকঘৰৰ সুবিধা লাভ কৰিছে৷

স্বাধীনতাৰ ৭০ বছৰৰ পিছতো অন্ধকাৰত নিমজ্জিত হৈ থকা ১৮,০০০ খন গাঁৱৰ বৈদ্যুতিকীকৰণ কৰা হয়৷

শ্ৰী মোদীয়ে বিশ্বাস কৰে যে কোনো ভাৰতীয়ই যাতে গৃহহীন হৈ থাকিব নালাগে৷ তেওঁৰ এই বীক্ষণক বাস্তৱায়িত কৰি ২০১৪ চনৰ পৰা ২০১৯ চনলৈ প্ৰায় ১.২৫ কোটি গৃহ নিৰ্মাণ কৰা হয়৷ ২০২২ চনৰ ভিতৰত প্ৰধানমন্ত্ৰীৰ ‘সকলোৰে বাবে গৃহ’ সপোনক বাস্তৱায়িত কৰাৰ বাবে গৃহ নিৰ্মাণৰ এই ধাৰা বৰ্তমানেও অব্যাহত আছে৷

শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৃষিখণ্ডক সদায়েই সৰ্বাধিক গুৰুত্ব প্ৰদান কৰি আহিছে৷ ২০১৯ বৰ্ষৰ অন্তৱৰ্তীকালীন বাজেটৰ সময়ত চৰকাৰে কৃষকসকলৰ বাবে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি শীৰ্ষক এক আৰ্থিক সাহায্যৰ কথা ঘোষণা কৰিছিল৷ সেই ঘোষণাৰ প্ৰায় তিনি সপ্তাহৰ ভিতৰতে অৰ্থাৎ ২৪ ফেব্ৰুৱাৰী ২০১৯ তাৰিখে এই আঁচনি মুকলি কৰা হৈছিল আৰু তেতিয়াৰে পৰা এই সাহায্যৰ কিস্তিসমূহ নিয়মীয়াকৈ প্ৰদান কৰি অহা হৈছে৷ প্ৰধানমন্ত্ৰী মোদীৰ দ্বিতীয়টো কাৰ্যকালৰ কেবিনেটৰ প্ৰথম বৈঠকত পূৰ্বৰ ৫ একৰ ভূমিৰ সীমাৰ চৰ্ত নোহোৱা কৰি সকলো কৃষকলৈ প্ৰধানমন্ত্ৰী কিষাণৰ সুবিধা প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হয়৷ ইয়াৰ জৰিয়তে ভাৰত চৰকাৰে প্ৰতি বছৰে কৃষকসকলৰ কল্যাণৰ নামত প্ৰায় ৮৭,০০০ কোটি টকা ব্যয় কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷

তাৰোপৰি শ্ৰী মোদীয়ে ভূমি স্বাস্থ্য কাৰ্ড, উন্নত বজাৰৰ বাবে ই-নাম আৰু জলসিঞ্চনত গুৰুত্ব প্ৰদানৰ দৰে কৃষিখণ্ডত বিভিন্ন উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰে৷ ৩০ মে’ ২০১৯ তাৰিখে প্ৰধানমন্ত্ৰী মোদীয়ে জল শক্তি নামৰ এক নতুন মন্ত্ৰালয় গঠন কৰি পানীৰ উৎস সম্বন্ধীয় সকলো প্ৰত্যাশা পূৰণ কৰাৰ নিজৰ প্ৰতিশ্ৰুতি পূৰণ কৰিলে৷

২ অক্টোবৰ ২০১৪ তাৰিখে মহাত্মা গান্ধীৰ জন্মবাৰ্ষিকীৰ দিনা প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ দেশত পৰিষ্কাৰ-পৰিচ্ছন্নতা নিশ্চিত কৰাৰ বাবে ‘স্বচ্ছ ভাৰত অভিযান’ শীৰ্ষক এক জন আন্দোলনৰ সূচনা কৰে৷ এই আন্দোলনৰ প্ৰভাৱ ঐতিহাসিক হিচাপে বিবেচিত হৈছে৷ আজি অনাময় ব্যাপ্তি ২০১৪ চনৰ ৩৮%ৰ পৰা বৃদ্ধি হৈ ৯৯% স্পৰ্শ কৰিছে৷ বহু ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলক মুক্তস্থানত মলত্যাগ মুক্ত (অ’ডিএফ) অঞ্চল হিচাপে ঘোষণা কৰা হৈছে৷ গংগা নদীক পৰিষ্কাৰ কৰাৰ বাবে বাস্তৱিক পদক্ষেপ গ্ৰহণ কৰা হৈছে৷

