Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক ২০২২ৰ পহিলা জানুৱাৰীৰ পৰা অতিৰিক্ত আৰু এক কিস্তি মৰগীয়া বানচ দিয়াৰ প্ৰস্তাৱত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ অনুমোদ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলক ২০২২ৰ পহিলা জানুৱাৰীৰ পৰা অতিৰিক্ত আৰু এক কিস্তি মৰগীয়া বানচ দিয়াৰ প্ৰস্তাৱত অনুমোদন জনোৱা হৈছে। বৰ্তমান মূল দৰমহা আৰু পেঞ্চনৰ ওপৰত ৩১ শতাংশ মৰগীয়া বানচ প্ৰদান কৰা হয়। মূল্যবৃদ্ধিৰ বাবে এতিয়া আৰু ৩ শতাংশ অতিৰিক্ত মৰগীয়া বানচ প্ৰদান কৰাৰ সিদ্ধান্ত মন্ত্ৰীসভাত অনুমোদিত হৈছে।

সপ্তম কেন্দ্ৰীয় দৰমহা আয়োগৰ পৰামৰ্শমতে নিৰ্দিষ্ট সূত্ৰ অনুযায়ী অতিৰিক্ত মৰগীয়া বানচৰ পৰিমাণ নিৰ্দ্ধাৰিত হৈছে।ইয়াৰ ফলত প্ৰতি বছৰে চৰকাৰৰ মৰগীয়া বানচৰ নামত ৯,৫৪৪.৫০ কোটি টকা ব্যয় হব। এই সুবিধা প্ৰায় ৪৭.৬৮ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু ৬৮.৬২ লাখ পেঞ্চনাৰে লাভ কৰিব।

 

***

DS/KG