Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

তেলেংগানাৰ সংগাৰেড্ডীৰ এটা কাৰখানাত সংঘটিত অগ্নিকাণ্ডত প্ৰাণহানিৰ ঘটনাত প্ৰধানমন্ত্ৰীৰ শোক


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি তেলেংগানাৰ সংগাৰেড্ডীৰ এটা কাৰখানাত সংঘটিত অগ্নিকাণ্ডত প্ৰাণহানিৰ ঘটনাত শোক প্ৰকাশ কৰে। তেখেতে পিএমএনআৰএফ-ৰ পৰা প্ৰতিগৰাকী মৃতকৰ নিকট আত্মীয়লৈ ২ লাখ টকাকৈ আৰু আহতসকললৈ ৫০,০০০ টকাকৈ সাহায্য ঘোষণা কৰিছে।

এক্স-ৰ এটা প’ষ্টত প্ৰধানমন্ত্ৰীৰ কাৰ্য্যালয়ে কয়ঃ

“তেলেংগানাৰ সংগাৰেড্ডীৰ এটা কাৰখানাত সংঘটিত অগ্নিকাণ্ডত প্ৰাণহানিৰ ঘটনাত শোকাহত হৈছোঁ। ইয়াত আপোনজনক হেৰুৱাবলগীয়া হোৱা সকলৰ প্ৰতি সমবেদনা জনালোঁ। আহতসকলে যেন সোনকালেই আৰোগ্য লাভ কৰে।

পিএমএনআৰএফ-ৰ পৰা প্ৰতিগৰাকী মৃতকৰ নিকট আত্মীয়ক ২ লাখ টকাকৈ আগবঢ়োৱা হ’ব। আহতসকলক ৫০,০০০ টকাকৈ প্ৰদানৰ ব্যৱস্থা কৰা হৈছেঃ প্ৰধানমন্ত্ৰী @narendramodi”

***

MJPS/SR/SB