স্বচ্ছ ভাৰত অভিযানৰ দ্বাৰা তিনি লাখ লোকৰ জীৱন সুৰক্ষিত হোৱা বাবে বিশ্ব স্বাস্থ্য সংস্থাই এই অভিযানক প্ৰশংসা কৰিছে৷

শ্ৰী মোদীয়ে বিশ্বাস কৰে যে ৰূপান্তৰণৰ বাবে পৰিবহণৰ গুৰুত্ব আৱশ্যম্ভাৱী৷ সেইবাবে ভাৰত চৰকাৰে অধিক সংখ্যক ৰাষ্ট্ৰীয় ঘাইপথ, ৰে’লৱে, আই-ৱে’ আৰু জলপথৰ বাবে পৰৱৰ্তী প্ৰজন্মৰ আন্তঃগাঁথনিৰ প্ৰস্তুতৰ বাবে কাম কৰি আছে৷ উড়ান (উৰে দেশ কা আম নাগৰিক)আঁচনিৰ দ্বাৰা অসামৰিক বিমান পৰিবহণ খণ্ডক অধিক জন অনুকূল কৰি যোগাযোগ ব্যৱস্থা উন্নত কৰা হৈছে৷

ভাৰতক আন্তৰ্জাতিক নিৰ্মাণখণ্ডৰ শক্তিগৃহ হিচাপে প্ৰস্তুত কৰি তুলিবলৈ প্ৰধানমন্ত্ৰী মোদীয়ে ‘মেক ইন ইণ্ডিয়া’ পদক্ষেপৰ সূচনা কৰে৷ এই প্ৰয়াসে প্ৰশংসনীয় ফলাফল প্ৰদৰ্শিত কৰিবলৈ সমৰ্থ হয়৷ সূচনা পৰ্বতেই ম’বাইল নিৰ্মাণ উদ্যোগ ২০১৪ চনৰ ২টাৰ পৰা বৃদ্ধি হৈ ২০১৯ চনত ইয়াৰ সংখ্যা ১২২ হয়৷ ভাৰতে ‘ইজ অব্ ডুয়িং বিজনেছ’তো অভূতপূৰ্ব উত্থান ঘটাবলৈ সক্ষম হৈছে৷ ২০১৪ চনৰ ১৪২ সংখ্যাক্ৰমৰ পৰা ঊৰ্ধলৈ গৈ ২০১৯ চনত ভাৰতে ৭৭ সংখ্যক স্থান লাভ কৰিছে৷ ২০১৭ চনৰ সংসদীয় অধিৱেশনত ভাৰত চৰকাৰে জিএছটিৰ প্ৰৱৰ্তন কৰি এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰে যাৰ দ্বাৰা ‘এক ৰাষ্ট্ৰ, এক কৰ’ ব্যৱস্থা বাস্তৱায়িত কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হয়৷

তেওঁৰ কাৰ্যকালত ভাৰতৰ সমৃদ্ধ ইতিহাস আৰু সংস্কৃতিৰ ক্ষেত্ৰতো গুৰুত্ব প্ৰদান কৰা হয়৷ ভাৰতত বিশ্বৰ সবাতোকৈ বৃহৎ মুৰ্তি, চৰ্দাৰ পেটেলৰ ষ্টেচু অব্ ইউনিটী নিৰ্মাণ কৰা হয়৷ এই মুৰ্তি নিৰ্মাণত সমগ্ৰ ভাৰতৰ সকলো ৰাজ্যৰ কৃষকসকলে ব্যৱহাৰ কৰা সঁজুলি তথা ভূমি ব্যৱহাৰ কৰি ‘এক ভাৰত, শ্ৰেষ্ঠ ভাৰত’ৰ আদৰ্শ উজ্বীৱিত কৰা হৈছিল৷

