Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

‘মিছন স্কট’ৰ সাফল্যত ভাৰতীয় মহাকাশ ষ্টাৰ্টআপ ‘দিগন্তৰা’ক প্ৰশংসা কৰে প্ৰধানমন্ত্ৰীয়ে


 

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘মিছন স্কট’ৰ সাফল্যত ভাৰতীয় মহাকাশ ষ্টাৰ্টআপ ‘দিগন্তৰা’ক প্ৰশংসা কৰে। তেওঁ মন্তব্য কৰে যে মহাকাশ পৰিস্থিতি সম্পৰ্কীয় সজাগতা বৃদ্ধিৰ দিশত এয়া হৈছে বৰ্ধিত ভাৰতীয় মহাকাশ উদ্যোগৰ এক গুৰুত্বপূৰ্ণ অৱদান।

‘দিগন্তৰা’ই ‘এক্স’-ত কৰা এটা ‘পোষ্ট’ৰ সঁহাৰি জনাই শ্ৰী মোদীয়ে লিখিছে:

“মিছন স্কট’ৰ সাফল্যত ভাৰতীয় মহাকাশ ষ্টাৰ্টআপ @Digantarahq ক প্ৰশংসা কৰিছোঁ। মহাকাশ পৰিস্থিতি সম্পৰ্কীয় সজাগতা বৃদ্ধিৰ ক্ষেত্ৰত বৰ্ধিত ভাৰতীয় মহাকাশ উদ্যোগৰ এয়া হৈছে এক গুৰুত্বপূৰ্ণ অৱদান।”

 

 

***

MJPS/SR/KB