পি এম ইণ্ডিয়া
কাৰ্য্যসূচী সমন্বয়ক – এই গৌৰৱৰ মুহূৰ্তত চাৰি ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলৰ হিতাধিকাৰী সম্পত্তি কাৰ্ডধাৰীসকলৰ সৈতে অতিশয় সন্মানীয় প্ৰধানমন্ত্ৰীৰ আলোচনা কাৰ্য্যসূচী আৰম্ভ কৰিবলৈ প্ৰথমে মধ্য প্ৰদেশৰ ছিহোৰ জিলাৰ হিতাধিকাৰী সম্পত্তি কাৰ্ডধাৰী মনোহৰ মেৱাদা ডাঙৰীয়াক আমন্ত্ৰণ জনাইছোঁ।
মনোহৰ মেৱাদা – নমস্কাৰ ছাৰ।
প্ৰধানমন্ত্ৰী – নমস্কাৰ মনোহৰ জী, নমস্কাৰ।
মনোহৰ মেৱাদা – নমস্কাৰ ছাৰ। মোৰ নাম মনোহৰ মেৱাদা।
প্ৰধানমন্ত্ৰী – ভালে আছে নে,
মনোহৰ মেৱাদা – ভাল ছাৰ।
প্ৰধানমন্ত্ৰী – বাৰু, আপোনাৰ পৰিয়ালত কোন-কোন আছে?
মনোহৰ মেৱাদা – মোৰ পৰিয়ালত মই, পত্নী আৰু দুজন পুত্ৰ আছে। মোৰ ডাঙৰ ল’ৰাৰ বিয়া হৈছে, সেয়ে বোৱাৰী আছে আৰু মোৰ নাতিও আছে।
প্ৰধানমন্ত্ৰী – মনোহৰ জী, মই জানিব পাৰিছোঁ যে আপুনি প্ৰপাৰ্টি পেপাৰত ঋণ লৈছে। এই ঋণে আপোনাক কিমান সহায় কৰিছে? ইয়াৰ বাবে আপোনাৰ জীৱনৰ কি পৰিৱৰ্তন হৈছে? দেশৰ ভিন্ন প্ৰান্তৰ লোকে আপোনাৰ কথা শুনি আছে, গতিকে মনোহৰ জী, আপোনাৰ অভিজ্ঞতা আমাক কওঁক।
মনোহৰ মেৱাদা – মই মালিকীস্বত্ব আঁচনিৰ অধীনত পট্টা পাইছিলোঁ ছাৰ। ইয়াৰ বাবে মই সুখী হৈছোঁ, মোৰ পৰিয়ালটোও সুখী হৈছে, আপোনাক প্ৰণাম জনাইছোঁ, ধন্যবাদ জনাইছোঁ।
প্ৰধানমন্ত্ৰী – আপোনাকো অশেষ ধন্যবাদ জনালোঁ। মনোহৰ জীক জানিব বিচাৰিছোঁ, সেয়ে বিতংভাৱে জনাবচোন।
মনোহৰ মেৱাদা – বিতংভাৱে ছাৰ, মানে পট্টা পাইছোঁ, পট্টাত লোন লৈছিলোঁ, ছাৰ দুগ্ধ পামৰ বাবে ঋণ লৈছিলোঁ, দহ লাখৰ ঋণ লৈছিলোঁ।
প্ৰধানমন্ত্ৰী – দহ লাখ।
মনোহৰ মেৱাদা – হয়, দহ লাখ টকাৰ ঋণ লৈছিলোঁ ছাৰ।
প্ৰধানমন্ত্ৰী – তেন্তে ইয়াৰে আপুনি কি কৰিলে?
মনোহৰ মেৱাদা – ছাৰ, মই এখন দুগ্ধ পাম খুলিছোঁ। মই দুগ্ধ পামত কাম কৰোঁ, মোৰ ল’ৰায়ো তাত কাম কৰে আৰু সেয়ে মই খেতিও কৰোঁ আৰু দুগ্ধ পামখন চোৱা-চিতা কৰোঁ।
প্ৰধানমন্ত্ৰী – আপোনাৰ কিমান গাই আছে?
মনোহৰ মেৱাদা – ছাৰ, মোৰ পাঁচজনী গাই আৰু এটা ম’হ আছে, মুঠতে ছটা। সেয়াই মোৰ ব্যৱসায়। ইয়াৰপৰা মই বহু লাভান্বিত হৈছোঁ।
প্ৰধানমন্ত্ৰী – বাৰু আগতে ঋণ নোপোৱাৰ কাৰণ আছিল, এতিয়া ঘৰৰ কাগজ-পত্ৰ আছে বাবেই ঋণ পালে।
মনোহৰ মেৱাদা – ছাৰ, আগতে মোৰ হাতত ঘৰৰ কাগজ-পত্ৰ নাছিল, গতিকে মোৰ বাবে ঋণ লোৱাৰ সুবিধা নাছিল। আজি মোৰ হাতত ঘৰৰ কাগজ-পত্ৰ আছে, গতিকে আজি মোৰ হাতত ঋণ লোৱাৰ সুবিধা আছে। যিকোনো বেংকলৈ গ’লে ঋণ পাওঁ।
প্ৰধানমন্ত্ৰী – বাৰু, এনে নহয় যে ঋণটো ব্যয় হ’ব আৰু ল’ৰা-ছোৱালী ঋণী হৈ পৰিব।
মনোহৰ মেৱাদা – নাই ল’ৰা-ছোৱালীৰ তেনেকুৱা নহয় ছাৰ, কাৰণ মই যি কাম কৰি আছোঁ, মোৰ ল’ৰা-ছোৱালীয়েও সেই কামেই কৰে।
প্ৰধানমন্ত্ৰী – আপুনি ভাল উপাৰ্জন কৰি আছে।
মনোহৰ মেৱাদা – ছাৰ হয়।
প্ৰধানমন্ত্ৰী – আপুনি ঋণ পৰিশোধ কৰিছে,
মনোহৰ মেৱাদা – হয় ছাৰ।
প্ৰধানমন্ত্ৰী – আপুনিও নিশ্চিতভাৱে ঋণ পৰিশোধ কৰিছে।
মনোহৰ মেৱাদা – হয় ছাৰ, মানে মোৰ কিস্তি প্ৰায় ১৬,০০০ টকা। মোৰ উপাৰ্জন মাহে ৩০ হাজাৰ টকা, গতিকে তাৰ পৰাই কিস্তি দিওঁ আৰু তাৰ পৰাই ঘৰৰ বাকী ব্য়য়ো কৰোঁ।
প্ৰধানমন্ত্ৰী – বাৰু মনোহৰ জী, বৰ ভাল কথা। কেন্দ্রীয় চৰকাৰৰ আঁচনিৰ বাবে আপোনাৰ জীৱনৰ অসুবিধা কমিছে, মোৰ বাবে এয়া অতি সন্তোষজনক কথা আৰু দেখি বৰ ভাল লাগিল যে মালিকীস্বত্ব আঁচনিৰ জৰিয়তে লাখ-লাখ উপাৰ্জন হৈছে। আপোনাৰ দৰে পৰিয়ালসমূহে সকাহ পাইছে।
মনোহৰ মেৱাদা – হয় ছাৰ।
প্ৰধানমন্ত্ৰী – আমাৰ চৰকাৰে দেশৰ প্ৰতিগৰাকী নাগৰিকে গৌৰৱেৰে মূৰ তুলি জীয়াই থাকিবলৈ প্ৰচেষ্টা গ্ৰহণত অগ্ৰাধিকাৰ প্ৰদান কৰিছে। তেওঁলোকৰ জীৱন-যাত্ৰাক সহজ কৰি তুলিবলৈ মালিকীস্বত্ব আঁচনিখনে উদ্দীপনা যোগাইছে। আপোনাক বহু অভিনন্দন জনালোঁ মনোহৰ জী। আপুনি যেন গাঁৱৰ সকলোকে কয়। সকলোৱে নিজৰ কাৰ্ড প্ৰস্তুতেৰে ঋণ গ্ৰহণ কৰিব লাগে, কিবা এটা ব্যৱসায় কৰিব লাগে, নিশ্চিতভাৱে এই কথা সকলোকে কয় যেন। আপোনাক অশেষ ধন্যবাদ জনালোঁ মনোহৰ জী।
মনোহৰ মেৱাদা – ছাৰ মোৰ ফালৰপৰা লগতে মোৰ পৰিয়ালৰ ফালৰপৰাও আপোনাক অশেষ ধন্যবাদ জনালোঁ ছাৰ, নমস্কাৰ।
প্ৰধানমন্ত্ৰী – ধন্যবাদ।
