Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

লোকসভাত দিয়া ভাষণৰ গুৰুত্বপূৰ্ণ দিশসমূহ শ্বেয়াৰ প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে লোকসভাত দিয়া ভাষণৰ গুৰুত্বপূৰ্ণ দিশসমূহ শ্বেয়াৰ কৰিছে।

এক্সৰ এলানি পোষ্টত শ্ৰী মোদীয়ে কৈছে;

“আমি সকলো সৌভাগ্যৱান যে, আমি দেশৰ আধা জনসংখ্যাক ৰাষ্ট্ৰ নিৰ্মাণত অংশীদাৰ কৰাৰ সৌভাগ্য লাভ কৰিছো। আমাৰ নাৰী শক্তি দেশৰ নীতি নিৰ্ধাৰণৰ অংশ হোৱাটো সময়ৰ প্ৰয়োজন।”

“যোৱা ২৫-৩০ বছৰত, লাখ লাখ মহিলা তৃণমূল পৰ্যায়ৰ নেতা আৰু মতামত নিৰ্ধাৰক হৈ পৰিছে। সেয়েহে, যিসকলে এতিয়া তেওঁলোকৰ বিৰোধিতা কৰিছে তেওঁলোকে বহু সময় ধৰি ইয়াৰ মূল্য ভৰিব লাগিব।”

“দেশৰ নাৰী শক্তিৰ বাবে সংৰক্ষণ হৈছে ৰাষ্ট্ৰীয় স্বাৰ্থৰ হকে গ্ৰহণ কৰা সিদ্ধান্ত, য’ত মাতৃ, ভগ্নী আৰু কন্যাসকলে আমাৰ অভিপ্ৰায় প্ৰত্যক্ষ কৰিব। গতিকে ইয়াক ৰাজনীতিৰ মাপকাঠিৰ দ্বাৰা বিচাৰ নকৰিব।”

“আমি দেশৰ নাৰী শক্তিক কিবা এটা প্ৰদান কৰিছো বুলি ভ্ৰম নকৰিব, বৰং ই হৈছে তেওঁলোকৰ অধিকাৰ। আমাৰ অভিপ্ৰায় কৃতিত্ব লাভৰ বাবে নহয়, বৰং মহিলাসকলক অধিক সবল কৰা। “

“আমাৰ দেশত অভিজ্ঞ নাৰী শক্তিৰ কোনো ধৰণৰ অভাৱ নাই। আমি আত্মবিশ্বাসী যে তেওঁলোকে সদনৰ লগতে ৰাষ্ট্ৰক সমৃদ্ধ কৰাৰ ক্ষেত্ৰতো তেওঁলোকৰ অমূল্য অৱদান আগবঢ়াব।”

***

MJPS/SS/ST/NB