পি এম ইণ্ডিয়া

শ্ৰী লাল বাহাদুৰ শাস্ত্ৰী

৯ জুন, ১৯৬৪- ১১ জানুৱাৰী, ১৯৬৬ | কংগ্ৰেছ

শ্ৰী লাল বাহাদুৰ শাস্ত্ৰী

উত্তৰ প্ৰদেশৰ বাৰাণসীৰ পৰা সাত মাইল আঁতৰত মোগলচৰাই নামে এখন সৰু ৰে’লৱে চহৰত ১৯০৪ চনৰ ২ অক্টোবৰত শ্ৰী লাল বাহাদুৰ শাস্ত্ৰীৰ জন্ম হৈছিল৷ তেওঁৰ পিতৃ এগৰাকী বিদ্যালয়ৰ শিক্ষক আছিল আৰু শাস্ত্ৰীৰ ডেৰ বছৰ বয়সত তেওঁৰ পিতৃৰ জীৱনাৱসান ঘটিছিল৷ সেই সময়ত তেওঁৰ বিছ বছৰীয়া মাকে তিনিটি সন্তানৰ সৈতে নিজৰ দেউতাকৰ ঘৰলৈ গুচি যায় আৰু তাতেই থাকিবলৈ লয়৷

সৰু চহৰত শিক্ষা লাভ কৰা লাল বাহাদুৰৰ স্কুলীয় জীৱন ইমান উল্লেখযোগ্য নহ’লেও দাৰিদ্ৰতা স্বত্বেও তেওঁৰ শৈশৱকাল অতি মধুৰ আছিল৷

তেওঁক বাৰাণসীত থকা মোমায়েকৰ ঘৰলৈ পঠিওৱা হৈছিল যাতে তেওঁ উচ্চ শিক্ষা লাভ কৰিব পাৰে৷ ঘৰত তেওঁক নানহা অৰ্থাৎ ‘আটাইতকৈ সৰু’ বুলি মতা হৈছিল আৰু তেওঁ প্ৰখৰ ৰ’দতো জোতা নোহোৱাকৈ বহুদূৰ খোজ কাঢ়ি বিদ্যালয়লৈ গৈছিল৷

ডাঙৰ হোৱাৰ লগে লগে লাল বাহাদুৰ শাস্ত্ৰী দেশৰ বিদেশীৰ বিৰুদ্ধে কৰা স্বাধীনতা সংগ্ৰামৰ প্ৰতি অধিক আকৃষ্ট হ’বলৈ ধৰিছিল৷ তেওঁ মহাত্মা গান্ধীয়ে ভাৰতত ব্ৰিটিছ শাসনৰ সমৰ্থনত ভাৰতীয় ৰাজকুমাৰ সকলে প্ৰদৰ্শন কৰা সহযোগিতাক নিন্দা কৰা ঘটনাৰ দ্বাৰা বাৰুকৈয়ে প্ৰভাৱান্বিত হৈছিল৷ সেই সময়ত তেওঁৰ বয়স কেৱল এঘাৰ বছৰ হৈছিল কিন্তু ৰাষ্ট্ৰীয় মঞ্চত কেটেপা নিক্ষেপ কৰাৰ প্ৰক্ৰিয়া সেই তেতিয়াই তেওঁৰ মন মগজুত স্থিত হৈছিল৷

গান্ধীজীয়ে দেশবাসীক অসহযোগ আন্দোলনত যোগদানৰ বাবে জনোৱা আহ্বানৰ সময়ত লাল বাহাদুৰ শাস্ত্ৰীৰ বয়স হৈছিল ষোল্ল৷ মহাত্মাৰ আহ্বানত তেওঁ অধ্যয়ন ত্যাগ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছিল৷ তেওঁৰ এই সিদ্ধান্তই মাতৃৰ আশা চূৰ্ণ কৰিছিল৷ পৰিয়ালে তেওঁক তেওঁৰ সিদ্ধান্তৰ পৰা বিৰত কৰিব পৰা নাছিল৷ কিন্তু লাল বাহাদুৰে নিজৰ মন স্থিৰ কৰিছিল৷ তেওঁৰ সংস্পৰ্শত থকা সকলো ব্যক্তিয়ে জানিছিল যে এবাৰ মন দৃঢ় কৰাৰ পিছত তেওঁ কেতিয়াও নিজৰ সিদ্ধান্ত পৰিত্যাগ নকৰিছিল৷ তেওঁৰ বাহিৰৰ কোমল স্বভাৱৰ অন্তৰালত এটা কঠিন মনোভাৱ লুকাই আছিল৷