কাৰ্য্যসূচী সমন্বয়ক – এতিয়া ৰাজস্থানৰ শ্ৰীগংগানগৰ জিলাৰ স্বামিত্বৰ সম্পত্তি কাৰ্ডধাৰী তথা হিতাধিকাৰী শ্ৰীমতী ৰচনা জীয়ে তেওঁৰ অভিজ্ঞতা সম্পৰ্কে ব্যক্ত কৰিব।
ৰচনা – মাননীয় প্ৰধানমন্ত্ৰীলৈ মোৰ শুভেচ্ছা জনালোঁ।
প্ৰধানমন্ত্ৰী – নমস্কাৰ ৰচনা জী, নমস্কাৰ। ৰচনা জী, আপুনি কি কাম কৰে, আপোনাৰ পৰিয়ালত কোন-কোন আছে, এই স্বামিত্ব আঁচনিৰ সৈতে কেনেকৈ সংযুক্ত হ’ল কওঁকচোন।
ৰচনা – ছাৰ, মোৰ পৰিয়ালত মোৰ স্বামী নৰেশ কুমাৰ বিষ্ণই আৰু মোৰ এটা ল’ৰা আৰু এজনী ছোৱালী আছে।
প্ৰধানমন্ত্ৰী – আৰু আঁচনিখনৰ বিষয়ে কওঁকচোন।
ৰচনা – ছাৰ, মই ইয়াত ২০ বছৰে বসবাস কৰি আহিছোঁ, মোৰ এটা সৰু ঘৰ আছে, তাৰ বাবে মোৰ হাতত কোনো নথি-পত্ৰ নাছিল আৰু এতিয়া স্বামিত্ব আঁচনিৰ অধীনত এই কাৰ্ডখন পাইছোঁ, গতিকে ছাৰ, মই ৭ লাখ ৪৫ টকাৰ ঋণ লৈছোঁ। ইয়াৰে মই এখন দোকান খুলিছোঁ, দোকানত সামগ্ৰী ৰাখিছোঁ আৰু মোৰ ল’ৰা-ছোৱালীৰ উচ্চ শিক্ষাৰ সপোন পূৰণ কৰিছোঁ।
প্ৰধানমন্ত্ৰী – গতিকে কাৰ্ড পোৱাৰ আগতে আপোনাৰ হাতত সম্পত্তিৰ কোনো তথ্য নাছিল, আপোনাৰ হাতত একো নাছিল।
ৰচনা – নাই ছাৰ, মোৰ একো নাছিল।
প্ৰধানমন্ত্ৰী – তেতিয়া সমস্যা হৈছিল নিশ্চয়।
ৰচনা – বৰ চিন্তিত হৈ পৰিছিলোঁ ছাৰ। এতিয়া স্বামিত্ব যোজনাৰ কাৰ্ড লাভেৰে মই আৰু মোৰ পৰিয়ালটো বৰ সুখী হৈছোঁ।
প্ৰধানমন্ত্ৰী – বাৰু, আপুনি কেতিয়াবা ভাবিছিলনে যে যেতিয়া ২০ বছৰ পাৰ হৈ গৈছিল আৰু আপোনাৰ হাতত একো নাছিল, তেতিয়া আপুনি নিশ্চয় আশা এৰি দিছিল, কেতিয়াবা এনেকুৱা অনুভৱ হৈছিল নে?
ৰচনা – ছাৰ, মই কেতিয়াও ভবা নাছিলোঁ যে এনেকুৱা কেতিয়াও হ’ব, মই ২০ বছৰ ধৰি একেখন ঘৰতে বসবাস কৰি আছোঁ ছাৰ।
প্ৰধানমন্ত্ৰী – বাৰু, স্বামিত্ব যোজনাৰপৰা আৰু কি কি লাভ পাইছে ক’বনে?
ৰচনা – হয় ছাৰ, মই ক’ম, ইয়াৰ জৰিয়তে মই এছবিএম আঁচনিৰ সুবিধা লাভ কৰিছোঁ আৰু ছাৰ, ময়ো ৮ লাখ টকাৰ মুদ্ৰা ঋণ লৈছোঁ। আমি আয়ুষ্মান কাৰ্ডো লাভ কৰিছোঁ ছাৰ।
প্ৰধানমন্ত্ৰী – ব্যৱসায় ভালদৰে চলি আছে নে।
ৰচনা – একেবাৰে ঠিকেই চলি আছে ছাৰ, মই এনৰেগাতো কাম কৰোঁ।
প্ৰধানমন্ত্ৰী – গতিকে আপুনি ১৫ লাখ টকাৰ ঋণ লৈছে, আপুনি এখন দোকান চলাইছে, আপুনি এনৰেগাতো কাম কৰে, আপোনাৰ স্বামীয়েও নিশ্চয় কিবা এটা কৰি আছে।
ৰচনা- ছাৰ, তেওঁ ড্ৰাইভাৰ।
প্ৰধানমন্ত্ৰী – বাৰু, মই জানিবলৈ পাইছোঁ যে আপোনাৰ ছোৱালীয়ে বিদেশত পঢ়িব বিচাৰে, ইয়াৰ কৃতিত্ব আপুনি স্বামিত্ব যোজনাক দিবনে?
ৰচনা – ছাৰ, মই তেওঁক বিদেশলৈ পঠিয়াব বিচাৰোঁ, তাই যাব বিচাৰিছে।
প্ৰধানমন্ত্ৰী – অনুগ্ৰহ কৰি সবিশেষ কওঁকচোন। তেওঁক আপুনি কোন দেশলৈ পঠিয়াব বিচাৰিছে?
ৰচনা – অষ্ট্ৰেলিয়া।
প্ৰধানমন্ত্ৰী – অষ্ট্ৰেলিয়া, গতিকে স্বামিত্ব যোজনাৰ বাবেই এয়া সম্ভৱ হ’ব।
ৰচনা – হয় ছাৰ।
প্ৰধানমন্ত্ৰী – যাওঁক ৰচনা জী, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যে আপোনাৰ আৰু আপোনাৰ কন্যাৰ এই সপোন অতি সোনকালে পূৰণ হওঁক। স্বামিত্ব যোজনাই কেৱল প্ৰয়োজনীয়তা পূৰণেই নহয়, বৰঞ্চ আমাৰ নাগৰিকসকলৰ আকাংক্ষাকো সুদৃঢ় কৰি তুলিছে, এয়া অতি সন্তোষৰ কথা। প্ৰকৃত অৰ্থত যিকোনো আঁচনিৰ তাৎপৰ্য্য হ’ল জনতা ইয়াৰে সংযুক্ত হৈ সবল হোৱা। ৰচনা জী, আপুনি মাজতে কিবা এটা ক’ব বিচাৰিছিল।
ৰচনা – ছাৰ, মই ক’ব বিচাৰোঁ যে আপুনি আমাৰ নেতা। আপুনি দৰিদ্ৰ লোকৰ কল্যাণ সাধনৰ বাবে যি আঁচনি আৰম্ভ কৰিছে, তাৰ বাবে মোৰ আৰু মোৰ পৰিয়ালৰ হৈ অন্তৰৰপৰা ধন্যবাদ জনাইছোঁ।
প্ৰধানমন্ত্ৰী – বহু-বহু ধন্যবাদ, মই দেখা পোৱা গাঁৱৰ সকলো লোককে মোৰ শুভেচ্ছা জনাব। আহকচোন, এতিয়া আমাৰ সৈতে কোনে যোগদান কৰিছে চাওঁ।
কাৰ্য্যসূচী সমন্বয়ক – এতিয়া মহাৰাষ্ট্ৰৰ নাগপুৰ জিলাৰ হিতাধিকাৰী তথা সম্পত্তিৰ কাৰ্ডধাৰী শ্ৰী ৰোশন সম্ভাজী পাটিলে আলোচনাৰ বাবে যোগদান কৰিছে।
প্ৰধানমন্ত্ৰী – নমস্কাৰ ৰোশন জী।
ৰোশন – নমস্কাৰ ছাৰ।
প্ৰধানমন্ত্ৰী – ৰোশন জীয়ে কওঁক।
ৰোশন – হয় ছাৰ, সাধু আৰু মহাপুৰুষৰ মহাৰাষ্ট্ৰৰপৰা আৰু দীক্ষাৰ পবিত্ৰ ভূমি নাগপুৰৰপৰা মই ৰোশন পাটিলে আপোনাক প্ৰণাম জনাইছোঁ ছাৰ।
প্ৰধানমন্ত্ৰী – নমস্কাৰ।
ৰোশন – নমস্কাৰ ছাৰ।
প্ৰধানমন্ত্ৰী – আপোনাৰ ল’ৰাৰ নাম কি?
