Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

নতুন দিল্লীত অনুষ্ঠিত হেড অব মিছন সন্মিলনত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত অনুষ্ঠিত হেড অব মিছন সন্মিলনত অংশগ্ৰহণ কৰে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে বাণিজ্য, প্ৰযুক্তি আৰু কৌশলগত অংশীদাৰিত্বক আগবঢ়াই নিয়াৰ জৰিয়তে ভাৰতৰ গোলকীয় সংযোগ শক্তিশালী কৰাৰ উপৰি ইয়াত প্ৰবাসী ভাৰতীয়সকলৰ সৈতে সম্পৰ্ক গভীৰ কৰাৰ ক্ষেত্ৰত বিস্তৃত আলোচনা অনুষ্ঠিত হৈছিল।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এক্সৰ এটা পোষ্টত কয় :

“নতুন দিল্লীত অনুষ্ঠিত হেড অব মিছন সন্মিলনত অংশগ্ৰহণ কৰোঁ। ইয়াত বাণিজ্য, প্ৰযুক্তি আৰু কৌশলগত অংশীদাৰিত্ব আগবঢ়াই নিয়াৰ জৰিয়তে ভাৰতৰ গোলকীয় সংযোগ শক্তিশালী কৰাৰ লগতে প্ৰবাসী ভাৰতীয়ৰ সৈতে সম্পৰ্ক গভীৰ কৰাৰ ওপৰত বিস্তৃত আলোচনা কৰা হয়।”

******

 

MJPS/PRK/KD