Search

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ট্ৰিনিদাদ আৰু ট’বাগোৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা ‘অৰ্ডাৰ অৱ দ্য ৰিপাব্লিক অৱ ট্ৰিনিদাদ এণ্ড ট’বাগো’ প্ৰদান

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক  ট্ৰিনিদাদ আৰু  ট’বাগোৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা  ‘অৰ্ডাৰ অৱ দ্য ৰিপাব্লিক অৱ ট্ৰিনিদাদ এণ্ড ট’বাগো’ প্ৰদান


প’ৰ্ট অৱ স্পেইনস্থিত ৰাষ্ট্ৰপতিৰ বাসভৱনত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত  ট্ৰিনিদাদ আৰু ট’বাগো গণৰাজ্যৰ ৰাষ্ট্ৰপতি  মহামহিম ক্ৰীষ্টিন কাৰ্লা কেংগালু অ’আৰটিটিয়ে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক ট্ৰিনিদাদ আৰু ট’বাগোৰ সৰ্বোচ্চ ৰাষ্ট্ৰীয় বঁটা – “দ্য অৰ্ডাৰ অৱ দ্য ৰিপাব্লিক অৱ ট্ৰিনিদাদ এণ্ড ট’বাগো” প্ৰদান কৰে । মোদীক তেওঁৰ সফল নেতৃত্ব,  গ্ল’বেল চাউথৰ অগ্ৰাধিকাৰসমূহৰ বিষয়ত  বিশেষভাবে আলোকপাত কৰাৰ  বাবে আৰু ভাৰত তথা  ট্ৰিনিদাদ আৰু ট’বাগোৰ মাজৰ সম্পৰ্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁৰ ব্যতিক্ৰমী অৱদানৰ বাবে এই বঁটা প্ৰদান কৰা হয়। প্ৰধানমন্ত্ৰী মোদীয়েই  হৈছে এই বঁটা লাভ কৰা প্ৰথমজন বিদেশী ৰাষ্ট্ৰনেতা।

 

ভাৰতৰ ১৪ কোটি জনসাধাৰণৰ হৈ এই বঁটা গ্ৰহণ কৰি প্ৰধানমন্ত্ৰীয়ে দুয়োখন দেশৰ মাজত থকা বন্ধুত্বৰ চিৰস্থায়ী বান্ধোনৰ প্ৰতি এই সন্মান উৎসৰ্গা কৰে। তেওঁ এই বিষয়ত আলোকপাত কৰি কয় যে এই বিশেষ সম্পৰ্কসমূহ ১৮০ বছৰ পূৰ্বে দেশখনত উপস্থিত হোৱা ভাৰতীয়সকলে গঢ়ি তোলা  ইতিহাস আৰু সাংস্কৃতিক ঐতিহ্যৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠিছে। তেওঁ ভাৰত তথা ট্ৰিনিদাদ আৰু ট’বাগোৰ মাজত দ্বিপাক্ষিক অংশীদাৰিত্ব আৰু অধিক গভীৰ কৰাৰ প্ৰতিশ্ৰুতিৰ কথা  দৃঢ়তাৰে প্ৰকাশ  কৰে।

এই অনুষ্ঠানত ট্ৰিনিদাদ আৰু ট’বাগো গণৰাজ্যৰ প্ৰধানমন্ত্ৰী মহামহিম  শ্ৰীমতী কমলা পেৰছাদ-বিছেছাৰ, তেওঁৰ কেবিনেটৰ সদস্য, সংসদৰ সদস্য আৰু অন্যান্য গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে ।

 

 

***

MJPS/ST/DM