ৰোশন পাটিল – ছাৰ, মোৰ ল’ৰাৰ নাম শৰবিল, আজি তেওঁৰ জন্মদিনো।
প্ৰধানমন্ত্ৰী – আজি তেওঁৰ জন্মদিন…
ৰোশন পাটিল- হয় ছাৰ, তেওঁৰ জন্মদিন…
প্ৰধানমন্ত্ৰী – তেওঁলৈ মোৰ আশীৰ্বাদ জনালোঁ।
ৰোশন পাটিল – আপোনাৰ আশীৰ্বাদে তেওঁক কৃতাৰ্থ কৰিব।
প্ৰধানমন্ত্ৰী – ঠিক আছে ৰোশন জী, আপুনি কি কৰে আৰু আপোনাৰ পৰিয়ালত কোন-কোন আছে?
ৰোশন – ছাৰ, মই খেতিয়ক, খেতি কৰোঁ আৰু লগতে ব্যক্তিগত চাকৰি এটাও আছে ছাৰ। মোৰ পৰিয়ালত মুঠ ছজন সদস্য আছে, মোৰ পত্নী, মোৰ মা আৰু দেউতা, মোৰ ভাই দুজন আৰু মোৰ সৰু ল’ৰাটো ছাৰ।
প্ৰধানমন্ত্ৰী – গতিকে এই মালিকীস্বত্ব কাৰ্ড, সম্পত্তিৰ পত্ৰ, ইয়াৰ সৈতে জড়িত এই সকলোবোৰ কেনেকৈ পালে আৰু ইয়াৰপৰা আপুনি কেনেদৰে লাভান্বিত হৈছে?
ৰোশন – ছাৰ, মালিকীস্বত্ব কাৰ্ডখন পোৱাৰপৰাই তাৰ ওপৰত ঋণ ল’ব পাৰিলোঁ। আগতে ছাৰ ঋণ ল’ব পৰা নাছিলোঁ, মানে মোৰ এটা ডাঙৰ ঘৰ আছে, গাঁৱত মোৰ পুৰণি ঘৰ এটা আছে, গতিকে মোৰ প্ৰপাৰ্টি কাৰ্ড থকাৰ বাবে ঋণ ল’ব পাৰিছোঁ ছাৰ। বেংকৰপৰা ৯ লাখ টকাৰ ঋণ লৈ সেই টকাৰ কিছু অংশৰে ঘৰ এটা সাজি সেই টকাৰে আন এটা অংশৰে পথাৰত জলসিঞ্চনৰ ব্যৱস্থা কৰিলোঁ। তাৰ বাবেই মোৰ শস্যৰ উৎপাদন বাঢ়িল আৰু উপাৰ্জনো বাঢ়িল। দুই-তিনিবছৰ আগতে মই মাত্ৰ এটা খেতি কৰিছিলোঁ, কিন্তু এতিয়া মই তিনিটা খেতি কৰোঁ আৰু মোৰ উপাৰ্জনো বাঢ়িছে আৰু খেতিৰপৰাও ভাল লাভ পাওঁ।
প্ৰধানমন্ত্ৰী – বাৰু, আপোনাৰ হাতত নথি-পত্ৰ, কাগজ-পত্ৰ থকাৰ পিছত আপুনি বেংকৰপৰা ঋণ লোৱাত কোনো সমস্যাৰ সন্মুখীন হৈছিল নেকি?
ৰোশন – হয় ছাৰ আগতে নথি-পত্ৰৰ বহু সমস্যা হৈছিল। কিন্তু যিহেতু মালিকীস্বত্ব কাৰ্ডখন পাইছোঁ, গতিকে কোনো নথি-পত্ৰৰ প্ৰয়োজন নাই, কেৱল মালিকীস্বত্ব কাৰ্ডখনেই সকলোৰে বাবে যথেষ্ট।
প্ৰধানমন্ত্ৰী – আপোনাৰ আত্মবিশ্বাস আছে।
ৰোশন – ইয়াৰ বাবে মই আপোনাৰ ওচৰত অতিশয় কৃতজ্ঞ ছাৰ।
প্ৰধানমন্ত্ৰী – বেংকৰ ৰাইজৰ ওপৰত সম্পূৰ্ণ আস্থা আছে।
ৰোশন – হয় ছাৰ, বেংকাৰসকলৰ ইয়াৰ ওপৰত বহু বিশ্বাস আছে আৰু ইয়াৰে ঋণ সহজেই পোৱা যায়।
প্ৰধানমন্ত্ৰী – কিন্তু এতিয়া ঘৰ সাজিলে ঋণ কেনেকৈ পৰিশোধ কৰিব?
ৰোশন – হয় ছাৰ, মই শাক-পাচলিৰ খেতি কৰোঁ, তাৰপৰাও লাভ পাওঁ। আৰু দুটা-তিনিটা শস্য আছে। তাৰপৰাও লাভ হয়, জলসিঞ্চনৰ উপায়ৰ বাবে আন শস্যও ভাল হয় ছাৰ, সেয়েহে লাভ বেছি হয়, গতিকে মই সহজে ঋণ পৰিশোধ কৰিব পাৰোঁ ছাৰ।
প্ৰধানমন্ত্ৰী – ঠিক আছে ৰোশন জী, কেন্দ্ৰীয় চৰকাৰৰ আন কোনবোৰ আঁচনিৰদ্বাৰা আপুনি লাভৱান হৈছে?
ৰোশন – হয় ছাৰ, কেন্দ্ৰীয় চৰকাৰৰ উজ্জ্বলা গেছ আঁচনিৰ সুবিধা পাইছোঁ, পিএম সন্মান নিধি আঁচনিৰ সুবিধা পাইছোঁ, পিএম ফছল বীমা আঁচনিৰ সুবিধা পাইছোঁ, এনে আঁচনিৰ সুবিধা পাইছোঁ মহোদয়।
প্ৰধানমন্ত্ৰী – ঠিক আছে ৰোশন জী, মালিকীস্বত্ব আঁচনিৰপৰা জনতাই ইমানবোৰ প্ৰকাৰৰ সহায় পোৱাটো সুখৰ কথা। আপুনি আৰু কিবা এটা কৈছিল।
ৰোশন – হয় ছাৰ, মালিকীস্বত্ব আঁচনিৰ বাবে জনতাই বহু সুবিধা পাইছে ছাৰ। আমাৰ গাঁৱৰ একাংশ লোকে লোন লৈ দোকান খুলিছে। আগতে তেওঁলোকে একো কৰিব পৰা নাছিল, খেতিৰ ভিত্তিত ঋণ ল’ব পৰা নাছিল, ঘৰৰ আধাৰত ঋণ ল’ব পৰা নাছিল, কিন্তু মালিকীস্বত্ব কাৰ্ডৰ বাবে সকলোৱে সহজে ঋণ লাভ কৰিছে, এই কাৰণেই জনতাই সৰু-সৰু ব্যৱসায় আৰু খেতি কৰিবলৈ সক্ষম হৈছে, গতিকে তেওঁলোকৰ উপাৰ্জন দুগুণ হৈছে ছাৰ আৰু তেওঁলোকে সহজেই পৰিয়াল আৰু সন্তানক ডাঙৰ-দীঘল কৰিছে আৰু এটা সুখী জীৱন কটাব ধৰিছে ছাৰ।
প্ৰধানমন্ত্ৰী – বাৰু, ৰোশন জী, আপুনি কৈছে যে আপোনাৰ গাঁৱৰ আন লোকেও ইয়াৰ সুবিধা লাভ কৰিছে আৰু মই এইটোও বিচাৰিম যে গাঁৱৰ সকলো লোকেই এই ব্যৱস্থাৰ সুবিধা লওঁক আৰু আপুনিও এটা ঘৰ সাজিছে।
ৰোশন – হয় ছাৰ, ইয়াৰ সকলো ক্ৰেডিট আপোনাৰেই ছাৰ, আপোনাক বহু-বহু ধন্যবাদ জনাব বিচাৰিছোঁ ছাৰ।
প্ৰধানমন্ত্ৰী – বাৰু, আপোনালোকলৈয়ো আন্তৰিক শুভেচ্ছা জনাইছোঁ আৰু নাগপুৰৰ ৰাইজলৈয়ো শুভেচ্ছা জনাইছোঁ।
ৰোশন – ধন্যবাদ ছাৰ, ধন্যবাদ, ধন্যবাদ ছাৰ।
প্ৰধানমন্ত্ৰী – এতিয়া কোন আছে?
