Search

পি এম ইণ্ডিয়াপি এম ইণ্ডিয়া

বাতৰি সংযোজন

বিষয়বস্তু পি আই বিৰ পৰা স্বয়ংক্ৰিয় ভাৱে সংগৃহীত

পুনেৰ সাংসদ শ্ৰী গিৰীশ বাপতৰ মৃত্যুত প্ৰধানমন্ত্ৰীয়ে শোক প্ৰকাশ কৰে


প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে পুনেৰ সাংসদ শ্ৰী গিৰীশ বাপতৰ মৃত্যুত শোক প্ৰকাশ কৰিছে৷

এলানি টুইটযোগে প্ৰধানমন্ত্ৰীয়ে কয়;

“শ্ৰী গিৰীশ বাপতজী এজন নম্ৰ আৰু পৰিশ্ৰমী নেতা আছিল যিয়ে সমাজক নিষ্ঠাৰে সেৱা আগবঢ়াইছিল। তেওঁ মহাৰাষ্ট্ৰৰ বিকাশৰ বাবে ব্যাপকভাৱে কাম কৰিছিল আৰু পুনেৰ বিকাশৰ প্ৰতি বিশেষভাৱে উৎসাহী আছিল। তেওঁৰ মৃত্যুৰ খবৰ দুখজনক। তেওঁৰ পৰিয়াল আৰু সমৰ্থকসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰিছো। ঔম শান্তি”

“মহাৰাষ্ট্ৰত বিজেপিৰ ভেটি গঢ়ি তোলা আৰু শক্তিশালী কৰাৰ ক্ষেত্ৰত শ্ৰী গিৰীশ বাপতজীয়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ এনে এজন বিধায়ক আছিল যিয়ে জনকল্যাণৰ বিষয়বোৰ উত্থাপন কৰিছিল। তেওঁ এজনমন্ত্ৰী আৰু পিছত পুনেৰ সাংসদ হিচাপেও এক প্ৰভাৱ পেলাইছিল। তেওঁৰ ভাল কামে বহুতো লোকক অনুপ্ৰাণিত কৰি থাকিব।”

***

DS/TS/MM