Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

২২ আগষ্টত প্ৰধানমন্ত্ৰীৰ বিহাৰ আৰু পশ্চিম বংগ ভ্ৰমণ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২২ আগষ্টত বিহাৰ আৰু পশ্চিমবংগ ভ্ৰমণ কৰিব। তেওঁ বিহাৰৰ গয়াত প্ৰায় ১১ বজাত প্ৰায় ১৩, ০০০ কোটি টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব আৰু প্ৰকল্প উদ্বোধন কৰিব। তেওঁ দুখন ৰেলৰো যাত্ৰা আনুষ্ঠানিকভাবে মুকলি কৰিব আৰু সমবেত ৰাইজক সম্বোধন কৰিব। তাৰ পছত তেওঁ গংগা নদী অণ্টাছিমাৰিয়া দলং প্ৰকল্প উদ্বোধন কৰিব।

প্ৰধানমন্ত্ৰীয়ে দিনৰ প্ৰায় ৪.১৫ বজাত কলকাতাৰ নতুনকৈ নিৰ্মাণ কৰি উলিওৱা খণ্ডত মেট্ৰৰেল সেৱা মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে যশোৰ ৰোড মেট্ৰ ষ্টেচনৰ পৰা জয় হিন্দ বিমান বন্দৰলৈ মেট্ৰৰেযাত্ৰা কৰিব আৰু উভতি আহিবইয়াৰ উপৰি তেওঁ কলকাতাত ৫, ২০০ কোটি টকাৰো অধিক ব্যয়সাপেক্ষ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব আৰু প্ৰকল্প মুকলি কৰিব। এই উপলক্ষে তেওঁ সমবেত ৰাইজকো সম্বোধন কৰিব।

 

বিহাৰত প্ৰধানমন্ত্ৰী

যোগাযোগ উন্নত কৰাৰ প্ৰতিশ্ৰুতিৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে ১,৮৭০ কোটি টকাৰ অধিক ব্যয়েৰে গংগা নদীৰ ১.৮৬ কিলোমিটাৰ দীঘল লেনৰ দলকে ধৰি ৰাষ্ট্ৰীয় ঘাইপথ-৩১ত নিৰ্মাণ কৰি উলিওৱা .১৫ কিলোমিটাৰ দীঘল অণ্টাছিমাৰিয়া দলং প্ৰকল্প উদ্বোধন কৰিব। ই পাটনাৰ মোকামা আৰু বেগুচৰাইৰ মাজত প্ৰত্যক্ষ সংযোগ প্ৰদান কৰিব।

এই দলংখন এখন পুৰণি দুৰ্বল ২ লেনযুক্ত ৰে আৰু পথ দলং ৰাজেন্দ্ৰ সেতুসমান্তৰালভাৱে নিৰ্মাণ কৰা হৈছে, যিখনৰ দুৰ্বল অৱস্থাৰ বাবে গধুৰ বাহন বিকল্প পথেৰে যাত্ৰা কৰিবলগীয়া হয়। নতুন দলখনে উত্তৰ বিহাৰ (বেগুচৰা, চুপাউল, মধুবনী, পুৰ্নীয়া আদি) আৰু দক্ষিণ বিহাৰৰ অঞ্চল (শেখপুৰা, নাৱাড়া, লখিচৰাআদি)ৰ মাজত চলা গধুৰ বাহনৰ বাবে ১০০ কিলোমিটাৰৰো অধিক দূৰত্ব হ্ৰাস কৰিব। ইয়াৰ ফলত অঞ্চলটোৰ আন অংশত যানজঁটৰ সমস্যা হ্ৰাস কৰাত সহায় হ

ইয়াৰ ফলত ওচৰপাজৰৰ অঞ্চলসমূহ অৰ্থনৈতিক বিকাশ বৃদ্ধি পাব বিশেষকৈ উত্তৰ বিহাৰত, যি প্ৰয়োজনীয় কেঁচা সামগ্ৰী লাভ কৰিবলৈ দক্ষিণ বিহাৰ আৰু ঝাৰখণ্ডৰ ওপৰত নিৰ্ভৰশীল। ই বিখ্যাত তীৰ্থস্থান ছিমাৰিয়া ধামলৈও উন্নত যোগাযোগ আগবঢ়াব, যি ঠাইত প্ৰয়াত খ্যাতনামা কবি শ্ৰী ৰামধাৰী সিং দিনকৰ জন্মস্থান।