কাৰ্য্যসূচী সমন্বয়ক – এতিয়া অতি সন্মানীয় প্ৰধানমন্ত্ৰী মহোদয়ে আন এগৰাকী হিতাধিকাৰী, সম্পত্তি কাৰ্ডধাৰী ওড়িশাৰ ৰায়গড় জিলাৰ শ্ৰীমতী গজেন্দ্ৰ সংগীতা জীৰ সৈতে মত-বিনিময় কৰিব।
সংগীতা – মাননীয় প্ৰধানমন্ত্ৰীলৈ মোৰ প্ৰণাম।
প্ৰধানমন্ত্ৰী – নমস্কাৰ সংগীতা জী।
সংগীতা – নমস্কাৰ।
প্ৰধানমন্ত্ৰী – সংগীতা জী, আপুনি কি কাম কৰে কওঁকচোন।
সংগীতা – চিলাইৰ কাম কৰোঁ, টেইলাৰিং কৰোঁ।
প্ৰধানমন্ত্ৰী – হয় আৰু আপোনাৰ পৰিয়ালত কোন-কোন আছে?
সংগীতা – মোৰ পৰিয়ালত চাৰিজন মানুহ, দুটা সন্তান আৰু মোৰ স্বামী। এজনী কন্যাই এমকমৰ ফাইনেল ইয়েৰত পঢ়ি আছে, ল’ৰাটোৱে অন্ধ্ৰপ্ৰদেশত কদাপাত কাম কৰি আছে আৰু মোৰ স্বামীয়েও ব্যক্তিগত কোম্পানীত কাম কৰি আছে।
প্ৰধানমন্ত্ৰী – বাৰু সংগীতা জী, ঘৰৰ সম্পত্তিৰ অধিকাৰ লাভ, কাগজ-পত্ৰ লাভৰ পিছত আপোনাৰ জীৱনলৈ কেনে পৰিৱৰ্তন আহিছে?
সংগীতা – হয় ছাৰ, ডাঙৰ পৰিৱৰ্তন হৈছে। আমি যি স্থায়ী কাগজ পাইছোঁ, সেইখনে আমাৰ আত্মবিশ্বাস বঢ়াই তুলিছে।
প্ৰধানমন্ত্ৰী – এতিয়া কাগজ-পত্ৰ পাই কি কৰিলে।
সংগীতা – হয়, আমি কাগজসমূহ পাইছোঁ। মই প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ বাবেও আৱেদন কৰিছোঁ।
প্ৰধানমন্ত্ৰী – বেংকৰপৰা এতিয়া ঋণ লৈছে নেকি?
সংগীতা – হয় ছাৰ, মই এতিয়াও লোৱা নাই, এতিয়া লোৱাৰ কথা ভাবিছোঁ।
প্ৰধানমন্ত্ৰী – কিন্তু বেংকৰ সৈতে যোগাযোগ কৰিছেনে, ঋণ ল’ব বিচাৰে নেকি?
সংগীতা – হয় ছাৰ, মই এতিয়া ঋণ লোৱাৰ কথা ভাবিছোঁ।
প্ৰধানমন্ত্ৰী – তেন্তে ঋণেৰে কি কৰিব?
সংগীতা – ঋণ লৈ মোৰ ব্যৱসায়টো অলপ বৃদ্ধি কৰিব বিচাৰিছোঁ, টেইলাৰিং ব্যৱসায়টো অলপ বৃদ্ধি কৰিব বিচাৰিছোঁ ছাৰ।
প্ৰধানমন্ত্ৰী – গতিকে মই মোৰ ব্যৱসায়ত অধিক গুৰুত্ব দিম।
সংগীতা – হয়, মোৰ ল’ৰা-ছোৱালীৰ শিক্ষাৰ বাবেও উপযোগী হ’ব পাৰে, যদি কিছু টকা জমা হয়।
প্ৰধানমন্ত্ৰী – আহক সংগীতা জী, আপোনাৰ কাম আৰু আপোনাৰ ঘৰখন সম্প্ৰসাৰিত কৰক। আপোনাক ইয়াৰ বাবে শুভেচ্ছা জনাইছোঁ। মালিকীস্বত্ব আঁচনিৰ জৰিয়তে আপোনাৰ আটাইতকৈ ডাঙৰ চিন্তাৰ অন্ত পৰিল। আপুনি আপোনাৰ ঘৰৰ কাগজ-পত্ৰ লাভ কৰিছে আৰু আপুনি আত্মসহায়ক গোটৰো সদস্য। কি কৈ আছিলা সংগীতা জী, সংগীতা জী আপুনি কিবা এটা কৈছিল।
সংগীতা – ৬০ বছৰ হ’ল। আমাৰ হাতত কোনো স্থায়ী কাগজ নাছিল ছাৰ, আমি মাত্ৰ মালিকীস্বত্ব আঁচনিৰ জৰিয়তে এয়া পাইছোঁ, আপোনাৰ ওচৰত মই অতিশয় কৃতজ্ঞ ছাৰ।
প্ৰধানমন্ত্ৰী-ঠিক আছে, আপোনালোকৰ আশীৰ্বাদ মোৰ আটাইতকৈ ডাঙৰ শক্তি। চাওক, আপোনালোকেও এটা আত্মসহায়ক গোটত কাম কৰে আৰু আমাৰ চৰকাৰেও মহিলা আত্ম সহায়ক গোটসমূহক ধাৰাবাহিকভাৱে সহায় কৰি আছে। আপুনি দেখিব যে স্বামীত্ব যোজনাই সমগ্ৰ গাঁওখনৰে পৰিৱৰ্তন সাধন কৰিব। আহকচোন, আমাৰ বাবে আন একাংশ লোক ৰৈ আছে, ভাই, আমি কাৰ সৈতে সংযোগ হ’ম?
