Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধাৰী চৰণ সিঙক প্ৰদান কৰা হ’ব ভাৰত ৰত্নঃ প্ৰধানমন্ত্ৰী


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী চৌধাৰী চৰণ সিঙক দেশৰ সৰ্বোচ্চ অসামৰিক সন্মান ভাৰত ৰত্ন প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে৷

প্ৰয়াত নেতাগৰাকীয়ে সমগ্ৰ জীৱন কৃষকসকলৰ অধিকাৰ আৰু তেওঁলোকৰ কল্যানৰ নামত উৎসৰ্গা কৰা বুলি প্ৰশংসা কৰে৷

টুইটাৰত এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“আমাৰ চৰকাৰৰ সৌভাগ্য যে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী চৌধাৰী চৰণ সিঙক ভাৰতৰত্নৰে সন্মানিত কৰা হৈছে। এই সন্মান দেশলৈ তেওঁ আগবঢ়োৱা অতুলনীয় অৱদানৰ নামত উৎসৰ্গিত। তেওঁ গোটেই জীৱন কৃষকৰ অধিকাৰ আৰু তেওঁলোকৰ কল্যাণৰ বাবে উৎসৰ্গা কৰিছিল। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপেই হওক বা দেশৰ গৃহমন্ত্ৰী হিচাপেই হওক আৰু আনকি এগৰাকী বিধায়ক হিচাপেও তেওঁ সদায় ৰাষ্ট্ৰ নিৰ্মাণক গতি প্ৰদান কৰিছিল। তেওঁ জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধেও দৃঢ়তাৰে থিয় দিছিল। আমাৰ কৃষক ভাই-ভনীসকলৰ প্ৰতি তেওঁৰ সমৰ্পণ আৰু জৰুৰীকালীন সময়ত গণতন্ত্ৰৰ প্ৰতি তেওঁৰ দায়বদ্ধতা সমগ্ৰ দেশৰ বাবে প্ৰেৰণাদায়ক।”

***

DS/RT/DB