ব্ৰিটিছ শাসনৰ বিৰুদ্ধে গঠিত হোৱা বিভিন্ন ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানসমূহৰ ভিতৰত বাৰাণসীৰ কাশী বিদ্যাপীঠত লাল বাহাদুৰ শাস্ত্ৰীয়ে যোগদান কৰিছিল৷ তাতে তেওঁ দেশৰ বিভিন্ন মহান ব্যক্তিসমূহৰ সংস্পৰ্শলৈ আহে৷ বিদ্যাপীঠে তেওঁক স্নাতক ডিগ্ৰী হিচাপে ‘শাস্ত্ৰী’ উপাধি প্ৰদান কৰে আৰু পিছলৈ জনমানসত এয়া তেওঁৰ নাম হিচাপে পৰিচিত হয়৷

১৯২৭ চনত তেওঁৰ গৃহ চহৰৰ কাষৰ মিৰ্জাপুৰৰ ললিতা দেৱীৰ সৈতে বিবাহ পাশত আৱদ্ধ হয়৷ সম্পূৰ্ণ পৰম্পৰাগতভাৱে বিয়াখন সম্পন্ন কৰা হৈছিল৷ যৌতুক হিচাপে এটা যঁতৰ আৰু অলপমান হাতে বোৱা কাপোৰ গ্ৰহণ কৰা হৈছিল৷ দৰা কইনাই ইয়াতকৈ অধিক একো বিচৰা নাছিল৷

১৯৩০ চনত মহাত্মা গান্ধীয়ে দাণ্ডী যাত্ৰা কৰি লোণ আইন ভংগ কৰে৷ এই প্ৰতীকি ভংগিমাই সমগ্ৰ দেশকে উজ্বলিত কৰিছিল৷ লাল বাহাদুৰ শাস্ত্ৰীয়েও অত্যুৎসাহেৰে নিজকে স্বাধীনতাৰ যুঁজত অৱতীৰ্ণ কৰাইছিল৷ বিভিন্ন বিৰোধী শিবিৰসমূহত অংশগ্ৰহণ কৰি তেওঁ সৰ্বমুঠ ৭ বছৰ কাৰাবাস খাটিছিল৷ ইয়াৰ জৰিয়তে তেওঁৰ সংগ্ৰামৰ উত্তপ্ত শিখা প্ৰজ্বলিত হৈছিল আৰু পৰিপক্কতা বৃদ্ধি হৈছিল৷