কাৰ্যসূচী সমন্বয়ক-জম্মু কাশ্মীৰ। এতিয়া অতি সন্মানীয় প্ৰধানমন্ত্ৰীয়ে জম্মু-কাশ্মীৰৰ ছাম্বা জিলাৰ আন এগৰাকী স্বামীত্ব হিতাধিকাৰী তথা সম্পত্তিৰ কাৰ্ডধাৰী শ্ৰী বীৰেন্দ্ৰ কুমাৰৰ সৈতে মত বিনিময় কৰিব।
প্ৰধানমন্ত্ৰী – নমস্তে বীৰেন্দ্ৰ জী।
বীৰেন্দ্ৰ – হয়, নমস্কাৰ।
প্ৰধানমন্ত্ৰী – বীৰেন্দ্ৰ জী, আপোনাৰ বিষয়ে কওকচোন।
বীৰেন্দ্ৰ-প্ৰধানমন্ত্ৰী জী, মই এজন কৃষক আৰু মই আৰু মোৰ পৰিয়ালটো বহুত সুখী যে মই সম্পত্তিৰ কাৰ্ডখন পাইছো। আমি বহু প্ৰজন্মৰ পৰা এই ভূমিত বাস কৰি আহিছো আৰু এতিয়া ইয়াৰ নথি-পত্ৰ পোৱাৰ পিছত আমি গৌৰৱ অনুভৱ কৰিছো। প্ৰধানমন্ত্ৰী জী, সেইবাবেই মই আপোনাৰ ওচৰত অতিশয় কৃতজ্ঞ।
প্ৰধানমন্ত্ৰী – ঠিক আছে, আগতে কাৰ্ডৰ নথি-পত্ৰ নাছিল আৰু আন গাঁৱৰ মানুহৰো নাথাকিব পাৰে।
বীৰেন্দ্ৰ– ছাৰ, আমাৰ গাঁৱৰ কোনো মানুহৰ হাতত কোনো নথি-পত্ৰ নাছিল। ১০০বছৰতকৈও অধিক সময় এই গাঁওখনত কেইবাটাও প্ৰজন্ম বাস কৰিছিল যদিও কাগজ-পত্ৰ বা নথি-পত্ৰ নাছিল। এতিয়া স্বামীত্ব আঁচনিৰ অধীনত নথি-পত্ৰ লাভ কৰি গাঁৱৰ সকলোৱে সুখী অনুভৱ কৰিছে।
প্ৰধানমন্ত্ৰী – সম্পত্তি কাৰ্ড পোৱাটো ভাল কথা।
বীৰেন্দ্ৰ – মই এটা সম্পত্তি কাৰ্ড পাইছো, যাৰ বাবে মোৰ মাটি টুকুৰা সন্দৰ্ভত বিবাদ হৈছিল এই সম্পত্তি কাৰ্ড পোৱাৰ বাবে মোৰ মাটি সম্পৰ্কীয় সেই বিবাদ এতিয়া নিষ্পত্তি হ’ব। এই সম্পত্তি কাৰ্ডখনৰ বাবেই মই মোৰ মাটিৰ বাবে বেংকৰ পৰা ঋণ ল’ম আৰু মোৰ ঘৰটো মেৰামতি কৰি পৰিয়ালৰ আৰ্থিক অৱস্থা শক্তিশালী কৰিম।
প্ৰধানমন্ত্ৰী-ঠিক আছে, আপোনাৰ গাঁৱৰ আন লোকেও স্বামীত্ব আঁচনিৰ দ্বাৰা লাভৱান হৈছেনে? তেওঁলোকৰো কিবা পৰিৱৰ্তন হৈছে নেকি?
বীৰেন্দ্ৰ-হয় ছাৰ, নিশ্চয় পৰিৱৰ্তন হৈছে। স্বামীত্ব আঁচনিৰ অধীনত আমাৰ গাঁৱত যি সম্পত্তিৰ কাৰ্ড আমি লাভ কৰিছো, এতিয়া প্ৰতিখন গাঁৱৰ মানুহৰ স্বামীত্বৰ অধিকাৰৰ বিষয়ে স্পষ্টকৈ সিদ্ধান্ত লোৱা হৈছে। যিহেতু ভূমি আৰু সম্পত্তিৰ লগত জড়িত সকলো বিবাদ বহু পৰিমাণে সমাধান হৈছে, গতিকে গাঁৱৰ মানুহেও নিজৰ মাটি আৰু সম্পত্তি বেংকত বন্ধকী হিচাপে ৰাখি ঋণ ল’ব পাৰে আৰু আন বহু ধৰণৰ আঁচনিৰ সুবিধাও ল’ব পাৰে। সেয়েহে গাঁৱৰ মানুহৰ হৈ মই আপোনালোকক অন্তৰৰ পৰা ধন্যবাদ জনাইছো।
প্ৰধানমন্ত্ৰী – বীৰেন্দ্ৰ জী, আপোনালোকৰ লগত কথা পাতি ভাল লাগিল আৰু মই সুখী অনুভৱ কৰিছো। হয় ছাৰ, আৰু মোৰ বাবে অতি সুখৰ কথা যে আপুনি স্বামীত্ব আঁচনিৰ অধীনত লাভ কৰা কাৰ্ডখনক কেৱল আপোনাৰ ঘৰৰ কাগজ বুলি গণ্য কৰা নাই, আপোনাৰ উন্নতিৰ পথো নিশ্চিত কৰিছে। আপোনাক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। শীতকাল, সকলো জম্মু-কাশ্মীৰবাসীয়ে, আপোনাৰ স্বাস্থ্যৰ যত্ন লওক, আপোনালোকক বহুত বহুত অভিনন্দন।
বীৰেন্দ্ৰ- ধন্যবাদ ছাৰ।
কাৰ্যসূচী সমন্বয়ক – এতিয়া, উপস্থিত ৰাইজক সম্বোধন কৰিবলৈ সন্মানীয় প্ৰধানমন্ত্ৰী জীক বিনম্ৰ অনুৰোধ জনাইছো।
নমস্কাৰ!
আজি দেশৰ গাঁওসমূহৰ বাবে, দেশৰ গ্ৰাম্য অৰ্থনীতিৰ বাবে এক অতি ঐতিহাসিক দিন। বহু ৰাজ্যৰ সন্মানীয় ৰাজ্যপালসকল এই কাৰ্যসূচীৰ সৈতে সংযোগ হৈছে। ওড়িশা, ছত্তীশগড়, মধ্যপ্ৰদেশ, ৰাজস্থান, উত্তৰপ্ৰদেশ, মহাৰাষ্ট্ৰ আৰু গুজৰাটৰ মুখ্যমন্ত্ৰীসকলেও আমাৰ সৈতে সংযোগ হৈছে। জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল, লাডাখৰ উপ-ৰাজ্যপালো আমাৰ লগত আছে। কেন্দ্ৰীয় কেবিনেটৰ মোৰ সতীৰ্থসকল দেশৰ বিভিন্ন কোণত, বিভিন্ন কাৰ্যসূচীত উপস্থিত থাকে। ৰাজ্য চৰকাৰৰ মন্ত্ৰী, সাংসদ আৰু বিধায়কবৰ্গৰ লগতে আন আনি জনপ্ৰতিনিধিসকলো কাৰ্যসূচীত উপস্থিত আছে।
হাজাৰ হাজাৰ গাঁও পঞ্চায়তৰ সৈতে জড়িত সকলো সহকৰ্মী, স্বামীত্ব যোজনাৰ লাখ লাখ হিতাধিকাৰী, এইটো সঁচাকৈয়ে ইমান বহল আৰু বিশাল কাৰ্যসূচী আৰু আপোনালোক সকলোৱে ইয়াত অতি উৎসাহেৰে যোগদান কৰিছে, আপোনালোক সকলোকে অভিনন্দন জনাইছো।
বন্ধুসকল,
