পি এম ইণ্ডিয়া

শ্ৰী মোৰাৰজী দেশাই

২৪ মাৰ্চ, ১৯৭৭- ২৮ জুলাই, ১৯৭৯ | জনতা দল

শ্ৰী মোৰাৰজী দেশাই

বৰ্তমানে গুজৰাটৰ বালছৰ জিলাৰ ভাদেলী গাঁৱত ১৮৯৬ চনৰ ২৯ ফ্ৰেব্ৰুৱাৰী তাৰিখে শ্ৰী মোৰাৰজী দেশাইৰ জন্ম হৈছিল৷ তেওঁৰ পিতৃ এগৰাকী বিদ্যালয়ৰ শিক্ষক আছিল আৰু কঠোৰ নিয়মানুৱৰ্তিতাপৰায়ণ ব্যক্তি আছিল৷ তেওঁ ছেইণ্ট বালছৰ হাইস্কুলত শিক্ষা লাভ কৰিছিল আৰু তাৰ পৰাই প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈছিল৷ ১৯১৮ চনত তেতিয়াৰ বম্বে প্ৰদেশৰ উইলছন চিভিল ছাৰ্ভিচৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত বাৰ বছৰৰ বাবে জিলাধিপতি হিচাপে কাৰ্যনিৰ্বাহ কৰে৷

১৯৩০ চনত যেতিয়া সমগ্ৰ ভাৰতত মহাত্মা গান্ধীৰ নেতৃত্বত স্বাধীনতা সংগ্ৰামৰ ঢৌ উঠিছিল তেতিয়া শ্ৰী দেশায়ে ব্ৰিটিছৰ ন্যায় ব্যৱস্থাৰ ওপৰত বিশ্বাস হেৰুৱাই পেলাইছিল আৰু চৰকাৰী চাকৰি পৰিত্যাগ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰি স্বাধীনতা সংগ্ৰামত ব্ৰতী হৈছিল৷ এই সিদ্ধান্ত গ্ৰহণ কৰাটো শ্ৰী দেশাইৰ বাবে কঠিন আছিল যদিও তেওঁ অনুভৱ কৰিছিল যে ‘যেতিয়া ই দেশৰ স্বতন্ত্ৰতাৰ প্ৰশ্ন হৈ পৰে তেতিয়া পৰিয়াল সম্বন্ধীয় প্ৰশ্নসমূহে দ্বিতীয় স্থান গ্ৰহণ কৰে৷’

স্বাধীনতা সংগ্ৰামৰ সময়ত শ্ৰী দেশাইক তিনিবাৰ কাৰাৰুদ্ধ কৰা হৈছিল৷ ১৯৩১ চনত তেওঁ সদৌ ভাৰত কংগ্ৰেছ কমিটীৰ সদস্য হিচাপে যোগদান কৰে আৰু ১৯৩৭ চন পৰ্যন্ত গুজৰাট প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদক পদত আসীন হৈ থাকে৷

যেতিয়া ১৯৩৭ চনত প্ৰথমখন কংগ্ৰেছ চৰকাৰে পদভাৰ গ্ৰহণ কৰিছিল তেতিয়া শ্ৰী বি.জি খেৰৰ নেতৃত্বত তেতিয়াৰ বম্বে প্ৰদেশত শ্ৰী দেশায়ে ৰাজহ, কৃষি, বন আৰু সহকাৰী বিভাগৰ মন্ত্ৰীত্ব গ্ৰহণ কৰে৷ ১৯৩৯ চনত কংগ্ৰেছ মন্ত্ৰীবৰ্গই ভাৰতৰ জনসাধাৰণৰ সন্মতি অবিহনে ভাৰতক বিশ্বযুদ্ধৰ অংশীদাৰ কৰাৰ প্ৰতিবাদত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে৷

মহাত্মা গান্ধীয়ে আহ্বান কৰা ব্যক্তিগত সত্যাগ্ৰহ আন্দোলনৰ সময়ত শ্ৰী দেশাইক নজৰবন্দী কৰা ৰখা হৈছিল আৰু ১৯৪১ চনৰ অক্টোবৰত মুকলি কৰি দি পুনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত ১৯৪২ চনত নজৰবন্দী কৰি ৰখা হৈছিল৷ পুনৰাই তেওঁক ১৯৪৫ চনত মুকলি কৰি দিয়া হৈছিল৷ ১৯৪৬ চনৰ ৰাজ্যিক বিধানসভাৰ নিৰ্বাচনৰ পিছত তেওঁ বম্বেৰ গৃহ আৰু ৰাজহ বিভাগৰ মন্ত্ৰী হৈছিল৷ তেওঁৰ কাৰ্যকালত শ্ৰী দেশায়ে ভূমি অধিগ্ৰহণৰ বহু দূৰগামী শুধৰণীৰ স্থাপনা কৰিলে যি ‘ভূমিহীনৰ বাবে ভূমি’ প্ৰস্তাৱৰ বাবে সুৰক্ষিত ভূমিহীনৰ অধিকাৰ প্ৰদান কৰিছিল৷ আৰক্ষী প্ৰশাসনত জনসাধাৰণ আৰু আৰক্ষীৰ মাজত ব্যৱধান হ্ৰাস কৰাৰ বাবে তেওঁ প্ৰয়াস কৰিছিল আৰু জনসাধাৰণৰ জীৱন তথা সম্পত্তিৰ সুৰক্ষাৰ বাবে আৰক্ষীক অধিক সক্ৰিয় কৰি তুলিবলৈ চেষ্টা কৰিছিল৷ ১৯৫২ চনত তেওঁ বম্বেৰ মুখ্যমন্ত্ৰী পদত আসীন হয়৷