প্ৰধানমন্ত্ৰীয়ে পৰিবেশৰ সমস্যাৰ প্ৰতি সদায়েই উদ্বিগ্ন৷ তেওঁ সেউজ আৰু স্বচ্ছ ধৰা প্ৰতিপালন কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে৷ গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত শ্ৰী মোদীয়ে জলবায়ু পৰিৱৰ্তনৰ সমাধানৰ বাবে পৃথকে জলবায়ু পৰিৱৰ্তন বিভাগৰ সূচনা কৰিছিল৷ ২০১৫ চনত পেৰিচত চিঅ’পি২১ সন্মিলনৰ এক উচ্চ পৰ্যায়ৰ প্ৰতিনিধিৰ বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখযোগ্য ভূমিকা পালন কৰিছিল৷

এই দিশত অধিক অগ্ৰসৰ হৈ প্ৰধানমন্ত্ৰী মোদীয়ে জলবায়ু ন্যায়ৰ সপক্ষেও মাত মাতিছে৷ ২০১৮ চনত বিভিন্ন ৰাষ্ট্ৰ মুৰব্বীসকল ভাৰতত সমবেত হৈ পৃথিৱীৰ অনুকূল সৌৰ শক্তিৰ ব্যৱহাৰৰ বাবে আন্তৰ্জাতিক সৌৰ সহযোগিতা গঠন কৰে৷

পৰিবেশ সুৰক্ষাৰ প্ৰতি প্ৰধানমন্ত্ৰী মোদীৰ প্ৰয়াসক স্বীকৃতি জনাই ৰাষ্ট্ৰসংঘই তেওঁক ‘চেম্পিয়নছ অব্ দা আৰ্থ এৱাৰ্ড’ বঁটাৰে সন্মানিত কৰে৷

জলবায়ু পৰিৱৰ্তনৰ ফলতেই প্ৰাকৃতিক দুৰ্যোগ সংঘটিত হোৱা সত্যক স্বীকাৰ কৰি শ্ৰী মোদীয়ে মানৱ শক্তিৰ সৈতে প্ৰযুক্তিৰ শক্তি সংবদ্ধ কৰি দুৰ্যোগ প্ৰশমনৰ দিশত নতুন পদক্ষেপ গ্ৰহণ কৰিছে৷ মুখ্যমন্ত্ৰী হৈ থকা অৱস্থাত ২৬ জানুৱাৰী ২০০১ তাৰিখে ধ্বংসস্তুপত পৰিণত হোৱা গুজৰাটৰ ৰূপ পৰিৱৰ্তন কৰিবলৈ সমৰ্থ হৈছিল৷ ঠিক সেইদৰে গুজৰাটৰ বানপানী আৰু খৰাঙৰ সৈতে মোকাবিলা কৰাৰ নতুন পদ্ধতি ব্যৱহাৰ কৰি তেওঁ আন্তৰ্জাতিক মহলত প্ৰশংসিত হৈছিল৷

প্ৰশাসনিক সংশোধনৰ জৰিয়তে শ্ৰী মোদীয়ে সদায়েই নাগৰিক প্ৰতি ন্যায়ক অগ্ৰাধিকাৰ দি আহিছে৷ গুজৰাটত তেওঁ সান্ধ্য আদালত স্থাপন কৰি জনতাৰ সমস্যা সমাধানৰ নিশ্চিতিৰ বাবে অগ্ৰণী ভূমিকা পালন কৰিছিল৷ কেন্দ্ৰত তেওঁ ‘প্ৰগতি’ (প্ৰ’-এক্টিভ গৰ্ভানেন্স এণ্ড টাইমলী ইম্প্লিমেণ্টেচন)ৰ সূচনা কৰি উন্নয়নত বিলম্ব সাধন কৰা ওলমি থকা প্ৰকল্পসমূহ দ্ৰুত ৰূপায়ণৰ ব্যৱস্থা কৰিছিল৷

