পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেবনেটৰ সভাই ‘জৈৱ-ইন্ধন সম্পৰ্কীয় ৰাষ্ট্ৰীয় নীতি-২০১৮’ৰ সংশোধনীলৈ অনুমোদন জনাইছে।
২০০৯ চনত ‘নতুন আৰু নৱীকৰণযোগ্য শক্তি মন্ত্ৰালয়ে’ ঘোষণা কৰা ‘জৈৱ-ইন্ধন সম্পৰ্কীয় ৰাষ্ট্ৰীয় নীতিখন’ক প্ৰতিস্থাপিত কৰি কেন্দ্ৰীয় পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ে ২০১৮ চনৰ ৪ জুনত ‘জৈৱ-ইন্ধন সম্পৰ্কীয় ৰাষ্ট্ৰীয় নীতি-২০১৮’ খন অধিসূচিত কৰিছিল।
জৈৱ-ইন্ধনৰ ক্ষেত্ৰত হোৱা শেহতীয়া অগ্ৰগতি, ‘ৰাষ্ট্ৰীয় জৈৱ-ইন্ধন সমন্বয়ৰক্ষী সমিতি’(এনবিচিচি)ৰ সভাত জৈৱ-ইন্ধনৰ উত্পাদন বৃদ্ধি সন্দৰ্ভত হোৱা সিদ্ধান্ত, সংসদৰ স্থায়ী সমিতিৰ পৰামৰ্শাৱলী আৰু ১-০৪-২০২৩ তাৰিখৰ পৰা সমগ্ৰ দেশতে বলবত্ হোৱাকৈ ২০শতাংশ পৰ্যন্ত ইথানলৰ সংমিশ্ৰণৰে পেট্ৰ’লৰ প্ৰচলন আৰম্ভ কৰাৰ উদ্দেশ্যৰেই ‘জৈৱ-ইন্ধন সম্পৰ্কীয় ৰাষ্ট্ৰীয় নীতি’ৰ এই সংশোধন সম্পাদিত কৰা হৈছে।
জৈৱ-ইন্ধন সম্পৰ্কীয় ৰাষ্ট্ৰীয় নীতিত সম্পাদিত সংশোধনসমূহ তলত উল্লেখ কৰা হল:
এই সংশোধনীয়ে থলুৱা প্ৰযুক্তিক আকৰ্ষিত কৰাৰ লগতে এনে প্ৰযুক্তিৰ উদ্ভাৱনৰ জৰিয়তে ‘মেক ইন ইণ্ডিয়া’ কাৰ্যক্ৰমৰ গতি ত্বৰান্বিত কৰি অধিক পৰিমাণৰ কৰ্মসংস্থাপনৰ সম্ভাৱনা সৃষ্টি কৰিব।
এই পদক্ষেপে ‘আত্মনিৰ্ভৰ ভাৰত’ৰ অভিযানক শক্তি প্ৰদান কৰাৰ লগতে ২০৪৭ত ভাৰতক ‘শক্তি-আত্মনিৰ্ভৰ’ দেশ হিচাপে গঢ়ি তোলাৰ বাবে প্ৰধানমন্ত্ৰীয়ে দেখা সপোনটো বাস্তৱায়িত কৰাৰ ক্ষেত্ৰতো অৰিহণা যোগাব।
***
DS/KB
Amendments to the National Policy on Biofuels, which have been approved by the Cabinet will encourage research in developing indigenous technologies, boost ‘Make in India’ and create employment opportunities. https://t.co/N9aRqrVRNn
— Narendra Modi (@narendramodi) May 18, 2022