তেওঁৰ মতে যেতিয়ালৈকে গাঁও আৰু চহৰৰ দাৰিদ্ৰ তথা সুবিধা বঞ্চিত লোকে এটা উচিত মানদণ্ডৰ জীৱন-যাপনৰ সুবিধা নাপায় তেতিয়ালৈ সামাজিকীকৰণৰ কথা কোৱাটো নিৰৰ্থক৷ শ্ৰী দেশায়ে কৃষক আৰু ভূমিহীনসকলৰ কঠিনতা দূৰ কৰাৰ বাবে প্ৰগতিশীল আইন প্ৰণয়নৰ জৰিয়তে নিজৰ চিন্তাক সাকাৰাত্মক ৰূপ দিছিল৷

ৰাজ্যসমূহৰ পৰা স্বীকৃতি পোৱাৰ পিছত শ্ৰী দেশায়ে কেন্দ্ৰীয় কেবিনেটত ১৯৫৬ চনৰ ১৪ নৱেম্বৰ তাৰিখে বাণিজ্য তথা ঔদ্যোগিক মন্ত্ৰী হিচাপে যোগদান কৰে৷ ইয়াৰ পিছত তেওঁ ১৯৫৮ চনৰ ২২ মাৰ্চ তাৰিখে বিত্ত বিভাগত যোগদান কৰে৷

শ্ৰী দেশায়ে অৰ্থনৈতিক পৰিকল্পনা আৰু ৰাজকোষীয় প্ৰশাসনৰ ক্ষেত্ৰত তেওঁ কাৰ্যকৰী সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ প্ৰতিৰক্ষা বিভাগৰ বিকাশৰ বাবে তেওঁ যথেষ্ট পৰিমাণে ৰাজহ সংগ্ৰহ কৰিছিল, অতিৰিক্ত ব্যয় হ্ৰাস কৰিছিল আৰু প্ৰশাসনৰ ক্ষেত্ৰত চৰকাৰী ব্যয়ত মিতব্যয়িতা পালন কৰিছিল৷ বিত্তীয় অনুশাসনৰ জৰিয়তে তেওঁ বিত্তীয় হ্ৰাস যথেষ্টখিনি নোহোৱা কৰিছিল৷ তেওঁ সমাজৰ বিশেষাধিকাৰ প্ৰাপ্ত অংশটোৰ অসাধাৰণ জীৱন প্ৰণালীত প্ৰতিবন্ধকতা লগাইছিল৷

১৯৬৩ চনত তেওঁ কামৰাজ পৰিকল্পনাৰ অধীনত কেন্দ্ৰীয় কেবিনেটৰ পৰা পদত্যাগ কৰিছিল৷ পণ্ডিত নেহৰুৰ পিছৰজন প্ৰধানমন্ত্ৰী শ্ৰী লাল বাহাদুৰ শাস্ত্ৰীয়ে শ্ৰী দেশাইক প্ৰশাসনীয় ব্যৱস্থাৰ পুনৰ গঠনৰ বাবে প্ৰশাসনীয় পুনৰ গঠন আয়োগৰ অধ্যক্ষ পদৰ বাবে প্ৰেৰিত কৰিছিল৷ তেওঁৰ দীৰ্ঘদিনীয়া অভিজ্ঞতা তথা ৰাজহুৱা জীৱনে এই কামৰ বাবে তেওঁক সহায় কৰিছিল৷

১৯৬৭ চনত শ্ৰী দেশায়ে শ্ৰীমতী ইন্দিৰা গান্ধীৰ কেবিনেটত উপ প্ৰধানমন্ত্ৰী তথা বিত্ত বিভাগৰ মন্ত্ৰী হিচাপে যোগদান কৰে৷ ১৯৬৯ চনৰ জুলাই মাহত শ্ৰীমতী গান্ধীয়ে তেওঁৰ পৰা বিত্ত বিভাগ কাঢ়ি নিয়ে৷ যদিও শ্ৰী দেশায়ে স্বীকাৰ কৰিছিল যে প্ৰধানমন্ত্ৰী হিচাপে তেওঁৰ সহযোগীসকলৰ প’ৰ্টফ’লিঅ কাঢ়ি নিয়াৰ অধিকাৰ আছে, কিন্তু শ্ৰীমতী গান্ধীয়ে এই বিষয়ে তেওঁৰ লগত সামান্যতমো আলোচনা নকৰাৰ বাবে তেওঁ আত্মসন্মান হানি হোৱা অনুভৱ কৰে৷ তেওঁৰ হাতত অন্য বিকল্প নথকা বাবে উপ প্ৰধানমন্ত্ৰী পদৰ পৰা তেওঁ পদত্যাগ কৰে৷