শ্ৰী মোদীৰ বৈদেশিক নীতিয়ে প্ৰকৃত সম্ভাৱনীয়তা বহন কৰাৰ উপৰিও বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ দায়িত্ব পালনতো ভূমিকা গ্ৰহণ কৰিছে৷ তেওঁ প্ৰথমটো কাৰ্যকাল ছাৰ্ক ৰাষ্ট্ৰৰ মুৰব্বীসকল তথা দ্বিতীয়টো কাৰ্যকাল বিমষ্টেকৰ মুৰব্বীসকলৰ উপস্থিতিত আৰম্ভ কৰিছিল৷ ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত তেওঁ প্ৰদান কৰা ভাষণ সমগ্ৰ বিশ্বতে প্ৰশংসিত হৈছিল৷ শ্ৰী মোদী আছিল প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী যি দ্বিপাক্ষিক সম্পৰ্কৰ বাবে ভাৰতৰ পৰা ১৭ বছৰৰ দীৰ্ঘ বিৰতিৰ পিছত নেপাল, ২৮ বছৰৰ দীৰ্ঘ বিৰতিৰ পিছত অষ্ট্ৰেলিয়া, ৩১ বছৰৰ দীৰ্ঘ বিৰতিৰ পিছত ফিজি আৰু সংযুক্ত আৰৱ আমীৰশ্বাহী আৰু ৩৪ বছৰৰ দীৰ্ঘ বিৰতিৰ পিছত ছেইছেলছ ভ্ৰমণ কৰে৷ ক্ষমতালৈ অহাৰ পিছত শ্ৰী মোদীয়ে শ্ৰী মোদীয়ে ৰাষ্ট্ৰসংঘ, ব্ৰিকছ, ছাৰ্ক আৰু জি-২০ সন্মিলনত অংশগ্ৰহণ কৰে য’ত ভাৰতৰ উদ্ভাৱন আৰু বিভিন্ন বিশ্বজনীন অৰ্থনীতি আৰু ৰাজনৈতিক সমস্যাসমূহত ভাৰতৰ বীক্ষণক ব্যাপক প্ৰশংসা কৰা হয়৷

প্ৰধানমন্ত্ৰী মোদীক বিভিন্ন বঁটাৰেও সন্মানিত কৰা হয়৷ তাৰে ভিতৰত ছৌদি আৰবিয়াৰ সৰ্বোচ্চ অসামৰিক বঁটা, ৰাছিয়াৰ দা অৰ্ডাৰ অব্ দা হলী এপ’ছেল এণ্ড্ৰিউ দা ফাৰ্ষ্ট বঁটা, পেলেষ্টাইনৰ গ্ৰেণ্ড কলাৰ অব্ দা ষ্টেট অব্ পেলেষ্টাইন বঁটা, আফগানিস্তানৰ আমীৰ আমান্নুল্লাহ খান বঁটা, সংযুক্ত আৰব আমীৰশ্বাহীৰ জায়েড মেডেল আৰু মালদ্বীপৰ ৰুল অব্ নিছান ইজুদ্দিন বঁটাই অন্যতম৷ ২০১৮ চনত প্ৰধানমন্ত্ৰীয়ে শান্তি আৰু উন্নয়নৰ দিশত তেওঁৰ অৱদানৰ বাবে সন্মানীয় ছিউল শান্তি বঁটা লাভ কৰে৷

নৰেন্দ্ৰ মোদীৰ উদ্ভাৱন ‘আন্তৰ্জাতিক যোগ দিৱসে’ ৰাষ্ট্ৰসংঘৰ পৰা বহুলভাৱে প্ৰশংসা লাভ কৰিছে৷ সমগ্ৰ বিশ্বৰ ১৭৭ খন ৰাষ্ট্ৰই একত্ৰিতভাৱে ৰাষ্ট্ৰসংঘত ২১ জুন তাৰিখটো আন্তৰ্জাতিক যোগ দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত কৰে৷