প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১, ৯০০ কোটি টকা ব্যয়সাপেক্ষ ৰাষ্ট্ৰীয় ঘাইপথ৩১ বখতিয়াৰপুৰৰ পৰা মোকামা অংশলৈ চাৰি লেনযুক্ত অংশ উদ্বোধন কৰিব, যিয়ে যাতায়াতৰ সময় হ্ৰাস কৰিব আৰু যাত্ৰীৰ চলাচল আৰু সামগ্ৰীৰ সৰবৰাহ উন্নত কৰিব। ইয়াৰ উপৰি বিহাৰৰ ৰাষ্ট্ৰীয় ঘাইপথ১২০ বিক্ৰমগঞ্জদাৱৎনাৱানগৰডুমৰা অংশৰ দুই লেনৰ উন্নীতকৰণৰ জৰিয়তে গ্ৰামাঞ্চল যোগাযোগ উন্নত কৰিব, স্থানীয় লোকৰ বাবে নতুন আৰ্থিক সুযোগ প্ৰদান কৰিব।

বিহাৰত শক্তি খণ্ডৰ আন্তঃগাঁথনি শক্তিশালী কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰায় ৬,৮৮০ কোটি টকা ব্যয়সাপেক্ষ বক্সাৰ তাপ বিদ্যুৎ প্ৰকল্প (৬৬০x১ মেগাৱাট) উদ্বোধন কৰিব। ই শক্তি উৎপাদন ক্ষমতা যথেষ্ট বৃদ্ধি কৰিব, শক্তি সুৰক্ষা উন্নত কৰিব আৰু অঞ্চলটোৰ বৰ্ধিত বিদ্যুতৰ চাহিদা পূৰণ কৰিব।

স্বাস্থ্য আন্তঃগাঁথনিৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে প্ৰধানমন্ত্ৰীয়ে মুজাফফৰপুৰত হোমী ভাবা কৰ্কট চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰ উদ্বোধন কৰিব। কেন্দ্ৰটোত উন্নত অএনকজি অপিডি, আইপিডি ৱাৰ্ড, অস্ত্ৰোপচাৰ কক্ষ, আধুনিক পৰীক্ষাগাৰ, ব্লাড বেংক আৰু ২৪বিচনাযুক্ত আইচিইউ (ইনটেনচিভ কেয়াৰ ইউনিট) আৰু এইচডি (উচ্চ নিৰ্ভৰশীলতা ইউনিট)আছে। এই অত্যাধুনিক সুবিধাই বিহাৰ আৰু চুবুৰীয়া ৰাজ্যসমূহত ৰোগীসকলৰ উন্নত আৰু সুলভ কৰ্কট ৰোগৰ চিকিৎসা সেৱা প্ৰদান কৰিব, চিকিৎসাৰ বাবে দূৰৰ  চহৰলৈ যোৱাৰ প্ৰয়োজনীয়তা হ্ৰাস কৰিব।

স্বচ্ছ ভাৰত আৰু গংগা নদীৰ অবিৰল আৰু নিৰ্মল ধাৰা নিশ্চিত কৰাৰ বাবে তেওঁৰ দৃষ্টিভংগী প্ৰসাৰিত কৰি প্ৰধানমন্ত্ৰীয়ে ৫২০ কোটি টকাৰ অধিক ব্যয়সাপেক্ষ নমমী গংগৰ অধীনত নিৰ্মাণ কৰা মুংগেৰ আৱৰ্জনা নিস্কাসন প্ৰকল্প (এছটিপি) আৰু আৱৰ্জনা বৈ যোৱা নলা উদ্বোধন কৰিব। ই গংগা প্ৰদূষণ হ্ৰাস কৰাত সহায় কৰিব আৰু অঞ্চলটোত অনাময় সুবিধা উন্নত কৰাত সহায় কৰিব।

প্ৰধানমন্ত্ৰীয়ে প্ৰায় ১, ২৬০ কোটি টকাৰ এলানি নগৰীয়া আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলাও স্থাপন কৰিব। ইয়াৰ ভিতৰত আছে জাহানাবাদত ঔৰংগাবাদৰ দৌড়নগৰত এছটিপি আৰু আৱৰ্জনা নেটৱৰ্কলখিচৰাইৰ বাৰহিয়াত আৰু জামুইত এছটিপি তথা পৃথকীকৰণ আৰু গতি পৰিৱৰ্তনৰ কাম । অমৃত .০ৰ অধীনত তেওঁ ঔৰংগাবাদ, ুদ্ধগয়া আৰু জহানাবাদত পানী যোগান প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পসমূহে বিশুদ্ধ খোৱা পানী, আধুনিক আৱৰ্জনা প্ৰণালী আৰু অনাময় উন্নত কৰিব যাৰ ফলত অঞ্চলটোত স্বাস্থ্য আৰু জীৱনৰ মান উন্নত কৰিব

