Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

এছিয়ান পেৰা গেমছত পুৰুষৰ শ্বটপুটত ৰূপৰ পদক জয়ৰ বাবে ছোমন ৰাণাক অভিনন্দন প্ৰধানমন্ত্ৰীৰ


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি হাংঝৌ এছিয়ান পেৰা গেমছৰ পুৰুষৰ শ্বটপুটৰ এফ-৫৬/৫৭ শাখাত ৰূপৰ পদক জয়ৰ বাবে ছোমন ৰাণাক অভিনন্দন জ্ঞাপন কৰিছে৷ 

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“এছিয়ান পেৰা গেমছৰ পুৰুষৰ শ্বটপুটৰ এফ-৫৬/৫৭ শাখাত উৎকৃষ্ট প্ৰদৰ্শনেৰে ছোমন ৰাণাৰ ৰূপৰ পদক অৰ্জনে আমাক অধিক উদযাপনৰ সুযোগ দিলে৷ তেওঁক অভিনন্দন জনাইছো৷”

***

DS/RT/DB