১৯৬৯ চনত যেতিয়া কংগ্ৰেছ দল বিভক্ত হ’ল শ্ৰী দেশাই সংস্থা কংগ্ৰেছৰ সৈতে থকাৰ সিদ্ধান্ত ল’লে৷ তেওঁ বিৰোধী দলৰ নেতৃত্ব অব্যাহত ৰাখিলে৷ ১৯৭১ চনত তেওঁ পুনৰাই সংসদলৈ নিৰ্বাচিত হৈছিল৷ ১৯৭৫ চনত তেওঁ গুজৰাট বিধানসভাৰ নিৰ্বাচন স্থগিত ৰখাৰ বাবে অসীমিতকালীন অনশনত বহিছিল৷ তেওঁৰ অনশনৰ ফলস্বৰূপে ১৯৭৫ চনত জুন মাহত গুজৰাটত নিৰ্বাচন অনুষ্ঠিত হৈছিল৷ চাৰিটা বিৰোধী দলে গঠন কৰা জনতা দলে নতুন ভৱনত বৃহৎসংখ্যক সংখ্যা গৰিষ্ঠতা লাভ কৰিলে৷ এলাহবাদ উচ্চ ন্যায়ালত যেতিয়া শ্ৰীমতী গান্ধীৰ লোকসভালৈ নিৰ্বাচন ৰিক্ত ঘোষণা কৰিলে, তেতিয়া শ্ৰী দেশায়ে অনুভৱ কৰিছিল যে গণতান্ত্ৰিক আদৰ্শ অনুসৰি শ্ৰীমতী গান্ধীয়ে তেওঁৰ পদত্যাগ পত্ৰ দাখিল কৰা উচিত আছিল৷

১৯৭৫ চনৰ ২৬ জুনৰ দিনা জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ সময়ত শ্ৰী দেশাইক গ্ৰেপ্তাৰ কৰি নজৰবন্দী কৰা হ’ল৷ তেওঁক একান্ত কাৰাবাস প্ৰদান কৰি লোকসভাৰ নিৰ্বাচন ঘোষণা কৰাৰ ঠিক কেইদিনমান পূৰ্বে ১৯৭৭ চনৰ ১৮ জানুৱাৰীৰ দিনা মুকলি কৰি দিয়া হৈছিল৷ তেওঁ দেশৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ১৯৭৭ চনৰ ষষ্ঠ লোকসভাৰ সাধাৰণ নিৰ্বাচনত জনতা দলৰ নিৰংকুশ বিজয় সাব্যস্ত কৰে৷ তেওঁ নিজেও ছুৰাট সমষ্টিৰ পৰা লোকসভালৈ নিৰ্বাচিত হয়৷ পিছলৈ তেওঁ জনতা দলৰ সৰ্বসন্মত নেতা হিচাপে নিৰ্বাচিত হোৱাৰ পিছত ১৯৭৭ চনৰ ২৪ মাৰ্চ তাৰিখে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে৷

১৯১১ চনত শ্ৰী দেশাই গুজৰাবেনৰ সৈতে বিবাহপাশত আৱদ্ধ হয়৷ তেওঁৰ পাঁচটা সন্তানৰ ভিতৰত এগৰাকী জীয়েক আৰু এজন পুত্ৰ বৰ্তমানেও জীয়াই আছে৷

প্ৰধানমন্ত্ৰী হিচাপে শ্ৰী দেশাই এই সম্পৰ্তে উৎসুক আছিল যে ভাৰতৰ জনসাধাৰণক এটা পৰ্যায়লৈ নিৰ্ভয় প্ৰদান কৰাৰ বাবে সহায় কৰিব লাগে, এই ভূমিত কোনোবাই সকলোতকৈও যদি অধিক ভুল কৰে, নম্ৰতাৰে তেওঁক সেই ভুল আঙুলিয়াই দিয়াৰ ক্ষমতা থাকিব লাগে৷ ‘‘কোনো নহয়, আনকি প্ৰধানমন্ত্ৰীও নহয়’’, তেওঁ বাৰে বাৰে দোহাৰি কৈছিল, ‘‘কোনো ভূমিৰ আইনৰ ঊৰ্ধত হোৱা উচিত নহয়৷’’

তেওঁৰ বাবে সত্য এক বিশ্বাস, এয়া কোনো যুক্তিযুক্ততা নহয়৷ তেওঁ কাচিৎহে তেওঁৰ আদৰ্শক পৰিস্থিতিৰ অধীন হোৱাৰ বাবে অনুমতি প্ৰদান কৰিছিল৷ কঠিন পৰিস্থিতিতো তেওঁ নিজৰ সিদ্ধান্তত অটল আছিল৷ তেওঁ নিজে লক্ষ্য কৰা অনুসৰি ‘এজন ব্যক্তিয়ে সত্য আৰু আনৰ বিশ্বাস অনুসাৰে জীৱন-যাপন কৰা উচিত৷’