শ্ৰী মোদীৰ ১৭ ছেপ্টেম্বৰ ১৯৫০ তাৰিখে গুজৰাটৰ এখন সৰু চহৰত জন্ম হৈছিল৷ তেওঁৰ পৰিয়াল ‘অন্য পিছপৰা শ্ৰেণী’ৰ অন্তৰ্ভুক্ত আছিল যি সমাজৰ বঞ্চিত অংশৰ বুলি বিবেচনা কৰা হয়৷ তেওঁ দুখীয়া হৈ জন্ম গ্ৰহণ কৰিলেও এক মৰমীয়াল পৰিয়ালত ডাঙৰ-দীঘল হৈছিল৷ জীৱনৰ প্ৰথমভাগত কৰা কঠোৰ সংগ্ৰামে তেওঁক কঠোৰ পৰিশ্ৰমৰ মহত্ব অনুধাৱন কৰাত সহায় কৰিছিল আৰু ইয়াৰ দ্বাৰাই তেওঁ সাধাৰণ মানুহৰ দুখ দুৰ্দশাৰ বিষয়ে জানিবলৈ সক্ষম হৈছিল৷ সেইবাবে তেওঁ অতি কম বয়সতে জনতা আৰু ৰাষ্ট্ৰৰ সেৱা কৰিবলৈ অনুপ্ৰাণিত হৈছিল৷ জীৱনৰ প্ৰথমভাগত তেওঁ ৰাষ্ট্ৰ নিৰ্মাণৰ বাবে উৎসৰ্গিত এক ৰাষ্ট্ৰীয় সংস্থা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰএছএছ)ৰ সৈতে কাম কৰিছিল আৰু পিছলৈ তেওঁ ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত ভাৰতীয় জনতা দলৰ সৈতে ৰাজনীতিৰ ক্ষেত্ৰত প্ৰৱেশ কৰিছিল৷ শ্ৰী মোদীয়ে গুজৰাট বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতকোত্তৰ পাঠ্যক্ৰম সম্পূৰ্ণ কৰে৷

‘জনতাৰ নেতা’ হিচাপে নৰেন্দ্ৰ মোদী জনতাৰ সমস্যাৰ সমাধান তথা তেওঁলোকৰ কল্যাণৰ বাবে উৎসৰ্গিত৷ জনসাধাৰণৰ মাজত থাকি, তেওঁলোকৰ মাজত সুখ-দুখ বিনিময় কৰাৰ সমান আন একোৱেই তেওঁ সুখ প্ৰদান কৰিব নোৱাৰে৷ জনতাৰ সৈতে ‘শক্তিশালী সম্পৰ্ক’ স্থাপন কৰাৰ তেওঁৰ ব্যক্তিত্ব অনলাইনৰ পৃথিৱীতো বিদ্যমান৷ তেওঁৰ ভাৰতৰ সবাতোকৈ প্ৰযুক্তিৰ সৈতে জড়িত নেতা বুলি জনা যায়৷ ইণ্টাৰেটৰ জৰিয়তে জনতাৰ কাষলৈ গৈ তেওঁলোকৰ জীৱন পৰিৱৰ্তন কৰাৰ বাবে তেওঁ আগ্ৰহী৷ তেওঁ ফে’চবুক, টুইটাৰ, ইনষ্টাগ্ৰাম, ছাউণ্ড ক্লাউড, লিংকডইন, উইব’ আদিকে ধৰি বিভিন্ন ছ’চিয়েল মিডিয়াৰ প্লেটফ’ৰ্মত অত্যাধিক সক্ৰিয়৷

ৰাজনীতিৰ উপৰিও নৰেন্দ্ৰ মোদী লিখা-মেলাৰ সৈতেও জড়িত৷ তেওঁ কবিতাকে ধৰি বিভিন্ন গ্ৰন্থও ৰচনা কৰিছে৷ দিনটোৰ আৰম্ভণি তেওঁ যোগাভ্যাসেৰে কৰে যিয়ে তেওঁ শৰীৰ আৰু মনক শক্তি প্ৰদান কৰাৰ লগতে দৈনন্দিন দ্ৰুত জীৱনশৈলীত মানসিক শান্তিও প্ৰদান কৰে৷

http://www.narendramodi.in/categories/timeline
http://www.narendramodi.in/humble-beginnings-the-early-years
http://www.narendramodi.in/the-activist
http://www.narendramodi.in/organiser-par-excellence-man-with-the-midas-touch