পি এম ইণ্ডিয়া
মাছাচুচেটছ ইনষ্টিটিউট অৱ টেকন’লজি (এম আই টি), স্কুল অৱ ইঞ্জিনিয়াৰিঙৰ উদ্যোগত আয়োজিত এখন গোলটেবুলৰ সময়ত নিউয়ৰ্কত প্ৰযুক্তি উদ্যোগৰ নেতাসকলৰ সৈতে মত বিনিময় কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। আলোচনাত কৃত্ৰিম বুদ্ধিমত্তা আৰু কোৱাণ্টাম প্ৰযুক্তি, জৈৱ প্ৰযুক্তি আৰু জীৱন বিজ্ঞান, কম্পিউটিং আৰু আই টিৰ লগতে অৰ্ধপৰিবাহী উন্নতিৰ দৰে মূল ক্ষেত্ৰসমূহ কেন্দ্ৰ কৰি আলোচনা কৰা হয়।
মুখ্য কাৰ্যবাহী বিষয়াসকলে প্ৰধানমন্ত্ৰীৰ সৈতে বিকশিত বিশ্ব প্ৰযুক্তিৰ পৰিৱেশ আৰু ভাৰতকে ধৰি বিশ্বজুৰি মানুহৰ মংগলৰ ওপৰত ইয়াৰ প্ৰভাৱৰ বিষয়ে গুৰুত্বপূৰ্ণ আলোচনাত মিলিত হয়। তেওঁলোকে এই অত্যাধুনিক প্ৰযুক্তিসমূহক কেনেকৈ উদ্ভাৱনীমূলক সমাধানৰ বাবে ব্যৱহাৰ কৰা হৈছে সেই বিষয়ে অন্বেষণ কৰে, যিয়ে বিশ্ব অৰ্থনীতিক ৰূপান্তৰিত কৰিব পাৰে আৰু মানৱ উন্নয়নক বিকশিত কৰিব পাৰে।
প্ৰধানমন্ত্ৰীয়ে প্ৰযুক্তিবিদ্যাৰ নেতাসকলক একত্ৰিত কৰাৰ বাবে এম আই টি স্কুল অৱ ইঞ্জিনিয়াৰিং আৰু ইয়াৰ ডীনক কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ এই কথাত গুৰুত্ব আৰোপ কৰে যে ইনিচিয়েটিভ অন ক্ৰিটিকেল এণ্ড ইমাৰ্জিং টেকন’লজিছ (আইচিইটি)ৰ দৰে সহযোগিতামূলক পদক্ষেপসমূহ ভাৰত-আমেৰিকাৰ সৰ্বাংগীন গ্ল’বেল ষ্ট্ৰেটেজিক পাৰ্টনাৰশ্বিপৰ বাবে মৌলিক। ভাৰতৰ তৃতীয় কাৰ্যকালৰ বাবে তেওঁৰ দৃষ্টিভংগীৰ ওপৰত আলোকপাত কৰি তেওঁ ভাৰতক বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতি হিচাপে গঢ়ি তোলাৰ লক্ষ্য পুনৰ উল্লেখ কৰে। তেওঁ কোম্পানীসমূহক ভাৰতৰ বৃদ্ধিৰ কাহিনীত থকা সুযোগসমূহ সহযোগিতা আৰু উদ্ভাৱনৰ বাবে গ্ৰহণ কৰিবলৈ আহ্বান জনায়, বিশ্ব বজাৰৰ বাবে ভাৰতত সহ-বিকাশ, সহ-ডিজাইন, আৰু সহ-উৎপাদনৰ সম্ভাৱনাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ ব্যৱসায়িক নেতাসকলক বৌদ্ধিক সম্পত্তি সুৰক্ষা আৰু প্ৰযুক্তিগত উদ্ভাৱনক প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত ভাৰতৰ দৃঢ় প্ৰতিশ্ৰুতিৰ বিষয়ে আশ্বস্ত কৰে।
প্ৰধানমন্ত্ৰীয়ে ভাৰতত ঘটি থকা উল্লেখযোগ্য অৰ্থনৈতিক পৰিৱৰ্তনৰ ওপৰত গুৰুত্ব আৰোপ কৰে, বিশেষকৈ ইলেক্ট্ৰনিকছ, তথ্য প্ৰযুক্তি উৎপাদন, অৰ্ধপৰিবাহী, জৈৱ প্ৰযুক্তি, আৰু সেউজ উন্নয়নৰ দৰে খণ্ডত। তেওঁ ভাৰতক অৰ্ধপৰিবাহী উৎপাদনৰ বিশ্বব্যাপী কেন্দ্ৰ হিচাপে প্ৰতিষ্ঠা কৰাৰ বাবে তেওঁৰ চৰকাৰৰ প্ৰতিশ্ৰুতি পুনৰ দৃঢ় কৰে। তেওঁ জাতিটোক জৈৱ প্ৰযুক্তিৰ শক্তি কেন্দ্ৰলৈ ৰূপান্তৰিত কৰাৰ লক্ষ্যৰে ভাৰতৰ বিআইঅ’ ই৩ নীতিৰ বিষয়েও আলোচনা কৰে। কৃত্ৰিম বুদ্ধিমত্তাৰ সন্দৰ্ভত তেওঁ ভাৰতৰ “সকলোৰে বাবে এআই” প্ৰচাৰৰ নীতিৰ ওপৰত আলোকপাত কৰে, ইয়াৰ নৈতিক আৰু দায়িত্বশীল ব্যৱহাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
