Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰীয়ে আন্তঃৰাষ্ট্ৰীয় চিতা বাঘ দিৱস উপলক্ষে সকলো বন্যপ্ৰাণী প্ৰেমীক শুভেচ্ছা জনাইছে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আন্তঃৰাষ্ট্ৰীয় চিতা বাঘ দিৱস উপলক্ষে চিতা সুৰক্ষাৰ বাবে সমৰ্পিত সকলো বন্যপ্ৰাণী প্ৰেমী আৰু সংৰক্ষণবিদক শুভেচ্ছা জনাইছে। “আমাৰ চৰকাৰে তিনি বছৰ পূৰ্বে এই প্ৰকাণ্ড প্ৰাণীটোক সুৰক্ষিতকৰণৰ লগতে ইয়াৰ শ্ৰীবৃদ্ধি ঘটা এটা বাতাবৰণ পুনৰুদ্ধাৰৰ লক্ষ্যৰে প্ৰজেক্ট চিতা আৰম্ভ কৰিছিল। ইয়াৰ উপৰিও এয়া আছিল হেৰুৱা পৰিবেশগত ঐতিহ্যক পুনৰুজ্জীৱিতকৰণৰ লগতে আমাৰ জৈৱ বৈচিত্ৰ্যক সুদৃঢ়কৰণৰ অৰ্থে এটি প্ৰচেষ্টা”, শ্ৰী মোদীয়ে কয়।  

প্ৰধানমন্ত্ৰীয়ে এক্স-ত এইদৰে প’ষ্ট কৰিছেঃ

“আন্তঃৰাষ্ট্ৰীয় চিতা বাঘ দিৱস উপলক্ষে আমাৰ গ্ৰহৰ অন্যতম অতিশয় উল্লেখযোগ্য প্ৰাণী চিতা বাঘৰ সুৰক্ষাৰ বাবে সমৰ্পিত সকলো বন্যপ্ৰাণী প্ৰেমী আৰু সংৰক্ষণবিদক শুভেচ্ছা জনাইছো। আমাৰ চৰকাৰে তিনি বছৰ পূৰ্বে এই প্ৰকাণ্ড প্ৰাণীটোক সুৰক্ষিতকৰণৰ লগতে ইয়াৰ শ্ৰীবৃদ্ধি ঘটা এটা বাতাবৰণ পুনৰুদ্ধাৰৰ লক্ষ্যৰে প্ৰজেক্ট চিতা আৰম্ভ কৰিছিল। ইয়াৰ উপৰিও এয়া আছিল হেৰুৱা পৰিবেশগত ঐতিহ্যক পুনৰুজ্জীৱিতকৰণৰ লগতে আমাৰ জৈৱ বৈচিত্ৰ্যক সুদৃঢ়কৰণৰ অৰ্থে এটি প্ৰচেষ্টা।”

***

MJPS/VJ/SB