পি এম ইণ্ডিয়া
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি সূদীৰ্ঘ ১২৭ বছৰৰ ব্যৱধানৰ অন্তত ভগৱান বুদ্ধৰ পবিত্ৰ পিপ্ৰহোৱা অৱশিষ্ট ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰাটোক প্ৰশংসা কৰি দেশৰ চহকী সাংস্কৃতিক ঐতিহ্যৰ বাবে গৌৰৱ আৰু আনন্দৰ মুহূৰ্ত বুলি অভিহিত কৰে।
“বিকাশ ভী, বিৰাসত ভী”ৰ মনোভাৱ প্ৰতিফলিত কৰা এক বিবৃতিত প্ৰধানমন্ত্ৰীয়ে ভগৱান বুদ্ধৰ শিক্ষাৰ প্ৰতি ভাৰতৰ গভীৰ শ্ৰদ্ধা আৰু দেশৰ আধ্যাত্মিক আৰু ঐতিহাসিক ঐতিহ্য সংৰক্ষণৰ প্ৰতি অটল দায়বদ্ধতাক আলোকপাত কৰে।
এক্সৰ এটা থ্ৰেড পোষ্টত শ্ৰী মোদীয়ে লিখেঃ-
“আমাৰ সাংস্কৃতিক ঐতিহ্যৰ বাবে এক আনন্দৰ দিন!
১২৭ বছৰৰ দীঘলীয়া ব্যৱধানৰ অন্তত ভগৱান বুদ্ধৰ পবিত্ৰ পিপ্ৰহোৱা অৱশিষ্ট স্বদেশলৈ প্ৰত্যাৱৰ্তন কৰাত প্ৰতিজন ভাৰতীয়ই গৌৰৱ অনুভৱ কৰিব। এই পবিত্ৰ অৱশিষ্টসমূহে ভগৱান বুদ্ধৰ সৈতে ভাৰতৰ ঘনিষ্ঠ সম্পৰ্ক আৰু তেওঁৰ মহান শিক্ষাৰ প্ৰতিফলন ঘটায়। ই আমাৰ গৌৰৱময় সংস্কৃতিৰ বিভিন্ন দিশ সংৰক্ষণ আৰু সুৰক্ষাৰ প্ৰতি আমাৰ দায়বদ্ধতাও প্ৰতিফলিত কৰে। #VikasBhiVirasatBhi”
‘পিপ্ৰহৱাৰ অৱশিষ্ট ১৮৯৮ চনত আৱিষ্কাৰ হৈছিল যদিও ঔপনিৱেশিক কালত ভাৰতৰ বাহিৰলৈ লৈ যোৱা হৈছিল। যেতিয়া এই বছৰৰ আৰম্ভণিতে আন্তঃৰাষ্ট্ৰীয় নিলামত এইবোৰ প্ৰকাশ পাইছিল, তেতিয়া আমি এইবোৰ যাতে ঘৰলৈ ঘূৰাই পঠিওৱা হয়, তাৰ বাবে আমি কাম কৰিছিলো।
A joyous day for our cultural heritage!
It would make every Indian proud that the sacred Piprahwa relics of Bhagwan Buddha have come home after 127 long years. These sacred relics highlight India’s close association with Bhagwan Buddha and his noble teachings. It also… pic.twitter.com/RP8puMszbW
— Narendra Modi (@narendramodi) July 30, 2025
***
MJPS/SR/DB

It may be recalled that the Piprahwa relics were discovered in 1898 but were taken away from India during the colonial period. When they appeared in an international auction earlier this year, we worked to ensure they returned home. I appreciate all those who have been involved…
— Narendra Modi (@narendramodi) July 30, 2025