মুখ্য কাৰ্যবাহী বিষয়াসকলে ভাৰতৰ সৈতে বিনিয়োগ আৰু সহযোগিতাৰ প্ৰতি তীব্ৰ আগ্ৰহ প্ৰকাশ কৰি দেশখনৰ বিশ্ব প্ৰযুক্তিৰ কেন্দ্ৰ হিচাপে বৃদ্ধি পোৱা মৰ্যাদাক প্ৰশংসা কৰে। তেওঁলোকে ভাৰতৰ উদ্ভাৱন-বন্ধুত্বপূৰ্ণ নীতি আৰু সমৃদ্ধিশালী বজাৰৰ সুযোগসমূহক এই আগ্ৰহৰ মূল কাৰক হিচাপে আলোকপাত কৰে। ইয়াৰ উপৰিও তেওঁলোকে স্বীকাৰ কৰে যে ষ্টাৰ্টআপত বিনিয়োগে ভাৰতত উদ্ভাৱনক লালন-পালন আৰু নতুন প্ৰযুক্তি বিকাশৰ এক সহযোগী সুযোগ উপস্থাপন কৰে।
এই গোলটেবুলৰ অধ্যক্ষতা কৰা এম আই টিৰ মুখ্য উদ্ভাৱন আৰু কৌশল বিষয়া তথা এম আই টি স্কুল অৱ ইঞ্জিনিয়াৰিঙৰ ডীন এম আই টিৰ অধ্যাপক অনন্ত চন্দ্ৰকাশনে অংশগ্ৰহণৰ বাবে প্ৰধানমন্ত্ৰী আৰু মুখ্য কাৰ্যবাহী বিষয়াসকলৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। তেওঁ প্ৰযুক্তিৰ উন্নতি আৰু বৃহত্তৰ বিশ্ব ভালৰ বাবে ইয়াৰ সুলভতা নিশ্চিত কৰাৰ বাবে এম আই টিৰ প্ৰতিশ্ৰুতি পুনৰ উত্থাপন কৰে।
মেজমেলত অংশগ্ৰহণ কৰা মুখ্য কাৰ্যবাহী বিষয়াসকলৰ তালিকা:
|
১ |
এচেন্সিউৰ |
শ্ৰীযুতা জুলি ছুইট, মুখ্য কাৰ্যবাহী বিষয়া |
|
২ |
এডোবি |
শান্তনু নাৰায়ণ, অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া |
|
৩ |
এএমডি |
লিজা ছ্যু, মুখ্য কাৰ্যবাহী বিষয়া |
|
৪ |
বায়োজেন কৰ্পোৰেশ্যন |
ক্ৰীছ ভিয়েহবাচাৰ, মুখ্য কাৰ্যবাহী বিষয়া |
|
৫ |
ব্ৰেষ্টোল মায়াৰ্ছ স্কুইব |
ক্ৰীছ ব’ৰ্নাৰ, মুখ্য কাৰ্যবাহী বিষয়া |
|
৬ |
এলি লিলি এণ্ড কোম্পানী |
ডেভিড এ ৰিকছ, মুখ্য কাৰ্যবাহী বিষয়া |
|
৭ |
গুগল |
সুন্দৰ পিছাই , মুখ্য কাৰ্যবাহী বিষয়া |
|
৮ |
এইচ পি কৰ্প’ৰেশ্যন |
এনৰিক লোৰেছ, মুখ্য কাৰ্যবাহী বিষয়া আৰু অধ্যক্ষ |
|
৯ |
আই বি এম |
অৰবিন্দ কৃষ্ণ, মুখ্য কাৰ্যবাহী বিষয়া |
|
১০ |
এল এ এম ৰিচাৰ্ছ |
টিম আৰ্চাৰ, মুখ্য কাৰ্যবাহী বিষয়া |
|
১১ |
মোডেৰ্ণা |
ড° নৌবৰ আফেয়ান, অধ্যক্ষ |
|
১২ |
ভেৰিজ’ন |
হান্স ভেষ্টবাৰ্গ, অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া |
|
১৩ |
গ্লোবেল ফাউণ্ডেৰিজ |
থমাছ কলফিল্ড, মুখ্য কাৰ্যবাহী বিষয়া |
|
১৪ |
NVIDIA (এনভিডিয়া) |
মিষ্টাৰ জেনচেন হুয়াং, প্ৰতিষ্ঠাপক অধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী বিষয়া |
|
১৫ |
কিনড্ৰিল |
মাৰ্টিন শ্ৰ’টাৰ, মুখ্য কাৰ্যবাহী বিষয়া |
ক্ৰমিক নং | কোম্পানীৰ নাম | মুখ্য কাৰ্যবাহী বিষয়াৰ নাম |
|---|
*****
MJPS/BM
PM @narendramodi held a roundtable with tech leaders and CEOs from the USA, where he highlighted India's strong growth prospects and outlined key initiatives to accelerate innovation and collaboration. pic.twitter.com/F2v35811xL
— PMO India (@PMOIndia) September 23, 2024
Had a fruitful roundtable with tech CEOs in New York, discussing aspects relating to technology, innovation and more. Also highlighted the strides made by India in this field. I am glad to see immense optimism towards India. pic.twitter.com/qW3sZ4fv3t
— Narendra Modi (@narendramodi) September 23, 2024