Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কৰ্ণাটকৰ বেংগালুৰুত দেৱাল খহি প্ৰাণ হেৰুওৱা লোকসকলৰ প্ৰতি প্ৰধানমন্ত্ৰীৰ শোক


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটকৰ বেংগালুৰুত দেৱাল খহি পৰাৰ দুৰ্ভাগ্যজনক ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰীয়ে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে আৰু আহতসকলৰ আশু আৰোগ্য কামনা কৰে।

শ্ৰী মোদীয়ে ঘোষণা কৰে যে প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় সাহায্য পুঁজি (পিএমএনআৰএফ)ৰ অধীনত মৃতকৰ আত্মীয়ক ২ লাখকৈ টকা আৰু আহতসকলক ৫০,০০০কৈ টকা প্ৰদান কৰা হ’ব।

প্ৰধানমন্ত্ৰীয়ে এক্সৰ পোষ্টত কয়ঃ

“কৰ্ণাটকৰ বেংগালুৰুত দেৱাল খহি পৰাৰ ফলত হোৱা এই দুৰ্ঘটনা অতি দুৰ্ভাগ্যজনক। শোকসন্তপ্ত পৰিয়ালবোৰৰ প্ৰতি মোৰ সমবেদনা জনালোঁ। আহতসকলৰ আশু আৰোগ্য লাভ কামনা কৰিলোঁ।

মৃতকৰ আত্মীয়ক পিএমএনআৰএফৰ অধীনত ২ লাখকৈ টকা প্ৰদান কৰা হ’ব। আহতসকলক ৫০,০০০টকাকৈ প্ৰদান কৰা হ’বঃ প্ৰধানমন্ত্ৰী

******

MJPS/PRK/DB