গাঁওসমূহত বসবাস কৰা লোকসকলক তেওঁলোকৰ ঘৰৰ আইনী প্ৰমাণ দিবলৈ পাঁচ বছৰ পূৰ্বে স্বামীত্ব আঁচনিখন আৰম্ভ কৰা হৈছিল। ক’ৰবাত ঘৰোনী, ক’ৰবাত ৰাইটছ ৰেকৰ্ড, ক’ৰবাত সম্পত্তি কাৰ্ড, ক’ৰবাত মালমাট্টা পাত্ৰ, ক’ৰবাত ৰেচিডেন্সিয়েল লেণ্ড লীজ নাম বেলেগ বেলেগ, কিন্তু এইবোৰ স্বামীত্বৰ প্ৰমাণ পত্ৰ। যোৱা ৫ বছৰত এই স্বামীত্ব কাৰ্ড প্ৰায় ১.৫ কোটি লোকক দিয়া হৈছে। আজি এই কাৰ্যসূচীত ৬৫ লক্ষাধিক পৰিয়ালে এই স্বামীত্ব কাৰ্ড লাভ কৰিছে। অৰ্থাৎ স্বামীত্ব আঁচনিৰ অধীনত গাঁৱৰ প্ৰায় ২.২৫ কোটি লোকে ঘৰৰ বাবে স্থায়ী আইনী নথি লাভ কৰিছে। সকলোকে অভিনন্দন জনাইছো আৰু শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু আজিৰ কাৰ্যসূচীৰ বাবেই যিসকলে এতিয়া ভূমিৰ লগত জড়িত চৰকাৰী চিঠি পাইছে, ইয়াৰ সুবিধা কেনেকৈ ল’ব, মই এইমাত্ৰ কৰা আলোচনাৰ পৰা নিশ্চয় ধাৰণা পাব।
বন্ধুসকল,
একবিংশ শতিকাৰ পৃথিৱীত জলবায়ু পৰিৱৰ্তন, পানীৰ অভাৱ, স্বাস্থ্য সংকট, মহামাৰী আদি ইমানবোৰ প্ৰত্যাহ্বান আছে। কিন্তু বিশ্বই আন এক ডাঙৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। এইটোৱেই হৈছে সম্পত্তিৰ অধিকাৰৰ প্ৰত্যাহ্বান, সম্পত্তিৰ অনুমোদিত কাগজ-পত্ৰৰ। বহু বছৰৰ আগতে ৰাষ্ট্ৰসংঘই বিশ্বৰ বহু দেশত ভূমি সম্পত্তিৰ ওপৰত এক অধ্যয়ন চলাইছিল। এই অধ্যয়নত প্ৰকাশ পাইছে যে বিশ্বৰ বহু দেশত মানুহৰ হাতত নিজৰ সম্পত্তিৰ বাবে উপযুক্ত আইনী নথি-পত্ৰ নাই। ৰাষ্ট্ৰসংঘই স্পষ্টকৈ কৈছিল যে যদি দৰিদ্ৰতা হ্ৰাস কৰিব লাগে তেন্তে মানুহৰ বাবে সম্পত্তিৰ অধিকাৰ থকাটো অতি প্ৰয়োজনীয়। বিশ্বৰ এগৰাকী আগশাৰীৰ অৰ্থনীতিবিদে সম্পত্তিৰ অধিকাৰৰ প্ৰত্যাহ্বানৰ ওপৰত এখন বিস্তৃত গ্ৰন্থ লিখিছে। আৰু এই গ্ৰন্থখনত তেওঁ কৈছে যে গাঁওবোৰত মানুহৰ যি সামান্য সম্পত্তি আছে সেয়াই মৃত সম্পত্তি। অৰ্থাৎ এই সম্পত্তি এক প্ৰকাৰৰ মৃত সম্পত্তি। কাৰণ সেই সম্পত্তিৰ বিনিময়ত গাঁৱৰ মানুহ, দুখীয়া মানুহে কোনো লেনদেন কৰিব নোৱাৰে। ইয়াৰ দ্বাৰা পৰিয়ালৰ আয় বৃদ্ধিত সহায় হ’ব নোৱাৰে।
বন্ধুসকল,
বিশ্বৰ সন্মুখত থকা এই বৃহৎ প্ৰত্যাহ্বান ভাৰততো নথকা নহয়। আমাৰ অৱস্থাও প্ৰায় একেধৰণৰ আছিল। আপুনি এইটোও জানে যে ভাৰতৰ গাঁৱৰ মানুহৰ লাখ লাখ কোটি টকাৰ সম্পত্তি থকাৰ পিছতো ইমান মূল্য নাছিল। কাৰণ আছিল যে মানুহৰ হাতত প্ৰায়ে ঘৰৰ আইনী নথি-পত্ৰ নাছিল, সেয়েহে ঘৰটোৰ মালিকীস্বত্বক লৈ বিবাদ হৈছিল। বহু ঠাইত ক্ষমতাশালী মানুহে ঘৰবোৰ দখল কৰি ল’ব। আইনী নথি-পত্ৰ অবিহনে বেংকেও এনে সম্পত্তিৰ পৰা আঁতৰি থাকিব। দশক দশক ধৰি এনেকৈয়ে চলি আছিল। পূৰ্বৰ চৰকাৰসমূহে এই দিশত কিছু সুনিৰ্দিষ্ট পদক্ষেপ লোৱা হ’লে ভাল হ’লহেঁতেন, কিন্তু এই দিশত বিশেষ একো নকৰিলে। সেয়েহে ২০১৪ চনত আমাৰ চৰকাৰ গঠন হোৱাৰ সময়ত আমি সম্পত্তিৰ কাগজৰ এই প্ৰত্যাহ্বান মোকাবিলা কৰাৰ সিদ্ধান্ত লৈছিলো কোনো স্পৰ্শকাতৰ চৰকাৰে নিজৰ গাঁৱৰ মানুহক এনে বিপদত পেলাব নোৱাৰিলে। আৰু আমি সকলোৰে বিকাশ বিচাৰো, আমিও সকলোৰে আস্থা বিচাৰো, আমাৰ মন্ত্ৰী ৰাজীৱ ৰঞ্জনে মাত্ৰ বহুত ভালকৈ বুজাই দিলে। সেইবাবেই আমি স্বামীত্ব আঁচনি আৰম্ভ কৰিলোঁ। আমি সিদ্ধান্ত লৈছিলো যে ড্ৰোনৰ সহায়ত দেশৰ প্ৰতিখন গাঁৱতে ঘৰৰ ভূমি মেপিং কৰা হ’ব আৰু গাওঁবাসীক তেওঁলোকৰ আৱাসিক সম্পত্তিৰ কাগজ-পত্ৰ দিয়া হ’ব। আজি আমি এই আঁচনিৰ সুফল দেখিবলৈ পাইছো। গতিকে, মনত এটা সন্তুষ্টি আছে যে অন্ততঃ আমি গাঁৱৰ দুখীয়া মানুহৰ বাবে কাম কৰিবলৈ সক্ষম হৈছিলো। মাথোঁ স্বামীত্ব আঁচনিৰ হিতাধিকাৰীসকলৰ লগত কথা পাতিছিলো। এই আঁচনিখনে কেনেকৈ তেওঁলোকৰ জীৱন সলনি কৰিলে, কেনেকৈ এতিয়া তেওঁ নিজৰ সম্পত্তিৰ ওপৰত বেংকৰ পৰা সহায় লাভ কৰিবলৈ আৰম্ভ কৰিছে। আপোনালোকৰ সম্পত্তি আছিল আৰু আপুনি তাত থাকিছিল কিন্তু কাগজ-পত্ৰ নাছিল। চৰকাৰে সেই সমস্যাটো সমাধান কৰিব লাগিছিল আৰু সেয়েহে আমি কামটো হাতত লৈছিলো আৰু কৰি আছো তেওঁলোকৰ আলোচনাত মই দেখিবলৈ পাইছিলো যে তাত থকা সন্তুষ্টি, সুখ, আত্মবিশ্বাস আছে। তেওঁলোকৰ মুখবোৰত মই ইমানেই আনন্দ দেখা পাইছিলোঁ যে মই নতুন কিবা এটা কৰাৰ সপোন দেখিছিলোঁ, মই এইটোক এক বৃহৎ আশীৰ্বাদ বুলি গণ্য কৰোঁ।
ভাই-ভনীসকল,
আমাৰ দেশৰ ৬লক্ষাধিক গাঁও আছে। এই গাঁওসমূহৰ প্ৰায় আধা সংখ্যকক ড্ৰোন ব্যৱহাৰ কৰি জৰীপ কৰা হৈছে। আইনী নথি-পত্ৰ পোৱাৰ পিছত লাখ লাখ লোকে ঘৰ-দুৱাৰ আৰু সম্পত্তিৰ ভিত্তিত বেংকৰ পৰা ঋণ লৈছে। এই টকাৰে তেওঁলোকে গাঁৱত নিজাকৈ এটা সৰু ব্যৱসায় আৰম্ভ কৰিছে। ইয়াৰে বহুতো ক্ষুদ্ৰ আৰু মজলীয়া কৃষক পৰিয়াল। তেওঁলোকৰ বাবে এই সম্পত্তি কাৰ্ডবোৰ আৰ্থিক সুৰক্ষাৰ এক ডাঙৰ নিশ্চয়তা হৈ পৰিছে। অবৈধ বেদখল আৰু দীৰ্ঘদিনীয়া আদালতৰ বিবাদৰ ফলত আমাৰ দলিত, পিছপৰা আৰু জনজাতীয় পৰিয়ালবোৰেই আটাইতকৈ বেছি অশান্ত আৰু প্ৰভাৱিত হৈছিল। এতিয়া আইনী প্ৰমাণ পোৱাৰ পিছত তেওঁলোকে এই সংকটৰ পৰা সকাহ পাইছে। আটাইকেইখন গাঁৱতে সম্পত্তি কাৰ্ড বনোৱাৰ পাছত এক লাখ কোটিতকৈও অধিক মূল্যৰ অৰ্থনৈতিক কাৰ্যকলাপৰ বাট মুকলি হ’ব বুলি অনুমান কৰা হৈছে। দেশৰ অৰ্থনীতিত কিমান মূলধন সংযোজন হ’বলৈ গৈ আছে আপুনি কল্পনা কৰকচোন।
