পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ৰাছিয়ান ফেডাৰেচনৰ ৰাষ্ট্ৰপতি মহামহিম ভ্লাদিমিৰ পুটিন ডাঙৰীয়াৰ এটা ফোনকল গ্ৰহণ কৰে।
টেলিফোনিক বাৰ্তালাপত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ৭৫ সংখ্যক জন্মদিনত উষ্ম শুভেচ্ছা জনায় । প্ৰধানমন্ত্ৰীয়ে পুটিনক শুভকামনা জনোৱাৰ বাবে আৰু চিৰস্থায়ী বন্ধুত্ব ৰক্ষাৰ বাবে আন্তৰিক শলাগ লয় ।
২৩ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনৰ পূৰ্বে দুয়োগৰাকী নেতাই দ্বিপাক্ষিক কাৰ্যসূচীৰ বিভিন্ন বিষয়ত পৰ্যালোচনা কৰে । প্ৰধানমন্ত্ৰীয়ে এই বছৰৰ শেষৰ ফালে ৰাষ্ট্ৰপতি পুটিনক ভাৰতলৈ আদৰণি জনোৱাৰ বাবে আগ্ৰহী বুলি প্ৰকাশ কৰে।
প্ৰধানমন্ত্ৰীয়ে ইউক্ৰেইন সংঘাতৰ শান্তিপূৰ্ণ সমাধানৰ বাবে ভাৰতৰ সম্পূৰ্ণ সমৰ্থনৰ কথা পুনৰবাৰ প্ৰকাশ কৰে।
নেতাদ্বয়ে ভৱিষ্যতেওম ঘনিষ্ঠ যোগাযোগত থাকিবলৈ সন্মত হয়।
MJPS/VJ/SKS/DM
Thank you, my friend, President Putin, for your phone call and warm wishes on my 75th birthday. We are committed to further strengthening our Special and Privileged Strategic Partnership. India is ready to make all possible contributions towards a peaceful resolution of the…
— Narendra Modi (@narendramodi) September 17, 2025