অঞ্চলটোত ৰেল যোগাযোগ বৃদ্ধি উন্নত কৰি প্ৰধানমন্ত্ৰীয়ে দুখন ৰেলৰ ফ্লেগ অফ কৰিব। গয়া আৰু দিল্লীৰ মাজত অমৃত ভাৰত এক্সপ্ৰেছে যাত্ৰীক আধুনিক সাসুবিধা আৰু উন্নত সুৰক্ষা প্ৰদান কৰিববৈশালী আৰু কোডৰমাৰ মাজত বৌদ্ধ চাৰ্কিট ট্ৰেইনে অঞ্চলটোৰ প্ৰধান বৌদ্ধ স্থলসমূহত পৰ্যটন আৰু ধৰ্মীয় যাত্ৰাৰ সুবিধা বৃদ্ধি কৰিব।

পিএমএৱাইগ্ৰামীনৰ অধীনত ১২, ০০০ গ্ৰামীণ হিতাধিকাৰী গৃহ প্ৰৱেশ অনুষ্ঠান আৰু পিএমএৱাইচহৰৰ অধীনত , ২৬০ হিতাধিকাৰীক চাবি সমূহ প্ৰদান কৰাৰ প্ৰতীকী অনুষ্ঠানো অনুষ্ঠিত হব।

 

পশ্চিমবংগত প্ৰধানমন্ত্ৰী

বিশ্ব মানৰ আন্তঃগাঁথনি আৰু উন্নত নগৰ সংযোগৰ প্ৰতি তেওঁৰ অংগীকাৰৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীয়ে কলকাতাত মেট্ৰ ৰেল প্ৰকল্প উদ্বোধন কৰিব। নতুনকৈ নিৰ্মাণ কৰি উলিওৱা ১৩.৬১ কিলোমিটাৰ দীঘল মেট্ৰ নেটৱৰ্ক উদ্বোধন কৰা হব আৰু এই অংশত মেট্ৰ সেৱা আৰম্ভ হব। তেওঁ যশোৰ ৰোড মেট্ৰ ষ্টেচন পৰিদৰ্শন কৰিব, ত তেওঁ যশোৰ ৰোডৰ পৰা নোৱাপাৰাজয় হিন্দ বিম বন্দৰ মেট্ৰ সেৱা মুকলি কৰিব। ভিডিঅকনফাৰেন্সিঙৰ জৰিয়তে তেওঁ শিয়ালদহএছপ্লানেড মেট্ৰসেৱা আৰু বেলঘাটাহেমন্ত মুখোপাধ্যায় মেট্ৰসেৱা মুকলি কৰিব। তেওঁ যশোৰ ৰোড মেট্ৰ ষ্টেচনৰ পৰা জয় হিন্দ বিমান বন্দৰলৈ মেট্ৰৰে যাত্ৰা কৰিব।

ৰাজহুৱা অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে এই মেট্ৰ খণ্ড আৰু হাওৰা মেট্ৰষ্টেচনত নতুনকৈ নিৰ্মাণ কৰা উপপথ উদ্বোধন কৰিব। নোৱাপাৰাজয় হিন্দ বিমান বন্দৰ মেট্ৰ সেৱা বিমান বন্দৰলৈ যোগাযোগ যথেষ্ট উন্নত কৰিব। শিয়ালদহএছপ্লানেড মেট্ৰই প্ৰায় ৪০ মিনিটৰ পৰা ১১ মিনিটলৈকে ভ্ৰমণৰ সময় হ্ৰাস কৰিব। বেলঘাটাহেমন্ত মুখোপাধ্যায় মেট্ৰ খণ্ডই এই দুই ঠাইৰ সৈতে সংযোগ বৃদ্ধি কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। এই মেট্ৰপথসমূহে কলকাতাৰ ব্যস্ততম অঞ্চলৰ সংযোগ উন্নত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব, ভ্ৰমণৰ সময়ত উল্লেখযোগ্য হ্ৰাস কৰিব, আৰু মাল্টিমডেল কানেক্টিভিটি শক্তিশালী কৰিব, যাৰ ফলত লাখ লাখ দৈনিক যাতায়কাৰী উপকৃত হব।

অঞ্চলটোত পথ আন্তঃগাঁথনি বৃদ্ধিৰ বাবে প্ৰধানমন্ত্ৰীয়ে ১, ২০০ কোটি টকাৰো অধিক ব্যয়ৰ.২ কিলোমিটাৰ দীঘল ছয় লেনযুক্ত কোনা এক্সপ্ৰেছৱে আধাৰশিলা স্থাপন কৰিব। ই হাওৰা, চৌপাশৰ গ্ৰাম্য অঞ্চল আৰু কলকাতাৰ মাজত যোগাযোগ বৃদ্ধি কৰিব, ভ্ৰমণৰ সময় ৰাহি কৰিব আৰু অঞ্চলটোত বাণিজ্য, বেহা-বেপাৰ আৰু পৰ্যটনৰ যথেষ্ট বৃদ্ধি কৰিব।

*****

MJPS/ST/HS