বন্ধুসকল,
আজি আমাৰ চৰকাৰে সম্পূৰ্ণ আন্তৰিকতাৰে গ্ৰাম স্বৰাজ ভূমিত কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰিছে। স্বামীত্ব আঁচনিৰ লগে লগে গাঁও উন্নয়নৰ পৰিকল্পনা আৰু ৰূপায়ণৰ ক্ষেত্ৰত এতিয়া যথেষ্ট উন্নতি হৈছে। আজি আমাৰ হাতত স্পষ্ট মানচিত্ৰ থাকিব, জনবসতিপূৰ্ণ অঞ্চলবোৰ আমি চিনি পাম, গতিকে উন্নয়নমূলক কামৰ পৰিকল্পনাও নিখুঁত হ’ব আৰু ভুল পৰিকল্পনাৰ বাবে যি অপচয় আৰু বাধাৰ সৃষ্টি হৈছিল তাৰ পৰা আমি মুক্ত হ’ম। কোনখিনি মাটি কোন পঞ্চায়তৰ, কোনখিনি মাটি চৰণীয়া পথাৰ ইত্যাদিক লৈ প্ৰায়ে বিবাদৰ সৃষ্টি হয়। এতিয়া সম্পত্তিৰ অধিকাৰ উপলব্ধ হোৱাৰ লগে লগে গাঁও পঞ্চায়তসমূহৰ সমস্যা সমাধান হ’ব আৰু তেওঁলোকো আৰ্থিকভাৱে সৱল হ’ব। গাঁওখনত অগ্নিকাণ্ডৰ ঘটনা, বানপানী, ভূমিস্খলন, এনে বহু দুৰ্যোগৰ ঘটনা সংঘটিত হয়। সম্পত্তি কাৰ্ড উপলব্ধ হোৱাৰ লগে লগে দুৰ্যোগ ব্যৱস্থাপনা উন্নত হ’ব, দুৰ্যোগৰ ক্ষেত্ৰত সঠিক দাবী লাভ কৰাটো সহজ হ’ব।
বন্ধুসকল,
কৃষকৰ ভূমিক লৈ কিমান বিবাদ হৈছে আমিও জানিব পাৰিম। ভূমিৰ নথি-পত্ৰ লাভত অসুবিধা হয়। এজনে বাৰে বাৰে পাটোৱাৰীলৈ গৈ তহচিলৰ বাবে তাঁতবাতি কৰিব লাগে। ইয়াৰ ফলত দুৰ্নীতিৰ পথো মুকলি হয়। এই সমস্যাসমূহ হ্ৰাস কৰিবলৈ ভূমিৰ অভিলেখাগাৰ ডিজিটেলাইজ কৰা হৈছে। স্বামীত্ব আৰু ভূমিৰ ভিত্তি–এই দুটা ব্যৱস্থাই গাঁৱৰ উন্নয়নৰ ভিত্তি হ’বলৈ গৈ আছে। ভূ-আধাৰৰ জৰিয়তেও ভূমিক এক অনন্য পৰিচয় দিয়া হৈছে। প্ৰায় ২৩ কোটি ভূমি আধাৰ নম্বৰ জাৰি কৰা হৈছে। আজি কোনটো প্লট কাৰ সেইটো সহজেই গম পোৱা যায়। যোৱা ৭-৮ বছৰত প্ৰায় ৯৮ শতাংশ ভূমি ৰেকৰ্ড ডিজিটেলাইজ কৰা হৈছে। বেছিভাগ ভূমিৰ মানচিত্ৰ এতিয়া ডিজিটেলী উপলব্ধ।
বন্ধুসকল,
মহাত্মা গান্ধীয়ে কৈছিল – ভাৰত গাঁৱত বাস কৰে, ভাৰতৰ আত্মা গাঁৱত আছে। শ্ৰদ্ধাৰ বাপুৰ এই আৱেগক সঁচা অৰ্থত কাৰ্যকৰী কৰাৰ কাম যোৱা দশকত সম্পন্ন হৈছে। যোৱা ১০ বছৰত ২.৫ কোটিৰো অধিক পৰিয়ালক বিদ্যুৎ যোগান ধৰাৰ অধিকাংশই গাঁৱৰ৷ বিগত ১০ বছৰত শৌচাগাৰৰ ব্যৱস্থা কৰা ১০ কোটিৰো অধিক পৰিয়ালৰ ভিতৰত অধিকাংশই গাঁৱৰ৷ উজ্জ্বলা গেছ সংযোগ লাভ কৰা ১০ কোটি ভগ্নীৰ ভিতৰত অধিকাংশ ভগ্নীয়ে গাঁৱত থাকে। যোৱা পাঁচ বছৰত নলৰ পানী যোগান ধৰা ১২ কোটিৰো অধিক পৰিয়ালো গাঁৱৰ। বেংক একাউণ্ট খোলা ৫০ কোটিৰো অধিক লোক গাঁৱৰ৷ যোৱা দশকত গাঁৱৰ মানুহৰ স্বাস্থ্যৰ সেৱা কৰি ১.৫ লাখৰো অধিক আয়ুষ্মান আৰোগ্য মন্দিৰ নিৰ্মাণ কৰা হৈছিল। ইয়াৰে বেছিভাগেই গাঁৱে-ভূঞে স্থাপন কৰা হৈছে। স্বাধীনতাৰ পিছৰ ইমান দশকলৈকে আমাৰ গাঁও আৰু গাঁৱৰ কোটি কোটি মানুহ এনে মৌলিক সা-সুবিধাৰ পৰা বঞ্চিত হৈ আছিল। আমাৰ দলিত, পিছপৰা আৰু জনজাতীয় সম্প্ৰদায়ৰ পৰিয়ালে আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছিল। এতিয়া এই সকলোবোৰ সা-সুবিধাৰ পৰা এই পৰিয়ালসমূহে সৰ্বাধিক উপকৃত হৈছে।
বন্ধুসকল,
গাঁৱে-ভূঞে ভাল পথ সুনিশ্চিত কৰাৰ বাবে বিগত দশকত অভূতপূৰ্ব প্ৰচেষ্টা চলোৱা হৈছে। ২০০০ চনত অটল বিহাৰী বাজপেয়ী জী প্ৰধানমন্ত্ৰী হৈ থকাৰ সময়তে প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা আৰম্ভ কৰা হয়। তেতিয়াৰ পৰা আজিলৈকে প্ৰায় ৮.২৫ লাখ কিলোমিটাৰ পথ গাঁওসমূহত নিৰ্মাণ কৰা হৈছে আৰু আপোনালোকে দেখিছে ১০ বছৰত আমি প্ৰায় ৪ লাখ কিলোমিটাৰ পথ নিৰ্মাণ কৰিছো, অৰ্থাৎ যোৱা ১০ বছৰতহে প্ৰায় আধা পথ নিৰ্মাণ হৈছে। এতিয়া আমি সীমান্তত অৱস্থিত দূৰৱৰ্তী গাঁওসমূহৰ সৈতে সংযোগ বৃদ্ধিৰ বাবে ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচীও ৰূপায়ণ কৰিছো।
আৰু সতীৰ্থসকল,