স্বাধীনতাৰ পিছত যেতিয়া কংগ্ৰেছ ক্ষমতালৈ আহিছিল, ৰাষ্ট্ৰৰ সংগ্ৰামত নম্ৰ স্বভাৱৰ শাস্ত্ৰীৰ দক্ষতা তেতিয়াই সকলোৰে দৃষ্টিত পৰিছিল৷ যেতিয়া ১৯৪৬ চনত কংগ্ৰেছৰ চৰকাৰ গঠন হৈছিল তেতিয়া এই ‘সৰুফুটীয়া ডাইনাম’ মানৱ’জনক দেশৰ শাসনত এক গঠনযোগ্য ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনোৱা হৈছিল৷ তেওঁ নিজৰ গৃহ চহৰ উত্তৰ প্ৰদেশৰ সংসদীয় সচিব নিযুক্ত হোৱাৰ পিছতে গৃহ মন্ত্ৰীৰ পদ লাভ কৰিছিল৷ তেওঁৰ কঠোৰ পৰিশ্ৰম পৰা ক্ষমতা তথা সামৰ্থই উত্তৰ প্ৰদেশত সকলোৰে মুখে মুখে আছিল৷ ১৯৫১ চনত তেওঁ নতুন দিল্লীলৈ আহে আৰু কেন্দ্ৰীয় কেবিনেটৰ বিভিন্ন পদ- ৰে’ল মন্ত্ৰী; পৰিবহণ আৰু যোগাযোগ মন্ত্ৰী; বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী; গৃহ মন্ত্ৰী; আৰু নেহৰুৰ অসুখৰ সময় তেওঁৰ পদতো আসীন হৈছিল৷ তেওঁ ক্ৰমান্বয়ে উদ্ভাসিত হৈ গৈ আছিল৷ এবাৰ এটা ৰে’ল দূৰ্ঘটনাত বহুজনৰ জীৱন হানি হোৱাত তেওঁ দায়িত্ব স্বীকাৰ কৰি ৰে’ল মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছিল৷ তেওঁৰ এই অতুলনীয় আচৰণ সংসদ আৰু দেশত উচ্চভাৱে প্ৰশংসিত হৈছিল৷ এই ঘটনা সন্দৰ্ভত সংসদত তেতিয়াৰ প্ৰধানমন্ত্ৰী পণ্ডিত নেহৰুৱে বক্তৃতা প্ৰদান কৰি লাল বাহাদুৰ শাস্ত্ৰীৰ সংবদ্ধতা তথা উচ্চ আদৰ্শৰ বিষয়ে যথেষ্ট প্ৰশংসা কৰিছিল৷ তেওঁ কৈছিল যে লাল বাহাদুৰ শাস্ত্ৰীৰ এই পদত্যাগ পত্ৰ তেওঁ স্বীকাৰ কৰিছিল কিয়নো ই দেশৰ সাংবিধানিক ন্যায় প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আদৰ্শ স্থাপন কৰিছিল৷ ৰে’ল দূৰ্ঘটনাৰ দীৰ্ঘ সময় বিবাদৰ পিছত লাল বাহাদুৰ শাস্ত্ৰীয়ে কৈছিল, ‘‘বোধহয় মোৰ সৰুফুটীয়া চেহেৰা আৰু মৃদু জিভাৰ বাবে মানুহে বিশ্বাস কৰিছে যে এই কামৰ বাবে মই যোগ্য নহয়৷ যদিও মই শাৰীৰিকভাৱে শক্তিশালী নহয়, মই ভাবোঁ যে অন্তঃকৰণৰ পৰা মই সিমান দূৰ্বল নহয়৷’’

মন্ত্ৰীমণ্ডলীয় কাম-কাজৰ উপৰিও তেওঁ কংগ্ৰেছ দলৰ সাংগঠনিক ভেটি শক্তিশালী কৰাৰ বাবেও কাম কৰিছিল৷ ইয়াৰ ফলশ্ৰুতিতেই ১৯৫২, ১৯৫৭ আৰু ১৯৬২ চনৰ সাধাৰণ নিৰ্বাচনত দলে বৃহৎ সফলতা লাভ কৰিবলৈ সমৰ্থ হৈছিল৷

লাল বাহাদুৰ শাস্ত্ৰীয়ে ত্ৰিশ বছৰতকৈও অধিক সময় নিষ্ঠাৰে কাম কৰিছিল৷ এই সময়ছোৱাত তেওঁক মহান অখণ্ডতা আৰু ক্ষমতাৰ অধিকাৰী হিচাপে জনা গৈছিল৷ নম্ৰ, বিনয়ী, প্ৰৱল আত্মশক্তিৰ অধিকাৰী তথা স্থিতপ্ৰজ্ঞতা গুণৰ সৈতে আনক উপলব্ধি কৰাৰ ক্ষমতা তেওঁৰ আছিল৷ দেশক আগবঢ়াই নিয়াৰ দৰ্শন তেওঁৰ আছিল৷ লাল বাহাদুৰ শাস্ত্ৰী গভীৰভাৱে মহাত্মা গান্ধীৰ ৰাজনৈতিক শিক্ষণৰ দ্বাৰা প্ৰভাৱান্বিত হৈছিল৷ তেওঁ এবাৰ নিজৰ গুৰুক সোঁৱৰণ কৰি কৈছিল, ‘‘কঠোৰ পৰিশ্ৰমেই হ’ল প্ৰাৰ্থনাৰ পৰিপূৰক৷’’ মহাত্মা গান্ধীৰ প্ৰত্যক্ষ পৰম্পৰাত লাল বাহাদুৰ শাস্ত্ৰীয়ে ভাৰতীয় সংস্কৃতিক উচ্চভাৱে প্ৰতিনিধিত্ব কৰিছিল৷