পি এম ইণ্ডিয়া
আজি প্ৰধানমন্ত্ৰী কলম্বোস্থিত ৰাষ্ট্ৰপতি সচিবালয়ত শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি মহামহিম অনুৰা কুমাৰ দিশানায়কেৰ সৈতে এখনি ফলপ্ৰসূ বৈঠকত মিলিত হয়। আলোচনাৰ পূৰ্বে প্ৰধানমন্ত্ৰীক ইণ্ডিপেণ্ডেনচ স্কুৱেৰত আনুষ্ঠানিকভাৱে আদৰণি জনোৱা হয়। ২০২৪ৰ ছেপ্টেম্বৰত ৰাষ্ট্ৰপতি দিশানায়কেয়ে কাৰ্য্যভাৰ গ্ৰহণৰ পিছত শ্ৰীলংকা ভ্ৰমণ কৰা প্ৰথমগৰাকী বিদেশী নেতা হিচাপে প্ৰধানমন্ত্ৰী পৰিগণিত হয়।
2. দুয়োগৰাকী নেতাই সহভাজিত ইতিহাসৰে বদ্ধমূল আৰু জনসাধাৰণৰ মাজৰ গভীৰ সংযোগৰ দ্বাৰা পৰিচালিত বিশেষ আৰু ঘনিষ্ঠ দ্বিপাক্ষিক সম্পৰ্কক অধিক গভীৰ কৰা সন্দৰ্ভত প্ৰতিনিধি পৰ্য্যায়ৰ আৰ্হিত বিশদ আলোচনা কৰে। তেওঁলোকে যোগাযোগ, উন্নয়ন সহযোগিতা, অৰ্থনৈতিক সম্পৰ্ক, প্ৰতিৰক্ষা সম্পৰ্ক আৰু মাছমৰীয়াসকলৰ ক্ষেত্ৰত সহযোগিতাৰ পৰ্য্যালোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে ভাৰতৰ চুবুৰীয়া প্ৰথম নীতি আৰু মহাসাগৰ দৃষ্টিত শ্ৰীলংকাৰ গুৰুত্বৰ কথা পুনৰবাৰ উল্লেখ কৰে। তেখেতে শ্ৰীলংকাৰ অৰ্থনৈতিক পুনৰুদ্ধাৰ আৰু সুস্থিৰতাত সহায়ৰ বাবে ভাৰতৰ অবিৰত অংগীকাৰৰ কথা কয়।
3. আলোচনাৰ অন্তত দুয়োগৰাকী নেতাই ভাৰ্চুৱেল মাধ্যমেৰে কেইবাটাও প্ৰকল্প উদ্বোধন কৰে। ইয়াৰ ভিতৰত আছে সমগ্ৰ শ্ৰীলংকাৰ ধৰ্মীয় স্থানত স্থাপন কৰা ৫০০০ টা ছ’লাৰ ৰুফটপ ইউনিট আৰু ডাম্বুল্লাত তাপমান-নিয়ন্ত্ৰিত গুদামৰ সুবিধা। ১২০ মেগাৱাট শক্তি সম্পন্ন সম্পুৰ সৌৰশক্তি প্ৰকল্পৰ আৰম্ভণিৰ ভূমি পূজন অনুষ্ঠানতো তেওঁলোকে ভাৰ্চুৱেল মাধ্যমেৰে অংশগ্ৰহণ কৰে।
4. দুয়োগৰাকী নেতাই পূব প্ৰভিন্সত শক্তি, ডিজিটাইজেচন, প্ৰতিৰক্ষা, স্বাস্থ্য আৰু বহু-খণ্ডীয় সাহায্যৰ ক্ষেত্ৰত সাত বুজাবুজিৰ চুক্তিৰ (MoU) আদান-প্ৰদান অনুষ্ঠানত ভাগ লয়। প্ৰধানমন্ত্ৰীয়ে তৃণকোমালীৰ তিৰুকনেশ্বৰম মন্দিৰ, অনুৰাধাপুৰাৰ পবিত্ৰ নগৰ প্ৰকল্প আৰু নুৱাৰা এলিয়াৰ সীতা এলিয়া মন্দিৰ কমপ্লেক্সৰ উন্নয়নৰ বাবে সমৰ্থন আগবঢ়োৱাৰ কথা ঘোষণা কৰে। সামৰ্থ্য বিকাশ আৰু অৰ্থনৈতিক সহায়ৰ ক্ষেত্ৰত বছৰি অতিৰিক্ত ৭০০ শ্ৰীলংকাৰ নাগৰিকক প্ৰশিক্ষণ প্ৰদানৰ বাবে এক বিস্তৃত পেকেজ আৰু ঋণ পুনৰ্গঠনৰ অৰ্থে দ্বিপাক্ষিক সংশোধনী চুক্তি সমাপ্ত কৰাৰ কথাও ঘোষণা কৰা হয়। দুয়োখন দেশৰ সহভাজিত বৌদ্ধ ঐতিহ্যৰে সংগতি ৰাখি বুদ্ধ পূৰ্ণিমাত গুজৰাটৰ পৰা ভগৱান বুদ্ধৰ পবিত্ৰ অৱশেষ শ্ৰীলংকালৈ নিয়া হ’ব বুলি প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰে।
*********
MJPS/SR/SKS/SB
Substantial ground has been covered since President Dissanayake visited India, particularly in sectors like energy, solar power, technology and more. In our talks today, we discussed ways to add more momentum to linkages in security, trade, agriculture, housing, culture and other… pic.twitter.com/tPembAxu8B
— Narendra Modi (@narendramodi) April 5, 2025
Held extensive and productive talks with President Anura Kumara Dissanayake in Colombo. A few months ago, President Dissanayake chose India as the place for his first overseas visit after becoming President. Now, I have the honour of being the first foreign leader he is hosting… pic.twitter.com/dQnGZVcClW
— Narendra Modi (@narendramodi) April 5, 2025
PM @narendramodi held fruitful talks with President @anuradisanayake in Colombo. The two leaders reviewed the full spectrum of India-Sri Lanka bilateral relations and explored avenues to deepen cooperation in sectors like energy, solar power, digital technology, trade,… pic.twitter.com/4sNtCSTvxr
— PMO India (@PMOIndia) April 5, 2025