কেৱল পথেই নহয়, গাঁৱলৈ ইণ্টাৰনেটৰ ব্যৱস্থা কৰাটো আমি অগ্ৰাধিকাৰ দিছো। ২০১৪ চনৰ পূৰ্বে দেশৰ ১০০তকৈও কম পঞ্চায়ত ব্ৰডবেণ্ড ফাইবাৰ সংযোগেৰে সংযুক্ত হৈ আছিল। যোৱা ১০ বছৰত আমি ২ লাখৰো অধিক পঞ্চায়তক ব্ৰডবেণ্ড ফাইবাৰ সংযোগেৰে সংযোগ কৰিছো। ২০১৪ চনৰ আগতে দেশৰ গাঁওসমূহত এক লাখতকৈও কম কমন ছাৰ্ভিচ চেণ্টাৰ আছিল। যোৱা ১০ বছৰত আমাৰ চৰকাৰে ৫ লাখৰো অধিক নতুন কমন ছাৰ্ভিচ চেণ্টাৰ সৃষ্টি কৰিছে। আৰু এইবোৰ কেৱল পৰিসংখ্যা নহয়, এই পৰিসংখ্যাৰ সৈতে সুবিধা গাঁৱলৈ গৈছে, আধুনিকতা তাত উপনীত হৈছে। আগতে মানুহে চহৰত যিবোৰ সুবিধা দেখিছিল, সেইবোৰ এতিয়া গাঁৱে-ভূঞে উপলব্ধ। ইয়াৰ ফলত গাঁওখনৰ সা-সুবিধা বৃদ্ধি হোৱাই নহয় ইয়াৰ অৰ্থনৈতিক শক্তিও বৃদ্ধি পাইছে।
বন্ধুসকল,
২০২৫ বৰ্ষটোও গাঁও আৰু কৃষকৰ বাবে ডাঙৰ ডাঙৰ সিদ্ধান্তৰে আৰম্ভ হৈছে। প্ৰধানমন্ত্ৰী ফছল বীমা যোজনা অব্যাহত ৰখাৰ সিদ্ধান্ত লৈছে চৰকাৰে। ইয়াৰ অধীনত এতিয়ালৈকে কৃষকসকলে প্ৰায় ১.৭৫ লাখ কোটি টকাৰ দাবীৰ ধন লাভ কৰিছে; ডিএপি সাৰ সন্দৰ্ভতো আন এক সিদ্ধান্ত লোৱা হৈছে, যাৰ মূল্য বিশ্বত যথেষ্ট বৃদ্ধি পাইছে। চৰকাৰে পুনৰ হাজাৰ হাজাৰ কোটি টকাৰ ব্যৱস্থা কৰিছে যাতে কৃষকে সস্তীয়া সাৰ লাভ কৰি থাকিব। বিগত দশকত কৃষকক সস্তীয়া সাৰ যোগান ধৰাৰ বাবে প্ৰায় ১২ লাখ কোটি টকা ব্যয় কৰা হৈছে। ২০১৪ চনৰ আগৰ দশকৰ তুলনাত এই পৰিমাণ প্ৰায় দুগুণ। প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধিৰ অধীনত এতিয়ালৈকে প্ৰায় ৩.৫ লাখ কোটি টকা কৃষকৰ একাউণ্টত উপনীত হৈছে। ইয়াৰ দ্বাৰা কৃষক কল্যাণৰ প্ৰতি কেন্দ্ৰীয় চৰকাৰৰ দায়বদ্ধতা স্পষ্ট হৈ পৰে।
বন্ধুসকল,
এখন উন্নত ভাৰত গঢ়াত নাৰী শক্তিৰ বৃহৎ ভূমিকা আছে। সেইবাবেই যোৱা দশকত আমি প্ৰতিখন ডাঙৰ আঁচনিৰ কেন্দ্ৰবিন্দুত মাতৃ-কন্যাৰ সবলীকৰণক স্থান দিছো। বেংক সখী আৰু বীমা সাখীৰ দৰে আঁচনিয়ে গাঁৱে-ভূঞে মহিলাসকলক নতুন সুযোগ প্ৰদান কৰিছে। লাখপতি দিদী যোজনাই দেশৰ ১.২৫ কোটিৰো অধিক মহিলাক লাখপতি দিদি কৰি তুলিছে। স্বামীত্ব আঁচনিখনে মহিলাসকলৰ সম্পত্তিৰ অধিকাৰো আৰু অধিক শক্তিশালী কৰি তুলিছে। বহু ৰাজ্যত সম্পত্তিৰ কাৰ্ডত স্বামীৰ লগতে পত্নীৰ নামো সন্নিবিষ্ট কৰা হয়। কোনো কোনো ঠাইত প্ৰথম নাম পত্নীৰ, কোনো ঠাইত দ্বিতীয় নাম, কিন্তু দুয়োৰে অংশগ্ৰহণেৰে কৰা হৈছে। আনকি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত দুখীয়াক দিয়া ঘৰৰ ভিতৰত অধিকাংশই মহিলাৰ নামত পঞ্জীয়নভুক্ত। আৰু কি যে সুখকৰ কথা যে স্বামীত্ব যোজনাৰ ড্ৰোনেও আজি নাৰীক সম্পত্তিৰ অধিকাৰ প্ৰদান কৰাত সহায় কৰিছে। স্বামীত্ব আঁচনিখনত মেপিং কাম কৰি আছে ড্ৰোনে। নমো ড্ৰোন দিদি আঁচনিৰ অধীনত গাঁৱৰ ভগ্নীসকল ড্ৰোন পাইলট হৈ পৰিছে। ড্ৰোনেৰে খেতি কৰাত সহায় কৰি আছে আৰু ইয়াৰ ফলত তাই অতিৰিক্ত উপাৰ্জন হৈছে।
বন্ধুসকল,
স্বামীত্ব যোজনাৰ জৰিয়তে আমাৰ চৰকাৰে গাঁওবাসীক এনে এক ক্ষমতা প্ৰদান কৰিছে, যিয়ে ভাৰতৰ গ্ৰাম্য জীৱনক সম্পূৰ্ণৰূপে ৰূপান্তৰিত কৰিব পাৰে। যদি আমাৰ গাঁও আৰু আমাৰ দুখীয়া সবলীকৰণ হয়, তেন্তে উন্নত ভাৰতৰ দিশত আমাৰ যাত্ৰাও সুখদায়ক হ’ব। যোৱা দশকত গাঁও আৰু দুখীয়াৰ স্বাৰ্থত লোৱা পদক্ষেপৰ বাবে ২৫ কোটি লোকে দৰিদ্ৰতাক পৰাস্ত কৰিছে। স্বামীত্বৰ দৰে আঁচনিৰ দ্বাৰা আমি গাঁওসমূহক উন্নয়নৰ শক্তিশালী কেন্দ্ৰ হিচাপে গঢ়ি তুলিব পাৰিম বুলি মোৰ বিশ্বাস। আকৌ এবাৰ আপোনালোক সকলোকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। ধন্যবাদ!
****
MJPS/ST/DK/SB/DB
Speaking at the distribution of property cards under SVAMITVA scheme. https://t.co/9J04CE9iiA
— Narendra Modi (@narendramodi) January 18, 2025
हमने स्वामित्व योजना शुरू की।
— PMO India (@PMOIndia) January 18, 2025
हमने तय किया कि ड्रोन की मदद से देश के गांव-गांव में घरों की... जमीनों की मैपिंग कराई जाएगी... गांव के लोगों को उनकी आवासीय संपत्ति के कागज दिए जाएंगे: PM @narendramodi
आज हमारी सरकार पूरी ईमानदारी से ग्राम स्वराज को जमीन पर उतारने का प्रयास कर रही है।
— PMO India (@PMOIndia) January 18, 2025
स्वामित्व योजना से गांव के विकास की प्लानिंग और उस पर अमल अब काफी बेहतर हो रहा है: PM @narendramodi
विकसित भारत के निर्माण में नारीशक्ति की बहुत बड़ी भूमिका है।
— PMO India (@PMOIndia) January 18, 2025
इसलिए बीते दशक में हमने माताओं-बेटियों के सशक्तिकरण को, हर बड़ी योजना के केंद्र में रखा है: PM @narendramodi